ETV Bharat / state

Safai Karmi Protest: বৰষুণত তিতি বুৰি চাফাই কৰ্মীৰ চচলত আমৰণ অনশন কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 9:14 PM IST

চাফাই কৰ্মীৰ প্ৰতিবাদত উত্তাল চচল । ভাগৱত পাঠ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাফাই কৰ্মীসকলে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবাদস্থলীলৈ আহি চাফাই কৰ্মীসকলৰ দাবীৰ বুজ ল'বলৈ আহ্বান জনাই চাফাই কৰ্মীসকলে ।

Safai Karmi Protest in Chachal
বৰষুণত তিতি বুৰি চাফাই কৰ্মীৰ প্ৰতিবাদ

বৰষুণত তিতি বুৰি চাফাই কৰ্মীৰ প্ৰতিবাদ

গুৱাহাটী,১৯ ছেপ্টেম্বৰ: ন্যায্য প্ৰাপ্তিৰ দাবীত কঁপি উঠিল চচল । প্ৰতিকূল বতৰকো নেওচি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । নৱম দিনাও কিনকিনিয়া বৰষুণত তিতি তিতি প্ৰতিবাদ সাব্যস্ত কৰে চাফাই কৰ্মীসকলে । চাফাই কৰ্মীয়ে ন্যায্য প্ৰাপ্তিৰ দাবীত অব্যাহত ৰাখিছে আমৰণ অনশন কাৰ্যসূচী । কিন্তু লক্ষণীয় কথা এই যে ১,৩২৪ গৰাকী চাফাই কৰ্মীক চৰকাৰী বিভাগত পুনৰ নিযুক্তিৰ দাবীত কৰি অহা আন্দোলনক এই পৰ্যন্ত চৰকাৰে দিয়া নাই কোনো ধৰনৰ সঁহাৰি ।

যাৰ ফলত বৰষুণত তিতি বুৰি হ'লেও, চৰকাৰে বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ পিচতো অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী । অনশন কৰি একপ্ৰকাৰ ভাগৰি পৰা চাফাই কৰ্মীসকলৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান, "মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ফালে অন্তত এবাৰ চকু মেলি চাওক, এবাৰ আমাৰ প্ৰতিবাদস্থলীলৈ আহি আমাৰ চাফাই কৰ্মীসকলৰ মৰ্ম বেদনা উপলব্ধি কৰক ।"

উল্লেখ্য যে ক'ভিদকালীন সময়চোৱাত নিজৰ জীৱনকো তুচ্ছ কৰি হস্পিতালসমূহত চাফাই কৰ্মী হিচাপে নিয়োজিত হৈ আছিল ১,৩২৪ গৰাকী চাফাই কৰ্মী । কিন্তু ক'ভিদ পৰিস্থিতিৰ শাম কটাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত দিয়া প্ৰতিশ্ৰুতি পাহৰি চাফাই কৰ্মীসকলক চৰকাৰে চাকৰিৰ পৰা বিতাৰণ কৰাত এতিয়া এইসকল লোকৰ পৰিয়ালত পানীত হাঁহ নচৰা অবস্থাৰ সৃষ্টি হৈছে ।

সেয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি চৰকাৰী বিভাগত পুনৰ নিযুক্তিৰ দাবী তুলি চচলত মঙলবাৰে নৱম দিনাও অব্যাহত ৰাখে অনশন কাৰ্যসূচী । প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবী মানি নল'লে অনশন কাৰ্যসূচী অনিৰ্দ্দিষ্ট কাললৈ অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক: MLA Terosh Gowalla: চাহ শ্ৰমিকক দৰমহাসহ কৰম পূজা বন্ধ দিবলৈ আহ্বান বিধায়ক তেৰছ গোৱালাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.