World Road Safety Week 2023:সুৰক্ষিত যাতায়াত ব্যৱস্থাৰ দাবীৰে পৰিবহণ মন্ত্ৰীলৈ পত্ৰ ছাত্র সমাজৰ

author img

By

Published : May 24, 2023, 1:42 PM IST

Road safety awareness programme

গুৱাহাটীৰ বহু বিদ্যালয়ৰ কাষত নাই উপযুক্ত ফুটপাথ আৰু জেব্ৰা ক্ৰছিঙৰ ব্যৱস্থা । অধিকাংশ বিদ্যালয়ৰ কাষত নাই যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ ব্যৱস্থা (Consumers Legal Protection Forum awareness)। ছাত্র-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনালে কনজিউমাৰ্ছ লিগেল প্ৰটেকশ্যন ফ'ৰামে ।

গুৱাহাটী, ২৪ মে': ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষিত পথৰ ব্যৱস্থা কৰিবলৈ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক আহ্বান জনাইছে ৰাজ্যৰ ছাত্র সমাজে (Transport Minister urged to provide safe roads)। ছাত্ৰ-ছাত্ৰীসকলে যাতে নিৰাপদে চাইকেল চলাই,খোজ কাঢ়ি নিজ নিজ শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰিব পাৰে সেইটো নিশ্চিত কৰিবলৈ ছাত্ৰ-সমাজে পৰিবহণ মন্ত্ৰীক আহ্বান জনায় (Road safety awareness programme)।

ৰাষ্ট্ৰসংঘৰ বিশ্ব পথ সুৰক্ষা সপ্তাহৰ (১৫ মে' পৰা ২১ মে'লৈ) লগত সংগতি ৰাখি কনজিউমাৰ্ছ লিগেল প্ৰটেকশ্যন ফ'ৰাম , কনজিউমাৰ ভয়েচ-নতুন দিল্লী আৰু সেউজ অসমৰ সহযোগত চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে স্বাক্ষৰ কৰা এই আহ্বান সম্বলিত এক পত্ৰ মঙলবাৰে পৰিবহণ মন্ত্ৰী শুক্লবৈদ্যলৈ প্ৰেৰণ কৰা হয় (UN World Road Safety Week)। এই পত্ৰযোগে গুৱাহাটীৰ শিক্ষানুষ্ঠানৰ কাষত থকা পথত ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈ দাবী জনোৱা হয় ।

ইয়াৰ পূৰ্বে বিশ্ব পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি গুৱাহাটীৰ তাৰিণী চৌধুৰী চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সাতগাঁও উচ্চ বিদ্যালয়ৰ প্ৰায় চাৰি শতাধিক ছাত্র-ছাত্ৰীৰ দ্বাৰা এক সমদল উলিয়াওৱা হয়। 'বিদ্যালয়ৰ ওচৰত বাহনৰ গতি বেগ নিয়ন্ত্ৰণ কৰক', 'আপোনাৰ বাহনৰ গতিবেগ আমাৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ', 'বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰি আমাৰ ভবিষ্যত সুৰক্ষিত কৰক', 'বিদ্যালয়ৰ ওচৰত দ্বায়িত্ব সহকাৰে বাহন চলাওক', 'ছাত্র-ছাত্ৰীৰ বাবে পথ সুৰক্ষিত কৰি তোলক' আদি শ্ল'গান লিখা প্লেকাৰ্ড হাতে হাতে লৈ ছাত্ৰ-ছাত্ৰী সকলে সমদলত অংশগ্ৰহণ কৰে (Consumers Legal Protection Forum)।

পৰিবহণ মন্ত্ৰী শুক্লবৈদ্যলৈ প্ৰেৰণ কৰা পত্ৰখনত ছাত্র সমাজে কয় যে, বিদ্যালয় পূর্ণ গতিত চলি থকা সময়ত বিদ্যালয়ৰ দাঁতি কাষৰীয়া বাট পথত সৃষ্টি হোৱা ভয়াবহ যান-জঁটে ছাত্র-ছাত্ৰীৰ জীৱনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে । এনে যান-জঁটে দুৰ্ঘটনাৰ আশংকা বহু পৰিমাণে বৃদ্ধি কৰে । গুৱাহাটীৰ বহু বিদ্যালয়ৰ কাষত উপযুক্ত ফুটপাথ আৰু জেব্ৰা ক্ৰছিঙৰ ব্যৱস্থা নাই । ফলত বাধ্যহৈ মূল পথেদি খোজ কাঢ়ি বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে ছাত্ৰ-ছাত্ৰী সকলে ।

আন্তঃগাঁথনিৰ এনে অভাৱৰ ফলত ছাত্র-ছাত্ৰীসকলে পথত চলাচল কৰি থকা যান -বাহনৰ পৰা যিকোনো মুহূৰ্তত বিপদত পৰাৰ আশংকা থাকে । গুৱাহাটীৰ অধিকাংশ বিদ্যালয়ৰ কাষত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ ব্যৱস্থা নাই । ফলত দুৰ্ঘটনাৰ আশংকা অধিক বৃদ্ধি হৈছে । বিদ্যালয়লৈ অহা যোৱাৰ সময়ত ব্যস্ত বাট-পথ পাৰ হোৱাত সহায় কৰিব পৰাকৈ ট্ৰেফিক সহায়কাৰীৰ ব্যৱস্থা থাকিলে দুৰ্ঘটনাৰ আশংকা হ্ৰাস পোৱাৰ লগতে ছাত্র-ছাত্ৰী সকলে নিৰাপদে পথ পাৰা-পাৰ হ’ব পাৰে ।

কনজিউমাৰ্ছ লিগেল প্ৰটেকশ্যন ফ'ৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই শিক্ষানুষ্ঠানৰ কাষৰ পথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ কাৰণে উন্নত মানৰ গতিৰোধক, ছাত্ৰ-ছাত্ৰীয়ে যাতে নিৰাপদে বিদ্যালয়লৈ খোজ কাঢ়ি অহা-যোৱা কৰিব পাৰে বা পথ পাৰা-পাৰ হ'ব পাৰে তাৰ বাবে উপযুক্ত পদপথ আৰু জেব্ৰা ক্ৰছিং, যান-বাহন নিয়ন্ত্ৰনৰ বাবে শিক্ষানুষ্ঠানৰ সন্মুখত উপযুক্ত ট্ৰেফিক ছিগনেল আৰু সাংকেতিক চিহ্নযুক্ত স্থায়ী চাইনবোৰ্ডৰ ব্যৱস্থা কৰি ছাত্র-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:Cowherd protest: অহা 25 মে’ত উপাযুক্তৰ সৈতে আলোচনাত মিলিত হ’ব গো-পালকসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.