জোনাই, 23 মে’: মঙলবাৰে জোনাইত গো-পালকসকলৰ আন্দোলন সাময়িক বাবে স্থগিত ৰখা হৈছে (Cowherd protest at Jonai) ৷ সোমবাৰে মুনমুনি মাজিআলি চাপৰিত গো-পালকসকলে হাজাৰ হাজাৰ গৰু ম'হ লৈ জোনাই মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে ৰাওনা হৈছিল ৷ জোনাইৰ এই গো-পালকসকলে নিজৰ নিজৰ গৰু-ম'হ লৈ পদযাত্ৰা কৰি জোনাইৰ মহকুমা প্ৰশাসনক গৰু-ম'হবোৰ চমজাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল (Jonai Land Dispute) ৷ পদযাত্ৰাৰ ২০ কিলোমিটাৰ অতিক্ৰম কৰি আজি জোনাই সদৰৰ পৰা তিনি কিলোমিটাৰ আতঁৰৰ ৰায়ং নদীৰ কাষৰ এক পথাৰত অৱস্থান লয় গো-পালকসকলে ৷
উক্ত স্থানতে গো-পালকসকলক জোনাই মহকুমা প্ৰশাসনে বাধা দিবলৈ আৰক্ষীৰ এক বিশাল দল লৈ পথাৰখনত উপস্থিত হয় ৷ সেই ঠাইতে স্থানীয় সংগঠন টিএমপিকেৰ সৈতে এক আলোচনাত মিলিত হয় গো-পালকসকল (Cowherd protest continued at Jonai) ৷ এই আলোচনা মৰ্মে পূৰ্বে নিৰ্ধাৰণ কৰি থোৱা অনুসৰি 25 মে’ত ধেমাজি জিলাৰ উপায়ুক্তৰ লগতে জোনাই মহকুমা প্ৰশাসনৰ সৈতে গো-পালকসকলে আলোচনাত মিলিত হোৱাত সন্মতি প্ৰকাশ কৰে (Cow herders will held meeting with DC) ৷
অৱশ্যে আগন্তুক 25 মে’লৈকে গো-পালকসকলে নিজৰ নিজৰ গৰু-ম’হবোৰ লৈ বৰ্তমান অৱস্থান কৰি থকা ৰায়াং পথাৰতে অৱস্থান কৰি থাকিব বুলি জানিবলৈ দিয়ে ৷ 25 মে’ৰ আলোচনাত যদিহে কোনো উচিত সমাধান দিব নোলায় তেনেহলে গো-পালকসকলে অৱস্থান কৰি থকা স্থানৰ পৰা গৰু- ম’হসমূহ লৈ পুনৰ জোনাই সদৰৰ দিশে যাত্ৰ আৰম্ভ কৰিব বুলি হুংকাৰ দিয়ে ৷
উল্লেখ্য যে, যোৱা 19 মে’ৰ পৰা জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত মুনমুনি মাজিআলি চাপৰিত গো-পালক আৰু খেতিয়কৰ মাজত ভূমি বিবাদক লৈ সংঘাত অব্যাহত আছে (Land Conflict in Jonai) । ইয়াৰ পিচৰে পৰা কেবা শতাধিক গৰু-ম’হ লৈ গো-পালকসকলে আন্দোলন অব্যাহত ৰাখিছিল ৷ গো-পালকৰ প্ৰতিবাদ ৰোধিবলৈ জোনাইত সোমবাৰৰ পৰা 144 ধাৰা জাৰি কৰা হৈছিল ৷ সোমবাৰে পুৱাৰে পৰা অঞ্চলটোত সষ্টম হৈ আছে আৰক্ষী ৷
লগতে পঢ়ক: Anganwadi workers protest : বেলতলাত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদ