ETV Bharat / state

বিধানসভাৰ পৰিবহন বিভাগৰ ষ্টেণ্ডিং কমিটীৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য

author img

By

Published : Sep 12, 2021, 6:03 PM IST

ৰাজ্য চৰকাৰৰ বিয়াগোম পৰিবহন বিভাগটো যে চৰম অৰাজকতাৰে চলি আহিছে তথা নীতি-নিয়ম বুলিবলৈ একোৱেই নাই সেই কথা এমাহ পূর্বেই বিধানসভাৰ পৰিবহন বিভাগৰ ষ্টেণ্ডিং কমিটীয়ে উদঙাই দিছে । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ছোৱাত বিধায়ক গোবিন্দ বসুমতাৰীক অধ্যক্ষ হিচাপে লৈ গঠিত ষ্টেণ্ডিং কমিটীয়ে সদনত দাখিল কৰা প্রতিবেদনত অতি স্পষ্টভাৱে চৰকাৰৰ অনুমতি অবিহনে ৰাজ্যখনত আভ্যন্তৰীণ জল পৰিবহনৰ পাৰঘাট চলি থকাৰ কথা উল্লেখ কৰিছিল । সবিশেষ জানো আহক ৷

report-of-the-standing-committee-on-transport-of-the-legislative-assembly
বিধানসভাৰ পৰিবহণ বিভাগৰ ষ্টেণ্ডিং কমিটীৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য

গুৱাহাটী, ১২ ছেপ্তেম্বৰ : যোৰহাটৰ নিমাতীঘাটত সংঘটিত ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ পিছৰ পৰাই বিয়াগোম আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কাম-কাজক লৈ প্রশ্ন উঠিছে । অৱশ্যে ৰাজ্য চৰকাৰৰ এই বিয়াগোম বিভাগটো যে চৰম অৰাজকতাৰে চলি আহিছে তথা নীতি-নিয়ম বুলিবলৈ একোৱেই নাই সেই কথা এমাহ পূর্বেই বিধানসভাৰ পৰিবহন বিভাগৰ ষ্টেণ্ডিং কমিটীয়ে উদঙাই দিছে ।

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ছোৱাত বিধায়ক গোবিন্দ বসুমতাৰীক অধ্যক্ষ হিচাপে লৈ গঠিত ষ্টেণ্ডিং কমিটীয়ে সদনত দাখিল কৰা প্রতিবেদনত অতি স্পষ্টভাৱে চৰকাৰৰ অনুমতি অবিহনে ৰাজ্যখনত আভ্যন্তৰীণ জলপৰিবহনৰ পাৰঘাট চলি থকাৰ কথা উল্লেখ কৰে । এইক্ষেত্রত বৰঘোলা-কাঁহিবাৰী, বৰঘোলা-তিলপুখুৰী পাৰঘাট চৰকাৰৰ অনুমতি অবিহনে চলি থকাৰ বিষয়েও বিভাগক আঙুলিয়াই দিছিল কমিটিখনে ।

চৰকাৰৰ অনুমতি অবিহনে ৰাজ্যখনত পাৰঘাট চলি থকাৰ বিষয়ে খোদ বিধানসভাৰ ষ্টেণ্ডিং কমিটীয়ে সদনক অৱগত কৰা কার্যই আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অন্তঃসাৰ শূন্যতাকেই উদঙাই দিছে । তদুপৰি জনসাধাৰণৰ নিৰাপদ যাতায়াতৰ স্বার্থত প্রয়োজনীয় স্থানত ব্রহ্মপুত্রৰ দুয়োপাৰে ফেৰী সেৱা প্রৱর্তন কৰিবলৈও ষ্টেণ্ডিং কমিটীয়ে বিভাগক পৰামর্শ দিছিল ।

আনহাতে, আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ আধুনিকীকৰণ যে কাগজৰ পাততেই সীমাৱদ্ধ হৈ আছে সেই কথাও ষ্টেণ্ডিং কমিটীৰ প্রতিবেদনখনৰ পৰাই স্পষ্ট হয় । উল্লেখ্য যে, ষ্টেণ্ডিং কমিটীৰ সৈতে হোৱা আলোচনাত বিভাগে উল্লেখ কৰা অনুসৰি বতৰৰ আগজাননী, নদীৰ পানীৰ গভীৰতা, নদীপথৰ নির্দেশনা, নাৱৰীয়াসকলক জি পি এছ ব্যৱস্থা দিয়াৰ বাবে ৰিভাৰ ইনফর্মেচন ছিষ্টেম (আৰ আই এছ) ব্যৱস্থা প্রৱর্তনৰ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰিছিল ।

সেইদৰে বর্তমান চলি থকা ১,০০০ ব্যক্তিগত নাৱত জীৱন ৰক্ষাৰ সঁজুলিসহ মেৰিন ইঞ্জিন সংস্থাপিত কৰাৰো ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছিল ৷ কিন্তু নিমাতীঘাটত সংঘটিত হোৱা দুর্ঘটনাই বিভাগটোৰ এনে আধুনিকীকৰণ যে কার্যতঃ কাগজৰ পাততে সীমাবদ্ধ পদক্ষেপ আছিল সেই কথা জল-জল পট-পটকৈ ওলাই পৰিছে । বিভাগীয় সূত্রত প্ৰকাশ যে আজিলৈকে ১,০০০ খন নাৱত প্রস্তাৱিত মেৰিন ইঞ্জিন সংযোজন কৰা নহ'ল ।

ইপিনে ২০১৮ চনত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ব্রহ্মপুত্রৰ বুকুত ভয়ংকৰ নাও দুর্ঘটনা সংঘটিত হোৱাৰ পিছতেই বিভাগটোৱে জীৱন দিঙা নামৰ অভিলাষী আঁচনি এখন গ্রহণ কৰিছিল । দেশীয় নাওসমূহৰ পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ লগতে যাত্রীৰ সুৰক্ষাৰ বাবে মেৰিন ইঞ্জিনৰ ব্যৱস্থা কৰাৰ লগতে বহু অভিলাষী পদক্ষেপৰ কথা কোৱা হৈছিল । কিন্তু সেয়াও ফুটুকাৰ ফেনত পৰিণত হ'ল । যাৰ পৰিণাম স্বৰূপে নিমাতীঘাটত ভয়ংকৰ ফেৰী দুৰ্ঘটনা সংঘটিত হ'ল ।
লগতে পঢ়ক : মাজনী ৰেষ্টুৰেণ্টলৈ আহি হতবাক হ’ল আৰক্ষী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.