ETV Bharat / state

DAC Election 2022: ৩২ টা প্ৰতিশ্ৰুতিৰে DAC নিৰ্বাচনৰ সংকল্প পত্র উন্মোচন বিজেপিৰ

author img

By

Published : Nov 5, 2022, 8:47 PM IST

Release Sankalpa Patra for upcoming Deori Autonomous Council elections
৩২ টা প্ৰতিশ্ৰুতিৰে DAC নিৰ্বাচনৰ সংকল্প পত্র উন্মোচন

শনিবাৰে আগন্তুক দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ (DAC Election 2022) বাবে বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ (Release Sankalpa Patra) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী সংকল্প পত্ৰ ৷

গুৱাহাটী, ৫ নৱেম্বৰ: আগন্তুক দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ (DAC Election 2022) বাবে বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ (Release Sankalpa Patra) । শনিবাৰে বিয়লি গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী সংকল্প পত্ৰ ৷

Release Sankalpa Patra for upcoming Deori Autonomous Council elections
৩২ টা প্ৰতিশ্ৰুতিৰে DAC নিৰ্বাচনৰ সংকল্প পত্র উন্মোচন

মুঠ ৩২ টা প্ৰতিশ্ৰুতি পূৰণৰ আশ্বাস দি মুকলি কৰা সংকল্প পত্ৰত বিজেপিয়ে দেউৰী জনগোষ্ঠীৰ বাবে বহু কেইটা আঁচনিৰ বিষয়ে উল্লেখ কৰিছে । মুখ্যমন্ত্ৰীয়ে কয় যে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত (Deori Autonomous Council election) ২২ টা সমষ্টিৰ ভিতৰত ১৮ টাত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ৪ টাত মিত্ৰ দল অগপক সমৰ্থন দিয়া হৈছে ।

Release Sankalpa Patra for upcoming Deori Autonomous Council elections
৩২ টা প্ৰতিশ্ৰুতিৰে DAC নিৰ্বাচনৰ সংকল্প পত্র উন্মোচন

মন্ত্ৰী-বিধায়কসকল নিৰ্বাচনী প্ৰচাৰত জড়িত হৈ আছে । বিগত নিৰ্বাচনত বিজেপিয়ে ৭ খন আসন লাভ কৰিছিল যদিও এইবাৰ পৰিস্থিতি বেলেগ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘এইবাৰ আমি বহুত ভাল ফলাফল দেখুৱাম ।’’ দেউৰী জনগোষ্ঠীটোক অসমৰ উজ্বল নক্ষত্ৰ আখ্যা দি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰে অসমৰ সকলো জনগোষ্ঠীৰ সমউন্নয়নৰ হকে কাম কৰি আহিছে ।

Release Sankalpa Patra for upcoming Deori Autonomous Council elections
৩২ টা প্ৰতিশ্ৰুতিৰে DAC নিৰ্বাচনৰ সংকল্প পত্র উন্মোচন

তেওঁ লগতে কয় যে জনজাতীয় লোকসকলৰ অন্যতম এটা প্ৰধান সমস্যা হৈছে ভূমি সমস্যা । ইয়াৰ বাবে চৰকাৰে জনজাতীয় লোকসকলৰ বাবে ভূমি নীতি সাংশোধন কৰিছে । যাৰফলত জনজাতীয় পৰিয়ালৰ প্ৰতিগৰাকী মূল ব্যক্তিৰ বিপৰীতে ৫০ বিঘা ভূমি আবন্টন তথা পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

সেইদৰে মিছন ভূমিপুত্ৰৰ যোগেদি জাতিগত প্ৰমাণ পত্ৰ লাভৰ ব্যৱস্থা অত্যন্ত সৰলীকৰণ কৰা হৈছে । আনহাতে দেউৰী জনগোষ্ঠীৰ মহিলাসকলে প্ৰস্তুত কৰা বয়নশিল্পৰ সামগ্ৰী চৰকাৰে চৰকাৰী মূল্যত কিনাৰ ব্যৱস্থা কৰিছে । মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় আঁচনিত নতুনকৈ ৭ লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হ'ব । ইয়াত দেউৰী মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব ।

ভাষণত মুখ্যমন্ত্ৰীয়ে দেউৰী সমাজৰ এশ বছৰ পুৰণি উপাসনাস্থলী সমূহলৈ ১০ লাখ টকাকৈ অনুদান দিয়াৰ কথা ঘোষণা কৰে । লগতে দেউৰী সমাজৰ আন উপাসনাস্থলীলৈ আঢ়ৈ লাখ টকাকৈ অনুদান দিয়াৰ কথা ঘোষণা কৰে । সেইদৰে দেওশালৰ পূজাৰীলৈ বাৰ্ষিক ১ লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে দেউৰী জনগোষ্ঠীৰ উন্নয়ণৰ বাবে আন বহুকেইটা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে । দেউৰী স্বায়ত্ত শাসিত এলেকাত পথ-দলং নিৰ্মাণ কৰা, পানী যোগানৰ ব্যৱস্থা কৰা আদি বিভিন্ন আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পাঁচ হাজাৰ কোটি টকা ব্যয়ৰে স্বাৱলম্বীতাৰ ক্ষেত্ৰত নতুন কার্যক্ৰমণিকা আৰম্ভ কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰ । যাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব দেউৰী জনগোষ্ঠীৰ যুৱক যুৱতীসকলে ।

মুখ্যমন্ত্ৰীয়ে কয় যে দেউৰী স্বায়ত্ত শাসিত পৰিষদলৈ পুঁজি প্ৰদানৰ পৰিমাণ বৃদ্ধি কৰা হ'ব । উল্লেখ্য যে, আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ( Sudhakantha Dr Bhupen Hazarika) প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক উপ সভাপতি অশোক কুমাৰ ভট্টৰায় আৰু জয়ন্ত কুমাৰ দাস প্ৰমুখ্যে ৰাজ্যিক বিষয়ববীয়া সকল উপস্থিত আছিল ।

লগতে পঢ়ক: BPF chief Hagrama Mohilary: পুনৰ বিটিচি দখলৰ কুচকাৱাজ হাগ্ৰামা মহিলাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.