ETV Bharat / state

BPF chief Hagrama Mohilary: পুনৰ বিটিচি দখলৰ কুচকাৱাজ হাগ্ৰামা মহিলাৰীৰ

লোকসভাত কোকৰাঝাৰ আৰু মঙলদৈ সমষ্টিক ট্রাম্প কার্ড হিচাপে লৈ বি পি এফৰ তৎপৰতা(Lok Sabha election 2024) । কোকৰাঝাৰ সমষ্টিত বি পি এফ দলে চাৰিবাৰ নিৰ্বাচন খেলিছে আৰু দুবাৰ জয়ী হৈছে । বিটিচিৰ শাসনভাৰ পুনৰ নিজৰ হাতলৈ নিয়াৰ অংকৰেই বি পি এফে কোকৰাঝাৰ আৰু মঙলদৈত প্ৰাৰ্থিত্ব দিয়াৰ নতুন কৌশল ৰচনা কৰিছে ।

BPF chief Hagrama Mohilary:
পুনৰ বিটিচি দখলৰ কুচকাৱাজ হাগ্ৰামা মহিলাৰীৰ
author img

By

Published : Nov 5, 2022, 5:48 PM IST

গুৱাহাটী, ৫ নৱেম্বৰ: আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে কুচ-কাৱাজ । এইক্ষেত্রত থমকি ৰোৱা নাই বি পি এফ দলো । এটা সময়ত বিটিচিত ৰাজ কৰা বি পি এফে পুনৰ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ বাবে বিশেষ প্ৰস্তুতি আৰম্ভ কৰিছে । পুনৰ বিটিচি দখলৰ কুচকাৱাজ আৰম্ভ কৰিছে প্রাক্তন বিটিচি প্রধান তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে(Ex BTC Chief Hagrama Mohilary) । এইবাৰ কোকৰাঝাৰ আৰু মঙলদৈ লোকসভাৰ আসন দুখনক ট্রাম্প কার্ড হিচাপে লৈ অতি সন্তর্পণে বিটিচিৰ শাসনভাৰ দখলৰ তৎপৰতা আৰম্ভ কৰিছে বি পি এফে । হাগ্ৰামা মহিলাৰীৰ এই তৎপৰতাৰ উমান দলটোৰ জ্যেষ্ঠ নেতা তথা বিধায়ক দুর্গাদাস বড়োৰ ভাষ্যতে পোৱা গৈছে ।

BPF chief Hagrama Mohilary
পুনৰ বিটিচি দখলৰ কুচকাৱাজ হাগ্ৰামা মহিলাৰীৰ

বিধায়ক বড়োৱে কোৱা মতে, বি পি এফ বৰ্তমান অকলশৰে থকা দল । মুখ্যমন্ত্ৰীৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি লক্ষ্য ৰাখি দলটোৰ তিনিওগৰাকী বিধায়কে নিজ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ লগত আছে যদিও দল হিচাপে বি পি এফ দল অকলশৰে আছে । বি পি এফ দলৰ মূল লক্ষ্যই হৈছে বিটিচি দখল । বিগত বিটিচি নিৰ্বাচনত ৪০টা পৰিষদীয় সমষ্টিৰ ভিতৰত বি পি এফে ১৭টা সমষ্টি দখল কৰি একক বৃহৎ দল হিচাপে পৰিগণিত হৈছিল । সেয়ে সহযোগ আৰু কৌশলেৰে বিটিচিৰ ক্ষমতা নিজ হাতলৈ অনাটোৱে বি পি এফৰ মূল লক্ষ্য ।

তেওঁ লগতে কয় যে আসন্ন লোকসভা নির্বাচনলৈ(Lok Sabha election 2024) এতিয়াও ডেৰ বছৰ বাকী আছে যদিও বি পি এফে এতিয়াৰে পৰা সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে । ইতিমধ্যে বুথ কমিটীসমূহ পুনৰ গঠনৰ কাম আৰম্ভ কৰা হৈছে । এতিয়ালৈ ৫০ শতাংশ সম্পূৰ্ণ হৈছে আৰু অহা এক-ডেৰ মাহৰ ভিতৰত বাকী ৫০ শতাংশ পুনৰ গঠনৰ কাম সম্পূৰ্ণ হ'ব । ইয়াৰ পাছতে বুথ কমিটীৰ নেতৃত্বৰ পৰা মতামত গ্ৰহণ কৰি বি পি এফে আসন্ন লোকসভা নিৰ্বাচনত কোকৰাঝাৰ আৰু মঙলদৈ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব ।

কোকৰাঝাৰ সমষ্টিত বি পি এফ দলে চাৰিবাৰ নিৰ্বাচন খেলিছে আৰু দুবাৰ জয়ী হৈছে । সেইদৰে মঙলদৈ লোকসভা সমষ্টিটোত দলটোৱে দুবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল । সেয়ে কোকৰাঝাৰ আৰু মঙলদৈয়ে তেওঁলোকৰ লক্ষ্য । বিধায়ক বড়োৰ এই মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে । কিয়নো বি পি এফৰ প্ৰধান শত্ৰু ইউ পি পি এল দল বর্তমান বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ দল । আসন্ন লোকসভা নির্বাচনত বিজেপিয়ে মিত্রদল ইউ পি পি এলক কোকৰাঝাৰ সমষ্টি এৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

এনে প্রেক্ষাপটতে বি পি এফে কোকৰাঝাৰ আৰু মঙলদৈত প্রার্থিত্ব দিব ওলোৱাটোহে বিশেষভাৱে মন কৰিবলগীয়া । ৰাজনৈতিক মহলৰ সন্দেহ যে, বিটিচিৰ শাসনভাৰ পুনৰ নিজৰ হাতলৈ নিয়াৰ অংকৰেই বি পি এফে কোকৰাঝাৰ আৰু মঙলদৈত প্ৰাৰ্থিত্ব দিয়াৰ নতুন কৌশল ৰচনা কৰিছে । অৱশ্যে বি পি এফৰ এই কৌশল কিমান দূৰ ফলপ্ৰসূ হয় সেয়া সময়েহে ক'ব । কাৰণ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) যিকোনো পৰিস্থিতি সময় সাপেক্ষে নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্রত অতিকৈ পাৰ্গত । তেনেস্থলত বি পি এফৰ ৰণকৌশল ধূলিসাৎ হোৱাৰো সম্ভাৱনা আছে ।

লগতে পঢ়ক: Vehicle Scrap Policy in Assam: অসমত বাহনৰ বাবে স্ক্ৰেপিং নীতিৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.