ETV Bharat / state

কি দাবী তুলিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ?

author img

By

Published : Jun 10, 2020, 7:29 PM IST

"জনগণ বিৰোধী বিদ্যুৎ সংশোধনী বিধেয়ক ২০২০বাতিল কৰক,এই বিধেয়কে জনসাধাৰণক জীয়াতু ভোগাব"- এই দাবীৰে সৰৱ হৈছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা ৷

rajya-sabha-mp-ajit-kumar-bhuyan-appeal
ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা

গুৱাহাটী,10 জুনঃ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি চৰকাৰে বিদ্যুৎ আইন সংশোধনী কৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে । সাংসদ গৰাকীৰ স্পষ্ট কথা এই সংশোধনী আইন ৰূপায়ণ হ'লে জনসাধাৰণে অত্যাধিক হাৰত বিদ্যুতৰ মাচুল দিব লাগিব । লগতে এই বিধেয়ক গৃহীত হ'লে ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতলৈ যাব । ফলত প্ৰতিষ্ঠানে নিজ ইচ্ছামতে বিদ্যুতৰ বিল বঢ়াব । সেয়ে এই সংশোধনী বিধেয়ক খন কোনো কাৰণতে গৃহীত হ'ব দিব নোৱাৰি বুলি সংবাদমেলত স্পষ্ট কৰি দিয়ে । লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে,"এইখন দেশত এই চৰকাৰে যোৱা সময়ছোৱাত গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি যি ফেচিচ মনোভাৱ তাকে প্ৰদৰ্শন কৰিছে ।"কা" ৰ সময়ত অসমৰ মানুহে ইমান এটা ডাঙৰ আন্দোলন কৰিলে তাৰ পিছতো তেওঁলোকৰ অলপো গা নলৰিল,গুৰুত্ব নিদিলে বিষয় সমূহত । প্ৰশ্ন হয়,আচলতে ক'ত বাস কৰিছো নে একনায়কত্ববাদী শাসনৰ অধীনত আছো" বুলি এইদৰে প্ৰশ্ন উত্থাপন কৰে সাংসদ গৰাকীয়ে ।

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা

তেওঁৰ মতে,"একনায়কত্ববাদী শাসনে আমাক কোঙা কৰিছে । গতিকে এই পটভূমিত আশংকা হোৱাটো স্বাভাৱিক যে এই আইন খন তেওঁলোকে সংখ্যাৰ জোৰত সংসদত লৈ যাব আৰু আইনত পৰিণত কৰিব । এখন এখন কৈ সকলো কাম কৰিয়ে আছে,হ'লেও আন্দোলন হৈয়ে থাকিব । বহু ক্ষেত্ৰত আন্দোলনে চৰকাৰক সেও মানিবলৈ বাধ্যও কৰাইছে। গতিকে এই আন্দোলন জাতীয় সংগঠন,ৰাইজৰ মাজলৈ লৈ যাব লাগিব । আইনখন আহিলে বেছি ক্ষতি সাধাৰণ ৰাইজ তথা কৃষকৰ হ'ব ৷ "
লগতে পঢ়কঃ বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ‍্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.