ETV Bharat / state

Constituency delimitation: নিৰ্বাচন আয়োগৰ শুনানিলৈ সকলো আঞ্চলিক দল আৰু জাতীয় সংগঠনক আমন্ত্রণ জনোৱাৰ দাবী ৰাইজৰ দলৰ

author img

By

Published : Jul 15, 2023, 10:11 PM IST

Updated : Jul 15, 2023, 10:23 PM IST

Constituency delimitation
Constituency delimitation

১৯ জুলাইৰ পৰা ২১ জুলাইলৈ নিৰ্বাচন আয়োগে গুৱাহাটীৰ কলাক্ষেত্ৰত জিলা ভিত্তিত পৰ্যায়ক্ৰমে শুনানি গ্ৰহণ কৰিব । কিন্তু এই শুনানিলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই আঞ্চলিক দলসমূহৰ লগতে জনগোষ্ঠীয় সংগঠনসমূহক ৷ ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে ৷

কিয় ক্ষোভ বিধায়ক অখিল গগৈৰ ?

গুৱাহাটী, ১৫ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ গুৱাহাটীত হ'বলগীয়া শুনানিলৈ দেশৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দলসমূহক নিমন্ত্ৰণ জনাই ৰাজ্যৰ পঞ্জীয়নভুক্ত আঞ্চলিক দলসমূহ আৰু জাতীয় জনগোষ্ঠীয় সংগঠনসমূহক আমন্ত্ৰণ নজনোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজৰ দলে ৷

উল্লেখ্য যে ১৯ জুলাইৰ পৰা ২১ জুলাইলৈ নিৰ্বাচন আয়োগে গুৱাহাটীৰ কলাক্ষেত্ৰত জিলা ভিত্তিত পৰ্যায়ক্ৰমে শুনানি গ্ৰহণ কৰিব । লগতে স্বীকৃতপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰে মত-বিনিময় কৰিব । কিন্তু আঞ্চলিক দলসমূহক ইয়াৰ বাবে আমন্ত্ৰণ জনোৱা হোৱা নাই । যাৰ বাবে সৰৱ হৈ পৰিছে ৰাইজৰ দল ।

এই সন্দৰ্ভত ৰাইজৰ দলে নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি অসমৰ পঞ্জীয়নভুক্ত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ লগতে সকলো জাতীয় আৰু জনগোষ্ঠীয় সংগঠনক সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় লোক শুনানিত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাবলৈ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তক দাবী জনাইছে ।

উল্লেখ্য যে নিৰ্বাচন আয়োগে ১২ জুলাইত জাৰি কৰা জাননীৰ জৰিয়তে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা লোক শুনানিত ২০ জুলাইৰ বিয়লি ৩.৩০ বজাত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক আমন্ত্ৰণ জনাইছে । সেই অনুসৰি অসমৰ ৬ টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু ৪ টা আঞ্চলিক ৰাজনৈতিক দলকহে শুনানিত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

ইয়াৰ বিপৰীতে অসমৰ বৃহৎ সংখ্যক আঞ্চলিক ৰাজনৈতিক দলক আৰু বিষয়টো সন্দৰ্ভত সক্ৰিয়ভাৱে জড়িত জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহক নিমন্ত্ৰণ কৰা হোৱা নাই । সমষ্টি পুনৰ নিৰ্ধাৰণৰ লোক শুনানিলৈ পঞ্জীয়নভুক্ত আঞ্চলিক ৰাজনৈতিক দল আৰু জাতীয় সংগঠনসমূহক নিমন্ত্ৰণ নজনোৱাৰ বিৰুদ্ধে আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ।

এই সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শ‍ইকীয়া আৰু তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈয়ে শুকুৰবাৰে অসমৰ মুখ্য নিৰ্বাচন আয়ুক্ত অনুৰাগ গোৱেলক নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত সাক্ষাৎ কৰি এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰে ।

আনহাতে শনিবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কাৰ্যকৰী সভাপতিদ্বয় কৱীন্দ্ৰ চেতিয়া ফুকন আৰু ভাস্ক’ ডি শ‍ইকীয়াই এখন স্মাৰকপত্ৰৰ জৰিয়তে শুনানিলৈ অসমৰ সকলো পঞ্জীয়নভুক্ত আঞ্চলিক ৰাজনৈতিক দল আৰু বিষয়টোৰ লগত জড়িত জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহক লোক শুনানিলৈ নিমন্ত্ৰণ জনাবলৈ দাবী জনাইছে ।

ৰাইজৰ দলে ৰাইজৰ দলৰ লগতে অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দল, জনতা দল ইউ, ইউপিপিএল, চিপিআই আদি সকলো আঞ্চলিক ৰাজনৈতিক দল আৰু সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰমুক্তি সংগ্ৰাম সমিতি, সদৌ তাই আহোম ছাত্ৰ সন্থা আদিকে ধৰি সকলো জাতীয় আৰু জনগোষ্ঠীয় সংগঠনক সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় লোক শুনানিলৈ নিমন্ত্ৰণ জনাবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে ।

এই সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয় যে নিৰ্বাচন আয়োগে কেৱল কেইটামান ৰাজনৈতিক দলক শুনানিলৈ নিমন্ত্ৰণ কৰি আন দুটা দিনত কেৱল জিলা ভিত্তিক শুনানি অনুষ্ঠিত কৰিবলৈ লোৱাটো কোনো কাৰণতে মানি ল’ব নোৱাৰি । তেওঁ লগতে কয় যে কেৱল জিলাভিত্তিক শুনানি অনুষ্ঠিত কৰি আৰু কেৱল কেইটামান স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ লোক শুনানিলৈ নিমন্ত্ৰণ কৰিলে লোক শুনানিত সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ জাতীয় প্ৰশ্নসমূহ অৱহেলিত হৈ ৰৈ যাব ।

সমষ্টি পুনৰ নিৰ্ধাৰণে অসমৰ খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠীসমূহৰ ৰাজনৈতিক অধিকাৰ দীৰ্ঘকালৰ বাবে নাইকিয়া কৰিব । তেওঁ সকলো দল আৰু সংগঠনক শুনানি লৈ আমন্ত্ৰণ জনোৱাৰ বাবে দাবী জনায় ।

লগতে পঢ়ক: Akhil Gogoi: ইচ্ছ্যু ডাইভাৰ্ট কৰিবলৈ হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছে বিজেপিয়ে; অখিল গগৈ

Last Updated :Jul 15, 2023, 10:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.