ETV Bharat / state

বিহুৰ পিচতে অসমত ৮ দিন কটাব ৰাহুল গান্ধীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 9:35 PM IST

Bharat Jodo Nyay Yatra: বিহুৰ পিচতে ৰাহুল গান্ধীয়ে আঠদিন কটাব অসমত ৷ অসমত মুঠ ৮৩৩ কিলোমিটাৰ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে । ৮ দিনত ৰাজ্যখনৰ ১৭ খন জিলালৈ যাব ।

Bharat jodo nyaya yatra
ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যাত্ৰাপথ

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যাত্ৰাপথ

গুৱাহাটী, ৪ ডিচেম্বৰ : এদিন দুদিন নহয় ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মাঘৰ বিহুৰ পিচতে মুঠ আঠ দিন কটাব অসমত ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ বহুচৰ্চিত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ যাত্ৰাপথৰ মানচিত্ৰ ৰাজহুৱা কৰে কংগ্ৰেছ নেতৃত্বই ৷ দলটোৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে নতুন দিল্লীত বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ যাত্ৰাপথৰ মানচিত্ৰ সদৰী কৰে ৷

উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰৰ পৰা ১৪ জানুৱাৰীত আৰম্ভ হ’বলগীয়া ন্যায় যাত্ৰাৰ ২০ নাইবা ২১ মাৰ্চত মুম্বাইত সামৰণি পৰিব ৷ ১৪ জানুৱাৰীত মণিপুৰত এই যাত্ৰাৰ আৰম্ভ কৰি তাত প্ৰায় দুদিন কটাই ১০৭ কিলোমিটাৰ ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে । মণিপুৰত মুঠ ৫খন জিলাৰ 2 টা লোকসভা সমষ্টি আৰু ১১ টা বিধানসভা সমষ্টি সামৰিব ৰাহুলৰ এই যাত্ৰাই ৷

মণিপুৰৰ পৰা আহি ৰাহুলৰ যাত্ৰাই নাগালেণ্ডত প্ৰৱেশ কৰিব ৷ নাগালেণ্ডত ২৫৭ কিলোমিটাৰ যাত্ৰাৰে ৫ জিলাত দুদিন থাকিব ৰাহুল গান্ধী ৷ আনহাতে ১৮ জানুৱাৰীত আমগুৰিয়েদি নাগালেণ্ডত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ অসমত মুঠ ৮৩৩ কিলোমিটাৰ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে । মুঠ ৮ দিনত অসমৰ ১৭ খন জিলাক সামৰি ল’ব কংগ্ৰেছৰ এই যাত্ৰাই ।

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অসমৰ পৰা প্ৰৱেশ কৰিব এই যাত্ৰাই ৷ ৰাজ্যখনত মুঠ ৫৫ কিলোমিটাৰ পথেৰে ১ জিলাক সামৰি ল’ব ৷ ইফালে মেঘালয়ত ৫ কিলোমিটাৰৰে ১ জিলা, পশ্চিম বংগত ৫২৩ কিলোমিটাৰৰে ৭ জিলা সামৰিব ৰাহুল গান্ধীৰ যাত্ৰাই ৷ মুঠ 5 দিন থাকিব পশ্চিমবংগত । পশ্চিমবংগৰ পৰা বিহাৰত প্ৰৱেশ কৰি ৪ দিনত ৪২৫ কিলোমিটাৰ যাত্ৰাৰে ৭ খন জিলা সামৰিব ৷

একেদৰে ঝাৰখণ্ডত ৮ দিনত ৮০৪ কিলোমিটাৰ যাত্ৰাৰে ১৩ জিলা, উৰিষ্যাত ৪ দিনত ৩৪১ কিলোমিটাৰৰে ৪ জিলা, ছত্তীশগড়ত ৫ দিনত ৫৩৬ কিলোমিটাৰেৰে ৭ জিলাত যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে । উত্তৰ প্ৰদেশত সৰ্বাধিক ১১ দিন কটাব ৰাহুল গান্ধীয়ে । মুঠ ১,০৭৪ কিলোমিটাৰৰ যাত্ৰাৰে ২০ জিলাত হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা ।

মধ্যপ্ৰদেশত ৬৯৮ কিলোমিটাৰ যাত্ৰা ৯ জিলাত ৬ দিন, ৰাজস্থানত এদিনত ১২৮ কিলোমিটাৰৰে ২ খন জিলা সামৰিব । মোদীৰ গুজৰাটত ৪৪৫ কিলোমিটাৰৰে ৫ দিনত 7 জিলা ৷ সৰ্বশেষত মহাৰাষ্ট্ৰত ৪৮০ কিলোমিটাৰৰ যাত্ৰা কৰি ৫ দিনত ৬ জিলা যাত্ৰা কৰি ‘ভাৰত জোডো ন্যায় যাত্ৰা’ সামৰিব কংগ্ৰেছে ৷

ভাৰতৰ পূব প্ৰান্তৰ মণিপুৰৰ পৰা মহাৰাষ্ট্ৰৰ মুম্বাইত সামৰিবলগীয়া ‘ভাৰত জোডো ন্যায় যাত্ৰা’ৰ মুঠ দূৰত্ব হ’ব ৬,৭০০ কিলোমিটাৰ । মুঠ ৬৭ দিনত দেশৰ ১১০ খন জিলা, ১০০ টা লোকসভা সমষ্টিকে ধৰি ৩৩৭ টা বিধান সভা সমষ্টি সামৰিব এই 'ভাৰত জোড়ো ন্যায় যাত্ৰা’ই ৷

লগতে পঢ়ক: এইবাৰ মণিপুৰৰ পৰা মুম্বাইলৈ কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.