ETV Bharat / bharat

এইবাৰ মণিপুৰৰ পৰা মুম্বাইলৈ কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 1:25 PM IST

Updated : Dec 27, 2023, 3:55 PM IST

Bharat Nyay Yatra : কংগ্ৰেছে মণিপুৰৰ পৰা মুম্বাইলৈ ১৪ জানুৱাৰীৰ পৰা ২০ মাৰ্চলৈ 'ভাৰত ন্যায় যাত্ৰা' অনুষ্ঠিত কৰিব । এআইচিচিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেণুগোপালে এই কথা জনাইছে ।

Congress Bharat Nyay Yatra
এইবাৰ মণিপুৰৰ পৰা মুম্বাইলৈ কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰা

নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : কংগ্ৰেছ নেতা তথা দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী পুনৰবাৰ যাত্ৰাত ওলাইছে । এইবাৰ পূবৰ পৰা পশ্চিমলৈ তেওঁ যাত্ৰা কৰিব । মণিপুৰৰ ইম্ফলৰ পৰা ১৪ জানুৱাৰীত আৰম্ভ হ'বলগীয়া এই ন্যায় যাত্ৰাৰ কথা কংগ্ৰেছে বুধবাৰে ঘোষণা কৰে । এআইচিচিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেণুগোপালে জনোৱা মতে, ২০ মাৰ্চত মুম্বাইত এই যাত্ৰা সমাপ্ত হ'ব বুলি আশা কৰা হৈছে ।

ৰাহুল গান্ধীয়ে এই যাত্ৰাত যুৱ, মহিলা আৰু উপেক্ষিত লোকসকলৰ সৈতে বাৰ্তালাপ কৰিব বুলি আশা কৰা হৈছে । কংগ্ৰেছৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, এই ন্যায় যাত্ৰাই ৬,২০০ কিলোমিটাৰ সামৰিব । মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু শেষত মহাৰাষ্ট্ৰৰ মাজেৰে পথ পৰিক্ৰম অতিক্ৰম কৰিব ।

এই যাত্ৰাটোৱে ১৪ খন ৰাজ্য আৰু ৮৫ খন জিলাক সামৰি ল'ব । দিল্লীত এক সংবাদমেলত কংগ্ৰেছৰ সাংগঠনিক সম্পাদক কে চি বেণুগোপালে কয়, "মণিপুৰৰ পৰা মুম্বাইলৈ ১৪ জানুৱাৰীৰ পৰা ২০ মাৰ্চলৈ আৰম্ভ হ'ব ভাৰত ন্যায় যাত্ৰা । বৰ্তমান ৰাহুল গান্ধীয়ে প্ৰথম ভাৰত জোড়ো যাত্ৰাৰ পৰা লাভ কৰা মহান অভিজ্ঞতাৰে আগবাঢ়ি আছে । তেওঁ যুৱ, মহিলা আৰু দুৰ্বল লোকসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ গৈ আছে । এই যাত্ৰাই ৬,২০০ কিলোমিটাৰ সামৰি ল'ব । এইবাৰ যাত্ৰাটো বাছেৰে সম্পন্ন কৰিব আৰু নেতাসকলে যাত্ৰাপথৰ কিছু অংশ খোজকাঢ়ি অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে ।"

"২১ ডিচেম্বৰত কংগ্ৰেছ কৰ্মীসকলে মতামত প্ৰকাশ কৰিছিল যে ৰাহুল গান্ধীয়ে পূবৰ পৰা পশ্চিমলৈ যাত্ৰা আৰম্ভ কৰিব লাগে । ৰাহুল গান্ধীয়েও চিডব্লিউচিৰ ইচ্ছা পূৰণ কৰিবলৈ সন্মত হৈছিল ।" বেণুগোপালে লগতে কয় । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ১৪ খন ৰাজ্য আৰু ৮৫ খন জিলাক অতিক্ৰম কৰিবলগা যাত্ৰাৰ ফ্লেগ অফ কৰিব । এই যাত্ৰাই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰো বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে এই যাত্ৰাটো যিকেইখন ৰাজ্যৰ মাজেৰে পাৰ হ'ব বুলি আশা কৰা হৈছে, তাৰ কিছুমানত বৰ্তমান ইণ্ডিয়া ব্লকৰ অংশীদাৰ দলৰ শাসনত আছে । কিন্তু এই দলবোৰে কংগ্ৰেছৰ যাত্ৰাত যোগদান কৰেনে নকৰে সেয়া লক্ষণীয় হ'ব । ইয়াৰ পূৰ্বে, ২০২২ চনৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নেতৃত্ব দিছিল । চলিত বৰ্ষৰ ৩০ জানুৱাৰীত শ্ৰীনগৰত ৩,৯৭০ কিলোমিটাৰ, ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয়শাসিত অঞ্চল অতিক্ৰম কৰাৰ পিছত ১৩০ দিনতকৈও অধিক সময়ত অন্ত পৰে ।

যাত্ৰাৰ প্ৰথম পৰ্যায়ত ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ প্ৰায় ৪,০০০ কিলোমিটাৰ খোজকাঢ়িছিল । কৰ্ণাটক আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ সময়ত ৰাহুল গান্ধীৰ যাত্ৰাৰ প্ৰভাৱ দেখা গৈছিল । কিয়নো কংগ্ৰেছৰ ভোটৰ হাৰ আৰু ভোটৰ শতাংশ তীব্ৰভাৱে বৃদ্ধি পাইছিল ।

লগতে পঢ়ক :হাৰিয়ানাৰ কুস্তি আখাড়াত ৰাহুল গান্ধী; বজৰং পুনিয়াসহ অন্যান্য মল্লযোদ্ধাৰে বাৰ্তালাপ

Last Updated : Dec 27, 2023, 3:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.