ETV Bharat / state

মহানগৰীত বাছ বিছাৰি যাত্ৰীৰ হাহাকাৰ অৱস্থা

author img

By

Published : Apr 17, 2019, 10:40 PM IST

মহানগৰীত বাছ বিছাৰি যাত্ৰীৰ হাহাকাৰ অৱস্থা

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বাছৰ অভাৱ ঘটিছে মহানগৰীত ৷ প্ৰশাসনে অধিগ্ৰহণ কৰাৰ ফলতেই এইদৰে দুৰ্ভোগ ঘটিছে যাত্ৰীসকলৰ ৷

গুৱাহাটী, 17 এপ্ৰিলঃ বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সাজু হৈ উঠিছে ৰাজ্যিক প্ৰশাসন আৰু নিৰ্বাচন আয়োগ ৷

মহানগৰীত বাছ বিছাৰি যাত্ৰীৰ হাহাকাৰ অৱস্থা

মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা লোকসকলে ভোটদিবলৈ বুলি নিজ গৃহলৈ যাবলৈ আহি ভীষণ অসুবিধাৰ সন্মুখীন হয় ৷ কিয়নো অধিকাংশ বাছ প্ৰশাসনে অধিগ্ৰহণ কৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত ৷ আনহাতে ইয়াৰে সুবিধা লৈ একাংশ দুষ্ট বাছচালক-হেণ্ডিমেনে যাত্ৰীৰ পৰা অধিক ভাড়া সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ যাত্ৰীয়ে ৷

Slug: A_GHY_17APR_801_PUBLIC BUS PROBLEM_HIRUL HAQUE

কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সাজু ৰাজ্যবাসী।
মহানগৰ এৰি নিজ নিজ সংসদীয় সমষ্টিলৈ ৰাওনা ভোটাৰসকল।
কিন্তু যাত্ৰা পথত হাহাকাৰ দুৰণীৱতীয়া বাছ যাত্ৰীৰ।
বাছ আস্থানত আহি ঘন্টাৰ পৰা ঘণ্টা বাছৰ কাৰণে ৰৈ থাকিব লগীয়া হৈছে বাছ যাত্ৰী সকলে।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰশাসনে বাছ অধিগ্ৰহণ কৰাৰ ফলত বাছ বিচাৰি যাত্ৰীৰ হাহাকাৰ।
দুই এখন বাছ আহিছে যদিও বাছত যাত্ৰী উঠিবলৈ নাই ঠাই। 

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.