ETV Bharat / state

DYFI against overlapping in ADR: ২৪ মে'ত অভাৰলেপিঙৰ বিৰুদ্ধে DYFI-SFI ৰ চচলত প্ৰতিবাদ

author img

By

Published : May 19, 2023, 4:19 PM IST

Protests in Cachal on May 24 against overlapping
অভাৰলেপিঙৰ বিৰুদ্ধে সাব্যস্ত কৰিব চচলত প্ৰতিবাদ

অ'ভাৰ লেপিঙৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰিছে DYFI য়ে(DYFI against overlapping in ADR) । অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক চৰম প্ৰবঞ্চনা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি ২৪ মে'ত তীব্ৰ আন্দোলন গঢ়াৰ হুংকাৰ DYFI ৰ ।

গুৱাহাটী,১৯ মে': ৫১ হাজাৰ নহয়, ২০- ২৫ হাজাৰ যুৱক যুৱতীয়েহে নিযুক্তি পত্ৰ পাব ২৫ মে'ৰ নিযুক্তি মেলাত । অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক চৰম প্ৰবঞ্চনা প্ৰতাৰণা কৰাৰ অভিযোগ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ । শুক্ৰবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজিত সংবাদমেলত ডি ৱাই এফ আই ৰ যুটীয়া সম্পাদক নিৰংকুশ নাথে কয় নিযুক্তিৰ ক্ষেত্ৰত যে চৰকাৰখনৰ মনোভাৱ বেপৰোৱা সেয়া যোৱা ১ মে'ত প্ৰদান কৰা এক ভাষণত প্ৰকাশ পাইছে (DYFI PC at Guwahati Press Club) ।

তেওঁ এনেই নিৰ্বাচনৰ ভাষণত ১ লাখ চাকৰি দিম বুলি কৈছিল । আজি ১ লাখ চাকৰি প্ৰদানৰ বিষয়ত চৰকাৰে কেৱল সংখ্যাৰ খেল খেলিছে আৰু সস্তীয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে লক্ষ লক্ষ যুৱক যুৱতীক স্বজন-তোষণ আৰু বঞ্চনা কৰি অন্ধকাৰ ভবিষ্যতৰ মাজলৈ ঠেলি দিছে আৰু সেয়া স্পষ্ট বুলি উল্লেখ কৰে নাথে (DYFI against overlapping in ADR) ।

অভাৰলেপিঙৰ বিৰুদ্ধে সাব্যস্ত কৰিব চচলত প্ৰতিবাদ

লগতে তেওঁ কয় যে, বহু কেইটা বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া সমান্তৰালকে চলাৰ পৰিপ্ৰেক্ষিতত অভাৰলেপিঙৰ সমস্যা সৃষ্টি সম্ভাৱনা প্ৰকট হৈ উঠিছিল । এনে সমস্যা হোৱাৰ পিছতো সমাধানৰ প্ৰস্তাৱ দি থকা হৈছে কিন্তু চৰকাৰে এতিয়ালৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । নাথৰ মতে, এই সমস্যাই গভীৰ ৰূপ লোৱাত মুখ্যমন্ত্ৰীয়ে মিথ্যাৰ আশ্ৰয় লৈছে (DYFI against overlapping in recruitment) ।

নিৰংকুশ নাথে উল্লেখ কৰে যে এগৰাকী প্ৰাৰ্থী বহুকেইটা পদত নিৰ্বাচিত হোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে ১৫ জুনৰ পিছতহে অ'ভাৰ লেপিং হৈছে নে নাই গম পোৱা যাব বুলি কৈছে । ১৫ জুনৰ পিছত যদি মুখ্যমন্ত্ৰীৰ চকু খোল খায়, বাকী ৰোৱা পদৰ বাবে নতুনকৈ পৰীক্ষা পাতিবলৈ গ'লে ৰাজহুৱা ধন অপচয় হোৱাৰ লগতে বহু প্ৰাৰ্থীৰ বয়স উকলি যোৱাৰ সম্ভাৱনা আছে (Assam govt recruitment) ।

তদুপৰি তেনেক্ষেত্ৰতো নিযুক্তি প্ৰক্ৰিয়াটো পুনৰ অ'ভাৰ লেপিঙৰ ফালেই গতি কৰিব । ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে ১০ হাজাৰ নিযুক্তি দিম বুলি ঘোষণা কৰিছে । এয়া কোনো নতুন পদ নহয় বুলি মন্তব্য কৰে নাথে । সংবাদমেলত অ'ভাৰ লেপিঙৰ সমস্যা সমাধান কৰিবলৈ আইন অনুসৰি অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ পৰৱৰ্তী তালিকা প্ৰকাশৰ বাবে দাবী জনায় ।

অহা ২৪ মে'ত দুয়োটা সংগঠনে অ'ভাৰ লেপিঙৰ সমস্যা সমাধান কৰিবলৈ আইন অনুসৰি পৰীক্ষাত ইতিমধ্যে অৱতীৰ্ণ হৈ থকা প্ৰাৰ্থীসকলৰ মাজৰ পৰাই পৰৱৰ্তী তালিকা প্ৰকাশ কৰি খালী হৈ যোৱা পদসমূহ পূৰণ কৰাৰ দাবীত চচলত ১১ বজাৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে (Protests in Cachal on May 24 against overlapping) ।

লগতে পঢ়ক: NH-27 in Rangia: ব্লেক স্পট হিচাপে চিনাক্ত ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.