ETV Bharat / state

Protest in Guwahati:শিলসাঁকোৰ উচ্ছেদিতক ক্ষতিপূৰণ নামত বৈষম্যৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 3:56 PM IST

Updated : Sep 11, 2023, 5:26 PM IST

Protest in Guwahati
শিলসাঁকোৰ উচ্ছেদিতক ক্ষতিপূৰণ দাবীত উত্তাল চচল

অসম বিধানসভাৰ প্ৰথম দিনা শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদত উত্তাল মহানগৰী । প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে উচ্ছেদ প্ৰতিৰোধী ৰাইজে ।

শিলসাঁকোৰ উচ্ছেদিতক ক্ষতিপূৰণ দাবীত উত্তাল চচল

গুৱাহাটী, ১১ ছেপ্টেম্বৰ: শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ নামত এই চৰকাৰখনে বৈষম্যমূলক নীতিৰ আশ্ৰয় লৈছে । মানুহক ভাগ ভাগ কৰিব বিচাৰিছে । জি এম ডি এ কৰ্তৃপক্ষই উচ্ছেদিতৰ তালিকাত বাচি বাচি একাংশ লোকৰ নাম অন্তৰ্ভুক্ত কৰি উচ্ছেদিত লোকক ভাগ ভাগ কৰিব বিচাৰিছে । ফলত সেই তালিকাৰ পৰা সাধাৰণ লোকৰ নাম বাদ পৰাৰ সম্ভাৱনা দেখা দিছে । সংবাদ মাধ্যমৰ আগত এইদৰে অভিযোগ উত্থাপন কৰে শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে ।

অসম বিধানসভাৰ প্ৰথম দিনা শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক অতি শীঘ্ৰেই ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিয়াৰ দাবীত চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে উচ্ছেদ প্ৰতিৰোধী ৰাইজে । সোমবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়াই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক নেতা বিদ্যুৎ শইকীয়াই কয় যে ২০২২ চনত শিলসাঁকোত বসবাস কৰা লোকসকল উচ্ছেদ কৰাৰ পিছত পুনৰ সংস্থাপনৰ কথা কৈছিল এই চৰকাৰখনে । আনকি উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়া হ'ব বুলি কৈ উচ্ছেদিতৰ পৰা প্ৰয়োজনীয় নথি পত্ৰ জমা লোৱা হৈছিল । পিছে তেওঁলোকে ক্ষতিপূৰণ আৰু সংস্থাপন পালেনে? ২৭ আৰু ২৮ ফেব্ৰুৱাৰী আৰু ১ আৰু ২ মাৰ্চত যি উচ্ছেদ চলোৱা হ'ল তেওঁলোকৰ কথা চৰকাৰে কিবা ভাবিলেনে?

কৃষক নেতা বিদ্যুৎ শইকীয়াই কয় যে শেহতীয়াকৈ ১ ছেপ্টেম্বৰৰ পৰা প্ৰশাসনে উচ্ছেদ কৰা লোকসকলক ক্ষতিপূৰণ দিয়াৰ কথা কৈ শিলসাঁকোৰ উচ্ছেদিত লোকৰ পৰা বাচি বাচি এখন তালিকা প্ৰস্তুত কৰিছে । আমি সেই তালিকাখন ৰাজহুৱা কৰাৰ বাবে দাবী জনাইছোঁ । এগৰাকী প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়," ক্ষতিপূৰণৰ নামত আমাক কনা হাঁহক পতান নালাগে । মুখ্যমন্ত্ৰীয়ে যদি টাটা জিঞ্জাৰক উচ্ছেদৰ পূৰ্বে বিকল্প স্থানত সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰে তেন্তে শিলসাঁকোৰ এতিয়ালৈ ১০০০ পৰিয়ালক বিকল্প স্থানত পুনৰ সংস্থাপন দিব নোৱাৰাৰ কাৰণ কি ?"

লগতে পঢ়ক:Drug Smuggler Arrested: 21 কোটি টকাৰ হেৰ’ইনসহ আমিৰ খান আৰক্ষীৰ জালত; ইয়াকুব আৰু জামিৰকো আটক

Last Updated :Sep 11, 2023, 5:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.