ETV Bharat / state

IWT Parghat Protest : নগৰবেৰাত IWT কাৰ্যবাহী অভিযন্তাক ঘেৰাও কৰি প্ৰতিবাদ

author img

By

Published : Oct 30, 2022, 10:43 PM IST

Nagarbera
Nagarbera

নগৰবেৰাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে (gheraoing executive engineer of IWT department) । বিভাগটোৰ এক টোঘলকী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগৰবেৰাৰ প্ৰায় ৩০ খন গাঁৱৰ লক্ষাধিক লোক (Protest against executive engineer of IWT) ।

নগৰবেৰা, ৩০ অক্টোবৰ : নগৰবেৰাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে (gheraoing executive engineer of IWT department) । বিভাগটোৰ এক টোঘলকী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগৰবেৰাৰ প্ৰায় ৩০ খন গাঁৱৰ লক্ষাধিক লোক (Protest against executive engineer of IWT) ।

অভিযোগ মতে, নগৰবেৰাৰ ডি বি আৰ পি পাৰঘাটত অঞ্চলটোৰ লক্ষাধিক লোকৰ সুচল যাতায়াতৰ বাবে একাংশ লোকে নিৰ্মাণ কৰা কোটি দলং জিলা প্ৰশাসনে ৮ মাহ পূৰ্বে লোক নিৰ্মাণ (Lok Nirman Department) বিভাগক চমজাই দিয়ে । কিন্তু লোক নিৰ্মাণ বিভাগে দলংখনৰ ন্যূনতম মেৰামতি নকৰাত জৰাজীৰ্ণ হৈ পৰিছে দলংখন ।

এনে পৰিস্থিতিত দলংখন যাতায়াতৰ বাবে বন্ধ কৰি পুনৰ নাৱেৰে পাৰাপাৰৰ ব্যৱস্থা কৰাৰ কথা জানিব পাৰি ক্ষোভত ফাটি পৰিছে অঞ্চলবাসীয়ে (dangerous transportation by boat) । ৰাজ্য চৰকাৰৰ বিয়াগোম লোক নিৰ্মাণ বিভাগে এখন কাঠৰ দলং মেৰামতি কৰিব নোৱাৰি পুনৰ নাৱেৰে বিপজ্জনক যাতায়াত আৰম্ভ কৰিব বিচাৰিছে । এয়া চৰকাৰৰ এক টোঘলকী সিদ্ধান্ত বুলি কটাক্ষ কৰিছে স্থানীয় লোকে (local people anger against IWT department) ।

নগৰবেৰাত IWT কাৰ্যবাহী অভিযন্তাক ঘেৰাও কৰি প্ৰতিবাদ

ঘটনাৰ বুজ ল'বলৈ নগৰবেৰাত উপস্থিত হোৱা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কোনোপধ্যেই এই সিদ্ধান্তক মানি নোলোৱাৰ হুংকাৰ দিয়ে (protest at Nagarbera) । জলজলী নদীৰ ওপৰত থকা কাঠৰ দলংখন মেৰামতি কৰি যাতায়াত বাহাল ৰখাৰ দাবী জনাইছে ৰাইজে । জীৱনৰ নিৰাপত্তাক লৈ হেতালি খেলা জল পৰিবহণ বিভাগৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলনৰ হুংকাৰ দিয়ে ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসীয়ে ।

শীঘ্ৰে দলংখন মেৰামতি তথা পুনৰ নিৰ্মাণ কৰি বৃহত্তৰ অঞ্চলটোৰ লক্ষাধিক লোকৰ সুচল যাতায়াত ব্যৱস্থা বাহাল ৰাখিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে স্থানীয় ৰাইজে (CM Himanta Biswa Sarma) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.