ETV Bharat / state

Hiren Gohain slams BJP govt: গান্ধীৰ আদৰ্শক নস্যাৎ কৰাৰ চেষ্টা বিজেপিৰ: ড৹ হীৰেন গোহাঁই

author img

By

Published : Jan 30, 2023, 9:32 PM IST

শাসনাধিষ্ঠ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁইৰ ৷ গান্ধীৰ 75 সংখ্যক মৃত্যু বাৰ্ষিকীত গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত বিজেপিৰ বিৰুদ্ধে সৰৱ হয় চিন্তাবিদগৰাকী ৷ বিজেপি চৰকাৰে গান্ধীৰ আদৰ্শক নস্যাৎ কৰিবলৈ চেষ্টা কৰা বুলি মন্তব্য হীৰেণ গোহাঁইৰ ৷

Hiren Gohain slams BJP govt
গান্ধীৰ আদৰ্শক নস্যাৎ কৰাৰ চেষ্টা বিজেপিৰ: হীৰেণ গোহাঁই

গান্ধীৰ আদৰ্শক নস্যাৎ কৰাৰ চেষ্টা বিজেপিৰ: হীৰেণ গোহাঁই

গুৱাহাটী, 30 জানুৱাৰী: গান্ধীৰ প্ৰভাৱৰ গভীৰতা নস্যাৎ কৰিবৰ বাবে বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে চেষ্টা কৰি আছে ৷ সংবিধানৰ মূল নীতি সাম্য, ধৰ্মনিৰপেক্ষতাকো নস্যাৎ কৰিছে চৰকাৰে ৷ এই মন্তব্য ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁইৰ (Dr Hiren Gohain) ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ 75 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে গুৱাহাটীত আয়োজন কৰা ‘ধৰ্মনিৰপক্ষতা, গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দিৱস’ত এই দৰেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিশিষ্ট চিন্তাবিদগৰাকী ৷

উল্লেখ্য যে, ৰাজ্যৰ বাঁও-গণতান্ত্ৰিক দলবোৰৰ উদ্যোগত গান্ধী হত্যাৰ দিনটোত ‘ধৰ্মনিৰপক্ষতা, গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দিৱস’ হিচাপে পালন কৰা হয় । সোমবাৰে চি পি আই, চি পি আই (এম), চি পি আই (এম এল), এন চি পি, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, জাতীয় দল, অসম আৰু লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ যৌথ উদ্যোগত গুৱাহাটীত পালন কৰা হয় এই দিৱস ৷

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে পালন কৰা অনুষ্ঠানটোত বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁই , বামপন্থী নেতা হেমেন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত অংশ লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা হীৰেন গোহাঁইৰ লগতে বাওঁপন্থী দল-সংগঠনৰ নেতাৰ । যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সংসদীয় ব্যৱস্থা, ধৰ্মনিৰপেক্ষতা সকলো ধ্বংস কৰিবলৈ বিজেপিয়ে চেষ্টা কৰিছে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত । নাথুৰাম গডছেৰ সমান যে দেশপ্ৰেমিক নাই সেই কথা বুজাবলৈ এতিয়া চেষ্টা চলিছে ৷ এই দৰেই চৰকাৰক তীব্ৰ সমালোচনা উপস্থিত নেতাসকলৰ ৷

সমান্তৰালভাৱে, বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁই (Hiren Gohain slams BJP govt) ৷ বিজেপিয়ে গান্ধীৰ অস্তিত্ব নোহোৱা কৰিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, বিজেপিৰ ৰাজত্বত দেশত হিন্দু সাম্প্ৰদায়িকতাবাদ উগ্ৰ হৈ উঠিছে । দেশত দূষিত পৰিৱেশ ৰচনা বা সৃষ্টি কৰাৰ বাবে দায়ী RSS, হিন্দু মহাসভাৰ দৰে উগ্ৰ সাম্প্ৰদায়িকতাবাদী আদৰ্শৰে অনুপ্ৰাণিত বৰ্তমানৰ চৰকাৰ ।

লগতে তেওঁ কয়, ‘‘বৰ্তমানৰ চৰকাৰৰ হাতত গান্ধীজীৰ আদৰ্শ-নীতি নিৰাপদ নহয় । সাম্প্ৰদায়িক সম্প্ৰতি বিনষ্ট হৈছে । গান্ধীৰ আদৰ্শ সৰোগত কৰিবলৈ আমি সকলোৱে সাজু থকাৰ লগতে যুঁজিবলৈ প্ৰস্তিত থকা উচিত । কিছু বছৰ পিছত নাথুৰাম গদছেৰো মৃত্যু দিৱস পাতিব এইখন চৰকাৰে ।’’

লগতে পঢ়ক: Ajmal controversial statement: আজমলৰ ৰাজনীতিৰ বিতৰ্কৰ জোলোঙাত আকৌ অসমীয়া ভাষা কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.