ETV Bharat / state

খেল' ইণ্ডিয়া: উদ্বোধনী অনুষ্ঠানলৈ নাহে প্ৰধানমন্ত্ৰী

author img

By

Published : Jan 8, 2020, 12:01 PM IST

অসমৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সমীচিন নহ'ব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক জনোৱা হৈছিল ।

PRIME MINISTER WILL NOT COME FOR KHELO INDIA OPENING CEREMONY
খেল' ইণ্ডিয়া: উদ্বোধনী অনুষ্ঠানলৈ নাহে প্ৰধানমন্ত্ৰী

গুৱাহাটী, ৮ জানুৱাৰী : খেল' ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নিৰাপত্তাজনিত কাৰণতে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচী বাতিল কৰা হৈছে । ১০ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া খেল' ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী উপস্থিত থকাৰ কথা আছিল যদিও ৰাজ্যত "কা" বিৰোধী আন্দোলন এতিয়াও প্ৰশমিত নোহোৱাৰ বাবেই তেওঁৰ এই ভ্ৰমণ নিৰাপত্তাজনিত কাৰণত বাতিল কৰা হৈছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে বিয়লি আনুষ্ঠানিকভাৱে এই ভ্ৰমণ বাতিলকৰণৰ কথা দিছপুৰক অৱগত কৰে ।

খেল' ইণ্ডিয়া: উদ্বোধনী অনুষ্ঠানলৈ নাহে প্ৰধানমন্ত্ৰী

স্মৰ্তব্য যে, অসমৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সমীচিন নহ'ব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক জনোৱা হৈছিল । তাৰেই পৰিপ্ৰেক্ষিতত মঙলবাৰে আনুষ্ঠানিকভাৱে তেওঁৰ ভ্ৰমণ বাতিল কৰা হয় । ইতিমধ্যে সদৌ অসম ছাত্র সন্থায়ো মুকলি ভাবে ঘোষণা কৰিছিল যে খেল' ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানলৈ যদিহে প্ৰধানমন্ত্ৰী আহে তেন্তে তেওঁ তীব্ৰ প্ৰতিবাদৰ সন্মুখিন হ'ব লাগিব ।

Intro:গুৱাহাটী, ৮ জানুৱাৰী : খেল' ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নিৰাপত্তাজনিত কাৰণতে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচী বাতিল কৰা হৈছে ।


Body:১০ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া খেল' ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী উপস্থিত থকাৰ কথা আছিল যদিও ৰাজ্যত " কা " বিৰোধী আন্দোলন এতিয়াও প্ৰশমিত নোহোৱাৰ বাবেই তেওঁৰ এই ভ্ৰমণ নিৰাপত্তাজনিত কাৰণত বাতিল কৰা হৈছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে বিয়লি আনুষ্ঠানিকভাৱে এই ভ্ৰমণ বাতিলকৰণৰ কথা দিছপুৰক অৱগত কৰে । স্মৰ্তব্য যে অসমৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সমিচিন নহব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক জনোৱা হৈছিল । তাৰেই পৰিপ্ৰেক্ষিতত মঙলবাৰে আনুষ্ঠানিকভাৱে তেওঁৰ ভ্ৰমণ বাতিল কৰা হয় ।


Conclusion:ইতিমধ্যে সদৌ অসম ছাত্র সন্থায়ো মুকলি ভাবে ঘোষণা কৰিছিল যে খেল' ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানলৈ যদিহে প্ৰধানমন্ত্ৰী আহে তেন্তে তেওঁ তীব্ৰ প্ৰতিবাদৰ মুখামুখি হব লাগিব ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.