ETV Bharat / state

ডিমা হাচাওত ভয়-ভাবুকিৰ ৰাজনীতি চলিছে: প্ৰদেশ কংগ্ৰেছৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 9:56 PM IST

Press Meet of APCC
বিজেপিৰ বিৰুদ্ধে অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

NC Hills Autonomous Council Election: ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকনৰ সংবাদমেল । কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা দেখি পৰাজয় নিশ্চিত হৈ শংকিত বিজেপি । কংগ্ৰেছৰ প্ৰাৰ্থী, প্ৰাৰ্থীৰ পৰিয়ালৰ লোক, প'লিং এজেণ্টক ফোন যোগে ভাবুকি । নিখোজ হৈ আছে কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাৰ্থী । অপহৰণৰ সন্দেহ । স্বচ্ছ-নিকা নিৰ্বাচনৰ দাবী প্ৰদেশ কংগ্ৰেছৰ ।

প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকনৰ সংবাদমেল

গুৱাহাটী, 22 ডিচেম্বৰ : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতি দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে ৷ 8 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া পাহাৰীয়া জিলাখনৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে সংঘটিত হোৱা কেতবোৰ ঘটনাৰ আলমত প্ৰদেশ কংগ্ৰেছে এই দাবী উত্থাপন কৰিছে ৷ শুকুৰবাৰে এই সন্দৰ্ভত গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকনে এখন সংবাদমেল সম্বোধন কৰে ৷

তেওঁ কয় যে পৰিষদৰ 28 টা সমষ্টিতে কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থী দিছে আৰু 4 টা সমষ্টিত মহিলা প্ৰাৰ্থী দিয়া হৈছে ৷ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা দেখি পৰাজয় নিশ্চিত হৈ বিজেপি শংকিত হৈছে বুলি অভিযোগ কৰি তেওঁ কয় যে কংগ্ৰেছৰ প্ৰাৰ্থী, প্ৰাৰ্থীৰ পৰিয়ালৰ লোক, প'লিং এজেণ্ট আদিক ফোন যোগে ভাবুকি দিয়া হৈছে ৷ যাৰ বাবে স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ দাবী উত্থাপন কৰিবলগীয়া হৈছে ৷

ডিমা হাছাওত থকা বিজেপিৰ নেতাৰ বিভিন্ন উগ্ৰপন্থী সংগঠনৰে সম্পৰ্ক থকাৰ অভিযোগ আছে বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছৰ তিনিগৰাকী প্ৰাৰ্থী বৰ্তমান সংযোগ বিচ্ছিন্ন হৈ আছে ৷ তেওঁলোক কি অৱস্থাত আছে জানিব পৰা হোৱা নাই বুলি তেওঁ সদৰী কৰে ৷

বিজেপি শাসিত স্বায়ত্তশাসিত পৰিষদ সমূহত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ তুলি তেওঁ কয় যে বিজেপিয়ে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ ডিমা হাছাওক ভয়-ভাবুকিৰ পৰিৱেশৰ পৰা মুক্ত কৰাৰ বাবে তেওঁ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আৰু আৰক্ষী সঞ্চালকৰ প্ৰতি দাবী জনায় ৷ এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা অভিযোগ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয় ৷

আনহাতে সংবাদমেলত জ্যেষ্ঠ কংগ্ৰেছ নেতা নিৰ্মল লাংথাচা আৰু জয়ৰাম ইংলেঙে ডিমা হাছাওৰ পৰিৱেশৰ বিষয়ে উল্লেখ কৰে ৷ তেওঁলোকে কয় যে বৃহস্পতিবাৰৰ পৰা কংগ্ৰেছৰ কিছু প্ৰাৰ্থী নিখোজ হৈ আছে ৷ বিশেষকৈ হামৰি, ৱেষ্ট মাইবং আৰু হাজাদিচা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তিনিগৰাকী যোগাযোগ বিচ্ছিন্ন হৈ আছে ৷

তেওঁলোকে লগতে কয় যে কেৱল কংগ্ৰেছৰে নহয় আন নিৰ্দলীয় প্ৰাৰ্থীকো ভয়-ভাবুকি প্ৰদান কৰা হৈছে ৷ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতা উপস্থিত আছিল ৷ ইফালে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা জনোৱা মতে ডিমা হাছাওৰ চাৰিটা সমষ্টিৰ কংগ্ৰেছৰ চাৰিগৰাকী প্ৰাৰ্থী নিখোজ হৈ আছে ৷ তেওঁলোকক অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে ৷ হামৰি, ৱেষ্ট মাইবং আৰু হাজাদিচা সমষ্টিৰ লগতে হাৰাংগাঝাৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকীও নিখোজ হৈ আছে ৷

লগতে পঢ়ক : হঠাৎ সন্ধানহীন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ তিনিজনকৈ কংগ্ৰেছ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.