ETV Bharat / state

লক্ ডাউনক লৈ ৰাজনীতি নকৰিব : ৰঞ্জিৎ দাস

author img

By

Published : Jul 1, 2020, 8:52 PM IST

বুধবাৰে নিজ বাসগৃহত এখন সংবাদমেল সম্বোধন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে ৷ সংবাদমেলযোগে কংগ্ৰেছ দলক লক্ ডাউনক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিলে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷

as_ghy_01_ranjit_das_pc_7206058
as_ghy_01_ranjit_das_pc_7206058

গুৱাহাটী, ১ জুলাই: লক্ ডাউনক লৈ ৰাজনীতি নকৰিবলৈ কংগ্ৰেছ দলক সকীয়াই দিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে । বুধবাৰে নিজৰ চৰকাৰী বাসগৃহত এখন সংবাদমেলত ভাগ লৈ সভাপতি গৰাকীয়ে কয় যে, এই সময়ত ক'ভিড আৰু বানপানীয়ে অসমবাসীক জুৰুলা কৰিছে । গতিকে, ক'ভিডক লৈ কোনেও ৰাজনীতি কৰাটো উচিত নহয় । গুৱাহাটীত পুনৰ লক্ ডাউন দিয়া বিষয়টোক লৈ কংগ্ৰেছ দলে ৰাজনীতি কৰিছে, অসন্তুষ্টি ব্যক্ত কৰিছে । কিন্তু মহাৰাষ্ট্ৰত কংগ্ৰেছৰে চৰকাৰ চলি আছে আৰু চলিছে লক্ ডাউন । অসমৰ কংগ্ৰেছ দলে ইয়াৰ বিৰুদ্ধাচৰণ নকৰে কিয় বুলিও ৰঞ্জিৎ দাসে প্ৰশ্ন উত্থাপন কৰে ।

লক্ ডাউনক লৈ ৰাজনীতি নকৰিব: ৰঞ্জিৎ দাস
আনহাতে, মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে নৱেম্বৰ পৰ্যন্ত সকলোকে 5 কিলোগ্ৰামকৈ চাউল আৰু 1 কিলোগ্ৰামকৈ দাইল দিব বুলি কৰা ঘোষণাক আদৰণি জনাই ৰঞ্জিৎ দাসে কয় যে, ইয়াৰ ফলত অসমৰ প্ৰায় ৫৮ লাখ পৰিয়ালে এই সুবিধা লাভ কৰিব । প্ৰধানমন্ত্ৰীৰ এই ঘোষণা মৰ্মে অসমত প্ৰতি মাহে ১ লাখ ২৫ হাজাৰ টন চাউল আৰু ৫,৭৯৫ টন ডাইল এই পৰিয়াল সমূহক বিতৰণৰ বাবে প্ৰয়োজন হ'ব ।
প্ৰধানমন্ত্ৰীয়ে নৱেম্বৰ পৰ্যন্ত সকলোকে 5 কিলোগ্ৰামকৈ চাউল আৰু 1 কিলোগ্ৰামকৈ দাইল দিয়াৰ ঘোষণাক আদৰণি ৰঞ্জিৎ দাসৰ
আনহাতে ৰাজ্যজুৰি চলি থকা বিজেপিৰ জনসম্পৰ্ক অভিযান বানপানীৰ বাবে সদ্যহতে স্থগিত ৰখা হৈছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে, ৬ জুলাইলৈকে এই কাৰ্যসূচীৰ সময়সীমা বৃদ্ধি কৰা হৈছে । ইপিনে ৰঞ্জিৎ দাস আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে চৰকাৰৰ আহ্বান মৰ্মে স্বাৱ পৰীক্ষা কৰাৰ পিচত, তাৰ ফলাফল নিগেটিভ পোৱা গৈছে । আজিৰ এই সংবাদমেলতে জুলাই মাহৰ "বিজেপি বাৰ্তা" আলোচনীখনো উন্মোচন কৰে ৰঞ্জিৎ দাসে ।
ৰঞ্জিৎ দাস আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱা গৈছে
লগতে পঢ়কঃ সংকটত নেপালৰ প্ৰধানমন্ত্ৰীৰ চকী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.