ETV Bharat / state

Press meet by Anganwadi Workers: 20 জুলাইৰ পৰা ধাৰাবাহিক কৰ্মবিৰতি অংগনবাদী কৰ্মী-সহায়িকাৰ

author img

By

Published : Jul 1, 2023, 10:34 AM IST

ধাৰাবাহিক কৰ্মবিৰতিৰ হুংকাৰ অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ ৷ 10 জুলাইত ৰাজ্যিক বিক্ষোভ কাৰ্যসূচী পালন কৰাৰ বিপৰীতে 20 জুলাইৰ পৰা ধাৰাবাহিক কৰ্মবিৰতি পালন কৰা হ’ব বুলি এক সংবাদ মেলযোগে সন্থাই জানিবলৈ দিয়ে ৷

Press meet by Anganwadi Workers
Press meet by Anganwadi Workers: 20 জুলাইৰ পৰা ধাৰাবাহিক কৰ্মবিৰতি অংগনবাদী কৰ্মী-সহায়িকাৰ

Press meet by Anganwadi Workers: 20 জুলাইৰ পৰা ধাৰাবাহিক কৰ্মবিৰতি অংগনবাদী কৰ্মী-সহায়িকাৰ

গুৱাহাটী, 1 জুলাই: চৰকাৰৰ নিৰ্লিপ্ততাৰ প্ৰতিবাদত পুনৰ ৰাজপথত নামিব অংগনবাদী কৰ্মী সহায়িকা । 10 জুলাইত ৰাজ্যিক বিক্ষোভ কাৰ্যসূচী আৰু 20 জুলাইৰ পৰা ধাৰাবাহিক কৰ্মবিৰতি পালন কৰিব বুলি শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলযোগে ঘোষণা কৰে অংগনবাদী কৰ্মী সহায়িকাসকলে । সংবাদমেলখন সম্বোধন কৰি সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সম্পাদক ইন্দিৰা নেৱাৰে কয়, পৰিশ্ৰমৰ বিনিময়ত মাননি নহয় উপযুক্ত মজুৰি আদায় দিয়া, অসম চৰকাৰে মাহিলি মাননি 10 হাজাৰ টকালৈ বৃদ্ধি কৰা, আই চি ডি এছৰ নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়া, চৰকাৰে ঘোষণা কৰা অৱসৰকালৰ এককালীন অনুদান অতি শীঘ্ৰে আদায় দিয়া, অংগনবাদী কেন্দ্ৰৰ সকলো গৃহ উন্নতভাৱে নিৰ্মাণ কৰা, কৰ্মীৰ খালী পদলৈ সহায়িকাৰ পদোন্নতি নিশ্চিত কৰা আৰু মিনি অংগনবাদী কেন্দ্ৰসমূহ পূৰ্ণাঙ্গ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ দাবী বিগত বৰ্ষৰ 1 ছেপ্টেম্বৰৰ পৰাই অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই জনায় আহিছে ৷ কিন্তু এই দাবী তথা আন্দোলনৰ প্ৰতি অসম চৰকাৰৰ নিৰ্লিপ্ততাই ক্ষুব্ধ কৰি তুলিছে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক । এনে নির্লিপ্ততাৰ প্ৰতিবাদত অহা 10 জুলাইত ৰাজ্যিক বিক্ষোভ কাৰ্যসূচী আৰু 20 জুলাইৰ পৰা ধাৰাবাহিক কর্মবিৰতি পালন কৰা হ’ব বুলি সন্থাই উল্লেখ কৰে ।

উল্লেখযোগ্য যে যোৱা 23 মে'ৰ পৰা 26 মে' লৈ অসমৰ অংগনবাদী কর্মী-সহায়িকাসকলে অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চাৰিদিন ধৰি আই চি ডি এচৰ সকলো কামৰ পৰা বিৰত আছিল । ট্রেড ইউনিয়ন আইন অনুসৰি 14 দিনৰ পূৰ্বে আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি কাৰ্যসূচী পালন কৰাৰ পাছতো মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকগৰাকীয়ে আন্দোলনকাৰীসকলক দাবী পূৰণ কৰাৰ বিপৰীতে ভয়-ভাবুকি প্ৰদান কৰি আহিছে বুলি কৰ্মীসকলে জানিবলৈ দিয়ে । আনকি ধৰ্মঘটৰ চাৰিদিনৰ মাননি কৰ্তন কৰা, কামত উপস্থিত নথকাৰ অভিযোগত কামৰ পৰা বৰ্খাস্ত কৰা ইত্যাদি ভাবুকি দি আন্দোলন দমন কৰাৰ পদক্ষেপ হাতত লৈছে বুলি সংবাদমেলত উল্লেখ কৰে সন্থাৰ সভানেত্ৰী জয়মতী দাসে ।

সঞ্চালকৰ এই পদক্ষেপক তীব্ৰ গৰিহণা দি সংগঠনটোৰ ৰাজ্যিক নেতৃত্বই অসমৰ সকলো কর্মী-সহায়িকাকে আগন্তুক দিনত আন্দোলন তীব্ৰতৰ কৰাৰ আহ্বান জনাইছে । দুৰ্ভাগ্যজনক বিষয় যে, বিগত এটা বছৰ ধৰি একেই দাবীৰ ভিত্তিত আবেদন-নিবেদন কৰি থকা স্বত্বেও অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্রী তথা বিভাগীয় সঞ্চালকে দাবী মীমাংসাৰ প্ৰয়োজনীয় পদক্ষেপ নল'লে । আজিলৈকে অসম চৰকাৰৰ কোনো মন্ত্রী-বিষয়াই অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সস্থাই উত্থাপন কৰা দাবী অযুক্তিকৰ অথবা অন্যায় বুলিও ক'ব পৰা নাই বুলি সন্থাই সংবাদমেলখনত উল্লেখ কৰে । তেনেস্থলত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক ভাবুকি প্ৰদান কৰাৰ কি যুক্তি থাকিব পাৰে তাক স্পষ্ট কৰিবলৈ সংগঠনে অসম চৰকাৰৰ ওচৰত দাবী জনায় ।

সন্থাই এনে দাবী পত্ৰ অসম বিধান সভাৰ 70 জনতকৈও অধিক বিধায়কৰ ওচৰতো দাখিল কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে দুই-এগৰাকী বিধায়কে অসম বিধান সভাত বিষয়বোৰ উত্থাপনো কৰিছে বুলি জানিবলৈ দিয়ে । অৱশ্যে তাৰপিচতো নিৰ্বিকাৰ ভূমিকাত অসম চৰকাৰ । মজুৰি অথবা অন্যান্য সা-সুবিধা প্ৰদানৰ বিপৰীতে নানা প্ৰকাৰৰ চৰকাৰী কামৰ বোজা দিনক দিনে বৃদ্ধি কৰি থকাৰ ফলত ভীষণ সমস্যাৰ মুখামুখি হ’বলগীয়াত পৰিছে বুলি কয় সন্থাই । স্বাভাৱিকভাৱে বিভাগৰ চূড়ান্ত উদাসীনতা আৰু অসম চৰকাৰৰ দায় সৰা মনোভাৱে কৰ্মী আৰু সহায়িকাসকলক কৰ্মবিৰতিৰ দৰে চূড়ান্ত কাৰ্যসূচী ল'বলৈ বাধ্য কৰাইছে ।

উল্লেখ্য যে, অসমত অংগনবাদী কর্মী, মিনি অংগনবাদী কৰ্মী আৰু অংগনবাদী সহায়িকাসকলে কেন্দ্ৰৰ মাধ্যমেৰে ছয়টা মৌলিক সেৱা প্ৰদান কৰি থকাৰ উপৰিও পোষণ ট্ৰেকাৰ, BLO, NRC, PMMVY, আয়ুষ্মান ভাৰত, প্লাচ পলিঅ', অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আছে । আই চি ডি এচৰ একোগৰাকী স্বেচ্ছাসেৱিকা হিচাবে নিয়োজিত কর্মী-সহায়িকাৰ ওপৰত উল্লেখিত সকলো কামৰ বোজা জাপি দি চৰকাৰে তেওঁলোকক প্ৰদান কৰা নাই প্ৰাপ্য মজুৰি । সামান্য মাননিৰ ধন দি 12 ঘণ্টা পৰ্যন্ত কাম কৰিবলৈ বাধ্য কৰি আছে বুলিও জানিবলৈ পৰা গৈছে । দুৰ্ভাগ্যৰ বিষয় যে, ক'ৰণা কালত নিজৰ জীৱনক তুচ্ছ কৰি আগবঢ়োৱা ক‘ৰ’ণা সেৱাৰ বাবদ 500 টকাকৈ আদায় দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিল সেয়া আজি পৰ্যন্ত কাৰ্যকৰী কৰা নহ’ল ।

লগতে পঢ়ক : Cheating with workers: ঠিকাদাৰ ইমানে হাৰিয়ানালৈ নি উপায়হীন কৰিলে অসমৰ অৰ্ধ শতাধিক শ্ৰমিকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.