ETV Bharat / state

Press Meet of Youth Congress : বিজেপিৰ বিৰুদ্ধে যুৱশক্তিক ঐক্যবদ্ধ কৰাৰ প্ৰয়াস প্ৰদেশ যুৱ কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 4:52 PM IST

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষ্যে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছে গ্ৰহণ কৰা ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেম অসমতো আৰম্ভ কৰা হৈছে ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকে ৷

Press Conference of Assam Pradesh Youth Congress
ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেম

গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ যুৱ কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, 7 ছেপ্টেম্বৰ : প্ৰদেশ যুৱ কংগ্ৰেছে বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেম আৰম্ভ কৰিছে ৷ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষ্যে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছে গ্ৰহণ কৰা ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেম অসমতো আৰম্ভ কৰা হৈছে ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাহুল আমিনে ৷

তেওঁ কয় যে বিগত বৰ্ষৰ আজিৰ দিনটোতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল ৷ দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা কৰা, মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ বিষয় লৈ ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কৰিছিল ৷ এতিয়াও ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ শেষ হোৱা নাই ৷ বিভিন্ন স্তৰৰ লোকৰ মাজলৈ গৈ ৰাহুল গান্ধীয়ে তেওঁলোকৰ সমস্যা তথা দুখ-বেদনাৰ বুজ লৈছে ৷

তেওঁ লগতে কয় যে ভাৰত জোড়োৰ যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষ্যে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে এটা প্ৰগ্ৰেম হাতত লৈছে আৰু সেইটো হৈছে ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেম ৷ অসমত আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰগ্ৰেমৰ যোগেদি কেতবোৰ বাৰ্তা ৰাইজৰ মাজলৈ লৈ যোৱা হ'ব ৷ তেওঁ লগতে কয় যে বিজেপি চৰকাৰৰ দিনত দেশত নিবনুৱাৰ হাৰ হৈছে 7.95 শতাংশ ৷ সেইদৰে অভাৱনীয় হাৰত বৃদ্ধি পাইছে মূল্যবৃদ্ধি ৷ এই সমস্যাৰ বিৰুদ্ধে যুৱ সমাজক লগত লৈ যুঁজ দিয়াৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব বুলি তেওঁ কয় ৷

তেওঁ কয় যে, ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেমত কংগ্ৰেছৰ সদস্যৰ উপৰিও মিত্ৰতা কৰা দলসমূহৰ সদস্য সকলে যোগদান কৰিব পাৰিব ৷ 2024 চনৰ ভাৰত জোড়োৰ কেম্পেইনিং টিমত এইসকল অন্তৰ্ভুক্ত হ'ব ৷ দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে তেওঁলোকক লগত লৈ যুৱ কংগ্ৰেছে আগুৱাই যোৱাৰ বাবে চেষ্টা চলাব বুলি তেওঁ কয় ৷ আনহাতে ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেমত যোগদান কৰা সকলক বিভিন্ন ক্ষেত্ৰত নিয়োজিত কৰা হ'ব ৷ প্ৰতিভা বিকাশত সুযোগ দিয়া হ'ব বুলি তেওঁ কয় ৷ সংবাদমেলত প্ৰদেশ যুৱ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ৷

লগতে পঢ়ক : Electricity camp in Nagaon: মুখ্যমন্ত্ৰী ড৹ শৰ্মাক মিছলীয়া আখ্যা ননৈ গোমোঠা গাঁওবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.