ETV Bharat / state

Raijor Dal : লোকসভা নিৰ্বাচনত এখনো আসনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজৰ দলে

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 9:15 PM IST

Updated : Oct 26, 2023, 9:20 PM IST

Akhil Gogoi Reacts Over Lok Sabha Election 2024
চৰম ত্যাগৰ বাবে সাজু ৰাইজৰ দল

আগন্তুক লোকসভা নিৰ্বাচনত এখনো আসনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত ৰাইজৰ দলৰ ৷ যিকোনো প্ৰকাৰে বিজেপিক পৰাভূত কৰিবলৈ ৰাইজৰ দলে এই সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে দলটোৰ সভাপতি অখিল গগৈয়ে ৷

আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত ৰাইজৰ দলৰ

গুৱাহাটী, 26 অক্টোবৰ : 2024 ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্যৰে চৰম ত্যাগৰ বাবে সাজু ৰাইজৰ দল ৷ আগন্তুক লোকসভা নিৰ্বাচনত এখনো আসনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজৰ দলে ৷ গুৱাহাটীত বৃহস্পতিবাৰে অনুষ্ঠিত বিৰোধী ঐক্যমঞ্চৰ বৈঠকত ঘোষণা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷

যিকোনো প্ৰকাৰে বিজেপিক পৰাভূত কৰিবলৈ ৰাইজৰ দলে এই সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে দলটোৰ সভাপতি অখিল গগৈয়ে ৷ লোকসভা নিৰ্বাচনকেন্দ্ৰিক আসন ভাগ-বাটোৱাৰাত বিৰোধীৰ মাজত যাতে কোনো খেলিমেলিৰ সৃষ্টি যাতে নহয়, সেই উদ্দেশ্যেৰে চৰম ত্যাগৰ সিদ্ধান্ত ৰাইজৰ দলে লৈছে বুলি কয় তেওঁ ৷ লগতে বিৰোধী ঐক্যৰ সকলো প্ৰাৰ্থীক জয়ী কৰাবলৈ সৰ্বতোপ্ৰকাৰে ৰাইজৰ দল জঁপিয়াই পৰিব বুলিও উল্লেখ কৰে তেওঁ ৷ বিৰোধী ঐক্যৰ বৈঠকৰ পিছতে এই কথা ঘোষণা কৰে অখিল গগৈয়ে ৷

ৰাইজৰ দলৰ এই সিদ্ধান্তই বিৰোধী দলবোৰক দলীয় স্বাৰ্থৰ উৰ্ধত সিদ্ধান্ত ল’বলৈ উদ্বুদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰিছে অখিল গগৈয়ে ৷ উল্লেখযোগ্য যে গুৱাহাটীৰ ছয়মাইলৰ এখন হোটেলত বৃহস্পতিবাৰে অনুষ্ঠিত বিৰোধী ঐক্যমঞ্চৰ বৈঠকৰ পূৰ্বে অনুষ্ঠিত ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল দলটোৱে ৷ বৈঠকত অংশগ্ৰহণৰ বাবে প্ৰৱেশৰ প্ৰাক মুহূৰ্তত এক ঐতিহাসিক সিদ্ধান্ত আৰু প্ৰস্তাৱ লৈ অহা বুলি মন্তব্য কৰিছিল দলটোৰ সভাপতি অখিল গগৈয়ে ৷

ইফালে বুধবাৰে অখিল গগৈয়ে সংবাদ মাধ্যমৰ যোগেদি লোকসভা নিৰ্বাচনৰ বাবে যোৰহাটৰ আসনখন ৰাইজৰ দলৰ বাবে দাবী কৰিছিল ৷ কিন্তু তাৰ পিছদিনাই বৃহস্পতিবাৰে দলটোৰ কৰ্ণধাৰ সমিতিয়ে আগন্তুক লোকসভা নিৰ্বাচনত তেওঁলোকে এখনো আসনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৰাইজৰ দলৰ এই সিদ্ধান্তই যে বিৰোধী শিবিৰক, বিশেষকৈ কংগ্ৰেছ দলক সকাহ দিছে সেয়া নিশ্চিত ৷

লগতে পঢ়ক : Badruddin Ajmal : কংগ্ৰেছক চকুপাৰি দেখিব নোৱৰা হ’ল আজমলে, তথাপিও INDIAত চামিল হোৱাৰ মন এটা আছে

Last Updated :Oct 26, 2023, 9:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.