ETV Bharat / state

President Draupadi Murmu: দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

author img

By

Published : Oct 12, 2022, 12:40 PM IST

President Draupadi Murmu will arrive in Assam two day visit
দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে (Droupadi Murmu will attend several government functions) । আই আই টি গুৱাহাটীত উদ্বোধন কৰিব ছুপাৰ কম্পিউটাৰ সুবিধা থকা 'পৰম কামৰূপা’। ভার্চুৱেলী মুকলি কৰিব ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাল । ১৪ অক্টোবৰত মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । মুকলি কৰিব কেইবাটাও আঁচনি ।

গুৱাহাটী, ১২ অক্টোবৰ: ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ আহিব দ্ৰৌপদী মুৰ্মু (India Preisident Droupadi Murmu)। দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু । বিশেষ বিমানযোগে ত্ৰিপুৰাৰ পৰা দুপৰীয়া গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত (Lokpriya Gopinath Bordoloi International Airport) উপস্থিত হ’ব লগীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে বিমান বন্দৰৰ পৰা পোনে পোনে আই আই টি গুৱাহাটীলৈ যাব (President Draupadi Murmu will visit Assam)।

আই আই টি গুৱাহাটীৰ চৌহদত ৰাষ্ট্ৰপতিগৰাকীয়ে ছুপাৰ কম্পিউটাৰ সুবিধা থকা 'পৰম কামৰূপা’ উদ্বোধন কৰিব । লগতে এটা অত্যাধুনিক গৱেষণাগাৰো মুকলি কৰিব । ইয়াৰ উপৰি তেওঁ ভার্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালখন উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড় আৰু জবলপুৰত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব (President Droupadi Murmu will inaugurate DMCH) ।

ইয়াৰ পাছত সন্ধিয়া তেওঁ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটাব । আনহাতে ১৪ অক্টোবৰৰ দিনা তেওঁ পুৱা মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

ৰাষ্ট্ৰপতিগৰাকীয়ে তিনি হাজাৰ মডেল অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰাৰ লগতে মিছন সৌভাগ্য শুভ উদ্বোধন কৰিব । আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে চাহ বাগিচা এলেকাত স্থাপন কৰিবলগীয়া এশখন মডেল মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে চাৰিলেনযুক্ত গহপুৰ-হোলেংগী পথ আৰু দুইলেনযুক্ত শিলচৰ বদৰপুৰ পথো মুকলি কৰিব ।

ইয়াৰ উপৰি ডিব্ৰুগড়-লিডু ৰোড (পেকেজ এক আৰু দুই)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শিলচৰত পেট্ৰলমজুত কৰা ভাণ্ডাৰ মুকলি, নাগালেণ্ডৰ চৌখভিৰ পৰা মেঘালয়ৰ মেদিনী পথাৰলৈকে চলিবলগীয়া এখন ৰে'লৰ শুভাৰম্ভণি কৰিব ।

আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ আগিয়াঠুৰিত স্থাপন কৰিব লগীয়া ৰে'লৰ এটা কাৰ্গো তথা ক’চিং টার্মিনেলৰো আধাৰশিলা স্থাপন কৰিব । ইয়াৰ পাছতেই দুপৰীয়া বিশেষ বিমানযোগে দিল্লীলৈ উভতি যাব ৰাষ্ট্ৰপতিগৰাকী ।

লগতে পঢ়ক: ১২ অক্টোবৰত DMCH ৰ শুভ উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.