১২ অক্টোবৰত DMCH ৰ শুভ উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে

author img

By

Published : Sep 29, 2022, 12:22 PM IST

President Droupadi Murmu will inaugurate DMCH on October

১২ অক্টোবৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ শুভ উদ্বোধন কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে (President Droupadi Murmu will inaugurate DMCH) ৷ ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ধুবুৰী মেডিকেল কলেজৰ পাঠদান ৷ চিকিৎসা মহাবিদ্যালয়খনৰ শেহতীয়া কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্য নিৰ্মীয়মান চিকিৎসালয়খনত বুধবাৰে উপস্থিত হোৱা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জনালে এই তথ্য ৷

ধুবুৰী, 29 ছেপ্টেম্বৰ: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ৰোগীৰ চিকিৎসাৰ বাবে মুকলি হ’ব ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ৷ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে শুভ উদ্বোধন কৰিব চিকিৎসা মহাবিদ্যালয়খনৰ (Dhubri Medical College Hospital) ৷ ১২ অক্টোবৰত গুৱাহাটীৰ পৰাই ভাৰ্ছুৱেলী উন্মোচন হ’ব লগা চিকিৎসা মহাবিদ্যালয়খনৰ শেহতীয়া কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে নিৰ্মীয়মান চিকিৎসালয়খনত বুধবাৰে উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta) ৷

চিকিৎসালয়খনৰ কামৰ অগ্ৰগতিৰ বুজ লৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, ১০০ গৰাকী MBBS ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰা হৈছে ৷ অহা ১ নৱেম্বৰৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে (President Droupadi Murmu will inaugurate DMCH) ।

১২ অক্টোবৰত DMCH ৰ শুভ উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে

উল্লেখ্য যে, বুধবাৰে মন্ত্ৰীগৰাকীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ চিকিৎসালয়খনৰ সকলো দিশৰ বুজ লোৱাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ এখন গুৰুত্বপূৰ্ণ সভাতো অংশগ্ৰহণ কৰে । এই সভাত গভাৰ্নিং বডিৰ অধ্যক্ষ হিচাপে থকা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে উপস্থিত থাকে স্থানীয় বিধায়কসকল, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা, ডি এম চি এইচৰ অধীক্ষক, চিকিৎসা মহাবিদ্যালয়খনৰ পৰিচালনা মণ্ডলী, চিকিৎসকসকল আৰু লোকনিৰ্মাণ (গৃহ) বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত থাকে ।

ইপিনে গভাৰ্নিং বডিৰ অধ্যক্ষ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বুধবাৰে আন এখন গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হৈ যায় (Governing body Chairman MP Pavithra Margherita) । এই গভাৰ্নিং বডিৰ বৈঠকত ধুবুৰী জিলাৰ স্থানীয় বিধায়কসকলৰ উপৰিও জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা, ডি এম চি এইচৰ অধীক্ষক, চিকিৎসা মহাবিদ্যালয়খনৰ পৰিচালনা মণ্ডলী উপস্থিত থাকে । বৈঠকত প্ৰতিটো দিশ সামৰি বহু গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ।

লগতে পঢ়ক: ধুবুৰীবাসীৰ বাবে সুখবৰ: ধুবুৰীত মুকলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.