ETV Bharat / state

Durga Puja 2023: পূজা ! মহানগৰীত কোনে কি আৰ্হিত নিৰ্মাণ কৰিছে পূজা মণ্ডপ

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 4:47 PM IST

শাৰদী ৰাণীক আদৰাত ব্যস্ত গুৱাহাটীবাসী ৷ কোনোৱে সাজিছে বৃন্দাবনৰ চন্দ্ৰোদয় মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ আন কোনোৱে মণ্ডপ সাজিছে থাইলেণ্ডৰ বৌদ্ধ মন্দিৰৰ আৰ্হিত ৷ ভক্তৰ আকৰ্ষণৰ বাবে বিভিন্ন পৰিকল্পনাৰে গুৱাহাটীৰ পূজা কমিটিসমূহে বিভিন্ন আৰ্হিৰে সাজি উলিয়াইছে পূজা মণ্ডপ ৷

Durga Puja 2023
মহানগৰীত কোনে কি আৰ্হিত নিৰ্মাণ কৰিছে পূজা মণ্ডপ

মহানগৰীত কোনে কি আৰ্হিত নিৰ্মাণ কৰিছে পূজা মণ্ডপ

গুৱাহাটী, 18 অক্টোবৰ: শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো এদিন বাকী । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠিছে । পূজাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । পূজা সমিতিবোৰে লাখ লাখ টকা বাজেটেৰে শাৰদীয় দুৰ্গা পূজা আয়োজন কৰিছে ।

মহানগৰীৰ কোনখন পূজা মণ্ডপ আটাইতকৈ আকৰ্ষণীয় হ’ব সেয়া এই প্ৰতিবেদন পঢ়িলে আপুনি উমান পাব ৷

বৃন্দাবনৰ চন্দ্ৰোদয় মন্দিৰৰ আৰ্হিত মণ্ডপ সাজি ভক্তক চমক দিবলৈ সাজু হৈছে মহানগৰীৰ বিষ্ণুপুৰ সার্বজনীন দুর্গা পূজা উদযাপন সমিতিয়ে । মালিগাঁৱৰ ৰেষ্ট কেম্প কালিবাড়ী দুর্গা পূজা সমিতিয়ে এইবাৰ একুৰিয়ামৰ আৰ্হিত মণ্ডপ নিৰ্মাণ কৰিছে । আঠগাঁও সার্বজনীন দুর্গা পূজাৰ এইবাৰৰ থিম হৈছে জনজাতীয় লোকৰ পৰম্পৰা প্ৰদৰ্শন । বিমলা নগৰ সাৰ্বজনীন দুর্গা পূজাৰ মূল মণ্ডপটো মেক্সিকোৰ এটা প্রাচীন হিন্দু মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিছে । থাইলেণ্ডৰ বৌদ্ধ মন্দিৰৰ আৰ্হিত সজা হৈছে গীতানগৰ সাৰ্বজনীন পূজা সমিতিৰ মণ্ডপ ।

পুৰণি দুমহলীয়া অট্টালিকাৰ আৰ্হিৰে মণ্ডপ সাজি চমক দিব বিচাৰিছে শান্তিপুৰ শ্লু’ইছগেট পূজা সমিতিয়ে । তদুপৰি এইবাৰ দুর্গোৎসৱত চন্দ্ৰযানৰ কাৰুকাৰ্য দেখুৱাব বেলতলা লক্ষ্মী মন্দিৰ দুৰ্গা পূজা সমিতিয়ে । লতাশিল খেলপথাৰত গুৱাহাটী সার্বজনীন দুর্গা পূজা সমিতিয়ে আয়োজন কৰা এইবাৰৰ পূজাত দেখিবলৈ পোৱা যাব 65 ফুট উচ্চতাৰ শিৱলিংগ ।পশ্চিমবংগৰ মহিলা ঢাকিৰে ৰাইজক ভক্তি ৰস দিব বিচাৰিছে পাণ্ডু ইনষ্টিটিউট কলনী পূজা সমিতিয়ে ।

ব্যতিক্ৰম নহয় নয়নতৰা ক্লাব পূজা সমিতিও । পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বাঁহেৰে সাজি উলিয়াইছে ইকো-ফ্ৰেইণ্ডলী পূজা মণ্ডপ । ছাত্ৰীবাৰী সাৰ্বজনীন দেৱ পূজা সমিতিয়ে এইবেলি গ্ৰামোফোন, টেলিভিচনৰ থিম লৈছে ।

এই পূজা সমিতিসমূহৰ বাজেট হৈছে বিষ্ণুপুৰ দুৰ্গা পূজাৰ 48 লাখ, ৰেষ্ট কেম্প কালীবাড়ী দুর্গা পূজা 40 লাখ, ভাস্কৰ নগৰ দুৰ্গা পূজা 35 লাখ, বিষ্ণুপুৰ বিমলা নগৰ পূজা 25 লাখ, আঠগাঁও সার্বজনীন পূজা 28 লাখ, গীতানগৰ সাৰ্বজনীন পূজা 28 লাখ, শান্তিপুৰ শ্লুইচগেট পূজা 26 লাখ, বেলতলা পূজা 22 লাখ, নয়নতৰা ক্লাব পূজা 18 লাখ, গুৱাহাটী সার্বজনীন পূজা (লতাশিল)17 লাখ, পাণ্ডু ইনষ্টিটিউট কলনি পূজা 15 লাখ, ছাত্ৰীবাৰী পূজা 15 লাখ টকা ।

লগতে পঢ়ক:Durga Puja 2023:জোনাইত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.