ETV Bharat / state

প্ৰতিবন্ধী সকলৰ পেঞ্চন প্ৰদানত বিত্ত বিভাগৰ অনিহা প্ৰকাশৰ অভিযোগ

author img

By

Published : Jan 20, 2021, 8:17 PM IST

pratibandhi surakhya santha press meet
প্ৰতিবন্ধী সকলৰ পেঞ্চন প্ৰদানত বিত্ত বিভাগৰ অনিহা প্ৰকাশৰ অভিযোগ

আগন্তুক 23 জানুৱাৰীৰ ভিতৰত প্ৰতিবন্ধী সকলৰ পেঞ্চন প্ৰদান নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ ৷ তদুপৰি মিত্ৰজোঁটৰ চৰকাৰখনে প্ৰতিবন্ধী সকলৰ বেকলগ পূৰণ, পেঞ্চন প্ৰদান আদি বিষয়ত কোনো গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷

গুৱাহাটী, 20 জানুৱাৰী : প্ৰতিবন্ধী সকলৰ পেঞ্চন প্ৰদানত হিমন্ত বিশ্বৰ অধীনৰ বিত্ত বিভাগে চৰম অনিহা প্ৰকাশ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে ৷ বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷

প্ৰতিবন্ধী সকলৰ পেঞ্চন প্ৰদানত বিত্ত বিভাগৰ অনিহা প্ৰকাশৰ অভিযোগ

আগন্তুক 23 জানুৱাৰীৰ ভিতৰত যদি পেঞ্চন আদায় নিদিয়ে তেন্তে ব্যাপক আন্দোলন গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে সংগঠনৰ নেতৃত্বই ৷ সংগঠনৰ নেতৃত্বই লগতে কয় যে, মিত্ৰজোঁটৰ চৰকাৰখনে প্ৰতিবন্ধী সকলৰ বেকলগ পূৰণ, পেঞ্চন প্ৰদান আদি বিষয়ত কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ লগতে জাতি, মাটি, ভেটি ৰক্ষা কৰা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰখনে দিব্যাংগ সকলৰ মাহেকীয়া ১০০০ টকাৰ পেঞ্চন দিয়াৰ ক্ষেত্ৰতো যেন বিত্ত বিভাগে অনীহা প্ৰকাশ কৰিছে বুলি গুৰুতৰ অভিযোগ কৰে ৷

পেঞ্চনৰ বাবে ২০২০ চনলৈ নিৰ্বাচিত কৰা ১,৬০,৬১২ গৰাকী প্ৰতিবন্ধী ব্যক্তিৰ বাবে অক্টোবৰ, নবেম্বৰ আৰু ডিচেম্বৰ মাহৰ মুঠ ৪৮,১৮,৩৬,০০০ টকা মোকলাই দিয়াৰ বাবে সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা বিগত বৰ্ষৰ ১৬ অক্টোবৰতে দিছপুৰলৈ DSW(SJ)6/2018/95 নম্বৰৰ পত্ৰ প্ৰেৰণ কৰিছিল যদিও দিছপুৰৰ পৰা বিত্ত বিভাগে আজিলৈকে এই ধনৰাশি মুকলি কৰি নিদিলে ৷ ফলস্বৰূপে ভোগালী বিহুৰ সময়ত প্ৰতিবন্ধী সকলে নিজৰ প্ৰাপ্য পেঞ্চনৰ পৰা বঞ্চিত হবলগীয়া হ‘ল ৷

আনহাতে DSW(SJ)55/2017/Pt/28 নং পত্ৰযোগে বিগত বৰ্ষৰ ১৬ ডিচেম্বৰতে সমাজ কল্যাণ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা দিছপুৰলৈ ১৯,১৩৯ গৰাকী নতুন হিতাধিকাৰীৰ বাবে ২৪,৯৫,০০,০০০ টকা অতিৰিক্ত ভাৱে আৱন্টন বিচাৰিছিল যদিও বিত্ত বিভাগে এই ক্ষেত্ৰত সম্পূৰ্ণ অনিহা প্ৰকাশ কৰি ধনৰাশি মোকলাই দিয়াৰ পৰা বিৰত থাকিল ৷ ফলস্বৰূপে ৩৯,১৩৯ গৰাকী প্ৰতিবন্ধী নতুনকৈ হিতাধিকাৰী হিচাপে নিৰ্বাচিত কৰা ব্যক্তিসকলে এই ধনৰাশি পোৱাৰ পৰা বঞ্চিত হ‘ল ৷ বিগত বৰ্ষৰ ৬ মাৰ্চত বাজেট অধিবেশনত বিত্তমন্ত্ৰী গৰাকীয়ে ১০% নতুন হিতাধিকাৰীক অন্তভূক্ত কৰিব বুলি যি কথা উল্লেখ কৰিছিল সেয়া বিভাগটোৰ কাৰ্যই অসাৰ প্ৰতিপন্ন কৰিলে বুলিও মন্তব্য আগবঢ়ায় সংগঠনটোৰ নেতৃত্বই ৷
লগতে পঢ়ক: কেনেকৈ নষ্ট হ’বলৈ পালে শিলচৰলৈ ফটোৱা 1000 ক’ভিড ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.