ETV Bharat / state

GMC elections 2022 : লৰা-ঢপৰা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ

author img

By

Published : Mar 21, 2022, 1:24 PM IST

GMC elections 2022
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

কি শাসক, কি বিৰোধী ৷ এতিয়া সন্মুখত লক্ষ্য মাথো দুটা ৷ সেয়া হৈছে ৰাজ্যসভাৰ নিৰ্বাচন আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC elections 2022) ৷ ইতিমধ্যে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে নাম ঘোষণা কৰা প্ৰাৰ্থীসকলে সোমবাৰে মনোনয়ন দাখিল কৰে ৷ ইয়াৰ পিছতে অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে (Preparations for GMC election 2022) ৰাজনৈতিক দলসমূহ ৷ এই নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও কিছু পৰিমাণে প্ৰচাৰ আৰম্ভ কৰিছে দলসমূহে ৷

গুৱাহাটী, 21 মাৰ্চ: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক (GMC elections 2022) লৈ ৰাজনৈতিক দলসমূহৰ মাজত কুচকাৱাজ আৰম্ভ হৈছে ৷ গুৱাহাটী পৌৰ নিগমক নিজৰ নিজৰ দখলত আনিবলৈ তৎপৰ হৈ পৰিছে শাসক-বিৰোধীৰ লগতে ৰাজনৈতিক দলসমূহ (Preparations of political parties for gmc elections) ৷ গুৱাহাটী মহানগৰবাসীক বিগত ৫-৬ বছৰে খোৱা পানী যোগানত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ ৷ মহানগৰবাসীৰ খোৱাপানীৰ সমস্যাকে নিৰ্বাচনী প্ৰচাৰৰ মূল বিষয় হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু হৈছে কংগ্ৰেছ আৰু আম আদমী পাৰ্টি ৷

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে কিদৰে প্ৰস্তুতি আৰম্ভ কৰিছে, এই সম্পৰ্কে অসম প্ৰদেশ কংগ্ৰেছৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন বিষয়ক কমিটিৰ বিষয়ববীয়া তথা প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মাই ইটিভি ভাৰতৰ আগত কয় যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে দলত প্ৰাৰ্থীৰ মাজৰ পৰা বৰ্তমানলৈ প্ৰায় প্ৰতিটো ৱাৰ্ডৰ পৰা দলীয় মনোনয়ন পত্ৰ আহিছে ৷

কংগ্ৰেছ দলত কিদৰে চলিছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰস্তুতি

কংগ্ৰেছ দলৰ লগত কেইবাটাও বিৰোধী শক্তিয়ে বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব খুজিছে ৷ এই সকলোবোৰ কথা লক্ষ্য ৰাখি প্ৰস্তুতি চলাই আছে ৷ তদুপৰি দলীয় সংগঠন শক্তিশালী কৰাৰ বাবে কিছু কাম-কাজ আৰম্ভ কৰিছে ৷ যিসকল প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচাৰিছে, তেওঁলোকৰ নিজৰ নিজৰ ৱাৰ্ডবোৰত সাংগঠনিক কাম-কাজ তীব্ৰ কৰাৰ লগতে ৱাৰ্ডবোৰৰ ৰাইজৰ মাজত সোমাই সামগ্ৰিকভাৱে প্ৰস্তুতি আৰম্ভ কৰিছে ৷

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত মহানগৰবাসীৰ খোৱাপানীৰ সমস্যা (Drinking water problem in Guwahati), পৰিষ্কাৰ-পৰিছন্নতা, যান-জঁটৰ সমস্যাৰ লগতে মহানগৰীৰ কেইবাটাও সমস্যাক নিৰ্বাচনী বিষয়বস্তু হিচাপে লোৱা হ’ব বুলি মন্তব্য কৰে ৷

আম আদমী পাৰ্টীৰ ৰাজ্যিক সভাপতিৰ মন্তব্য

আনহাতে, আম আদমী পাৰ্টীৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই সম্পৰ্কে কয় যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০ টা ৱাৰ্ডতে প্ৰাৰ্থিত্ব আগবঢ়াব দলটোৱে (AAP to be contest in GMC election) ৷ বৰ্তমানলৈ প্ৰায় ৪০ জন প্ৰাৰ্থীৰ দলীয় মনোনয়ন আহিছে ৷ আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত গুৱাহাটীৰ ৰাইজে দলটোক সুবিধা প্ৰদান কৰিব ৷

"গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আমাৰ প্ৰাৰ্থীয়ে হ’ব" বুলিও দাবী কৰে সভাপতি চৌধুৰীয়ে ৷ আপে ৪ টা নিৰ্বাচনী ইছুৰে ৰাইজৰ মাজলৈ যোৱাৰ প্ৰয়াস কৰিব ৷ নিৰ্বাচনী ইছু কেইটা হৈছে ক্ৰমে মহানগৰীৰ খোৱাপানীৰ সমস্যা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, ষ্ট্ৰীট লাইট আৰু চিচিটিভি কেমেৰাৰ সংস্থাপন ৷

লগতে চাওক: 24 মাৰ্চৰ পৰা আৰম্ভ হ’ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.