ETV Bharat / state

PM Modi in Guwahati: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

author img

By

Published : Apr 14, 2023, 10:19 PM IST

pm-narendra-modi-attend-in-gauhati-high-court-diamond-jubilee-program
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

আজি অসম ভূমিত পদাৰ্পণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ যোৱা 5 এপ্ৰিলত গৌৰৱোজ্জ্বল 75 বছৰ সম্পূৰ্ণ কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰে (PM Narendra Modi in Guwahati)।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

গুৱাহাটী, 14 এপ্ৰিল: 75 বছৰ গৰকিলে দেশৰ লগতে অসম তথা উত্তৰ পূবৰ ন্যায়িক সেৱাৰ অন্যতম পীঠস্থান গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ যোৱা 5 এপ্ৰিলত গৌৰৱোজ্জ্বল 75 বছৰ সম্পূৰ্ণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court Diamond Jubilee program ) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত শুকুৰবাৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰে (PM Narendra Modi in Guwahati)।

এই গাম্ভূৰ্যপূৰ্ণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে দেশৰ ন্যায়িক ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে (PM attend in Gauhati High Court Diamond Jubilee)। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক বিশেষ পৰিচয় আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভৌগলিক অঞ্চল বহুত ডাঙৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ লোকতান্ত্ৰিক অতীত জড়িত হৈ আছে । গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) এনে এক সময়ত 75 বছৰৰ যাত্ৰা সম্পূৰ্ণ কৰিছে যি সময়ত দেশে স্বাধীনতাৰ 75 বছৰ সম্পূৰ্ণ কৰিছে ।

তেওঁ কয় যে, এই সময় হৈছে নতুন লক্ষ্যৰ প্ৰতি আগুৱাই যোৱা । প্ৰধানমন্ত্ৰীয়ে কয় যে, এই একৈশ শতিকাৰ ভাৰতীয়ৰ অসীম ইচ্ছা আৰু আকাংক্ষা আছে । যাৰ বাবে দেশৰ নায়্যিক ব্যৱস্থা অধিক গতিশীল আৰু আধুনিকভাৱে নিৰ্মাণ কৰাৰ সময় আহি পৰিছে । দেশৰ বিকাশৰ বাবে বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাই সম্মিলিতভাৱে কাম কৰিব লাগিব । দেশৰ আদালতৰ গোচৰ হ্ৰাস কৰাৰ‌ বাবে বহু সংখ্যক অপ্ৰাংসগিক আইন বাতিল‌ কৰা‌ হৈছে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ন্যায়িক ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু আদালতৰ কাম সৰলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব দি কয় যে, আইনৰ ভাষা সহজ হোৱাৰ‌ চেষ্টা কৰিব লাগে যাতে আইনৰ ভাষা সাধাৰণ‌ মানুহে বুজিব পাৰে ।

ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে কয় যে, সকলো কাম দেশৰ হিতৰ‌ বাবে হ’ব লাগে । তেতিয়া দেশ বিকাশৰ দিশত আগুৱাই যাব । এই অনুষ্ঠানত দেশৰ আইন‌ মন্ত্ৰী কিৰণ ৰিজিজু, ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা আদি উপস্থিত আছিল।

লগতে পঢ়ক: AIIMS in Guwahati: গৰু বিহুৰ দিনাই গুৱাহাটীত মুকলি হ’ল এইমছ

উল্লেখ্য যে, "ভাৰত চৰকাৰ অধিনিয়ম, 1935" বলবৎ‍ হোৱাৰ পিছত 1948 চনৰ 1 মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ক প্ৰতিষ্ঠা কৰা হৈছিল ৷ পূৰ্বে ইয়াক অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয় নামেৰে জনা গৈছিল । 1971 চনত "উত্তৰ পূব এলেকা (পুনৰ্সংগঠন) অধিনিয়ম, 1971"ৰ অধীনত এই উচ্চ ন্যায়ালয়ক "গুৱাহাটী উচ্চ ন্যায়ালয়" বুলি নামকৰণ কৰা হয়।

1948 চনৰ 5 এপ্ৰিলত ভাৰতৰ মুখ্য ন্যায়াধীশ হৰিলাল কানিয়াই ইয়াক উদ্বোধন কৰে। একেদিনাই ছাৰ ৰণাল্ড ফ্ৰাঞ্চিছ লজক অসম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত বাক্য পাঠ কৰোৱা হয়।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.