ETV Bharat / state

AIIMS in Guwahati: গৰু বিহুৰ দিনাই গুৱাহাটীত মুকলি হ’ল এইমছ

author img

By

Published : Apr 14, 2023, 5:38 PM IST

AIIMS Guwahati
গুৱাহাটীত মুকলি হ’ল এইমছ

এইবাৰ অসমীয়াৰ ৰঙালী বিহু ৰমকে-জমকে ৷ 13 তাৰিখে বিহুনাচ প্ৰদৰ্শন আৰু বিহুৰ বাদ্যযন্ত্ৰ বজাই দুটাকৈ বিশ্ব অভিলেখ গঢ়াৰ পিচত আজি গৰু বিহুৰ দিনা অসমবাসীয়ে লাভ কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS in Guwahati) ৷

গুৱাহাটী, 14 এপ্ৰিল : গৰুবিহুৰ দিনাই দেশৰ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন এইমছ ৷ এইমছ উদ্বোধন কৰি অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত প্ৰথমেই অসমবাসীক ব’হাগ বিহুৰ শুভকামনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে ব’হাগ বিহুৰ পৱিত্ৰ ক্ষণত এইমছখন ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰি স্বাস্থ্যখণ্ডত যোৱা ৯ বছৰীয়া কাৰ্যকালত বিজেপি চৰকাৰে আগবঢ়োৱা অৰিহণাৰ কথাও উল্লেখ কৰে তেওঁ (AIIMS Guwahati inauguration) ৷

AIIMS Guwahati
এইমছ উদ্বোধনী অনুষ্ঠান

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, এইখন উত্তৰ-পূৱৰ প্ৰথমখন এইমছ (North East first AIIMS) ৷ এইখন এইমছৰ দ্বাৰা উত্তৰ-পূৱে লাভ কৰিব উচ্চমানৰ চিকিৎসা সেৱা ৷ মণিপুৰ, অসম, অৰুণাচল, মেঘালয়, নগালেণ্ড, মিজোৰাম আৰু চিকিমৰ জনসাধাৰণে লাভ কৰিব উন্নত চিকিৎসা সেৱা ৷ এইমছ গুৱাহাটী উদ্বোধন কৰি নিজৰ ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ২০১৪ ৰ পৰা যোৱা ৯ বছৰত বিজেপি চৰকাৰে দেশৰ স্বাস্থ্য সেৱাই যাতে একেবাৰে শেষৰখন দুৱাৰকো স্পৰ্শ কৰিব পাৰে তাৰ বাবে কাম কৰি আহিছে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে যে, ২০১৪ ৰ পৰা বৰ্তমানলৈ ৯ বছৰত ৩০০ খন মেডিকেল কলেজ দেশত স্থাপন কৰা হৈছে । দেশত যোৱা ৯ বছৰত মেডিকেল আসনৰ সংখ্যা ১,০০,০০০ লৈ বৃদ্ধি পাইছে ৷ দেশৰ মেডিকেল কলেজ সমূহত স্নাতকোত্তৰ আসনৰ সংখ্যা ১১০ গুণ বৃদ্ধি পাইছে ৷

AIIMS Guwahati
এইমছ উদ্বোধনী অনুষ্ঠান

ইয়াৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলতো দুগুণলৈ বৃদ্ধি হ’ল মেডিকেল কলেজ আৰু এমবিবিএছ আসনৰ সংখ্যা ৷ সমগ্ৰ দেশত যোৱা ৯ বছৰত মেডিকেল কলেজৰ আসনৰ সংখ্যাও দুগুণলৈ বৃদ্ধি পাইছে ৷ উদ্বোধনী ভাষণত বিজেপি চৰকাৰৰ কৰ্মনীতিক সমালোচনা কৰা সকললৈয়ো প্ৰধানমন্ত্ৰীয়ে এৰিলে বাক্যবাণ ৷ দেশত একাংশৰ মাজত নতুন ৰোগৰ আৱিৰ্ভাৱ হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, দেশৰ জনতাৰ হিতৰ বাবে কাম কৰিলে তেওঁলোকৰ গা ছাটি-ফুটি কৰে (PM Modi in Guwahati) ৷

AIIMS Guwahati
এইমছ উদ্বোধনী অনুষ্ঠান

অনুষ্ঠানত অসমৰ ১ কোটিতকৈয়ো অধিক লোকৰ বাবে আয়ুষ্মান ভাৰত কাৰ্ডৰ শুভাৰম্ভণী কৰি মোডীয়ে কয়, এই সেৱাই প্ৰভূত সেৱা আগবঢ়াব ৰাইজলৈ ৷ চিকিৎসাৰ ক্ষেত্ৰত বৃহৎ সকাহ পাব জনসাধাৰণে ৷ পূৰ্বৰ কোনো চৰকাৰে দেশৰ আন ঠাইত এইমছ খোলাৰ কথা ভবা নাছিল ৷ দেশৰ বুনিয়াদী স্বাস্থ্য সেৱা উন্নত কৰাৰ স্বাৰ্থত যোৱা ৯ বছৰত এই কাম বিজেপি চৰকাৰে কৰি দেখুৱালে ৷ দেশবাসীক চৰকাৰে বিনামূলীয়া ক’ভিড ভেকচিন প্ৰদান কৰা কাৰ্যই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ কথাও এইমছ গুৱাহাটীৰ উদ্বোধন কৰি নিজৰ বক্তব্যত উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : AIIMS Guwahati : অসমবাসীয়ে লাভ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.