ETV Bharat / state

2021ত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবঃ ৰাম মাধৱ

author img

By

Published : Sep 17, 2020, 3:39 PM IST

Updated : Sep 17, 2020, 3:45 PM IST

PM Modi Birthday Celebretion At Guwhati Boragaon
2021 ত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবঃ ৰাম মাধৱ

মোডীৰ 70 সংখ্যক জন্মদিন উপলক্ষে মহানগৰীৰ বৰাগাঁৱত পশ্চিম গুৱাহাটী বিজেপি সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এক বৃক্ষৰোপণ কাৰ্যসূচী । উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ ৷ বহুতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান নেতা গৰাকীৰ ৷

গুৱাহাটী, 17 ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 'সেৱা সপ্তাহ' হিচাপে পালন কৰিছে বিজেপিয়ে । সেই অনুসৰি মহানগৰীৰ বৰাগাঁৱত পশ্চিম গুৱাহাটী বিজেপি সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এক বৃক্ষৰোপণ কাৰ্যসূচী ।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ,ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শৰ্মাকে প্ৰমুখ্য কৰি বিজেপিক কৰ্মকৰ্তাসকল । ইফালে,এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে ।

তেওঁ কয় যে,2021 চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব সংখ্যাগৰিষ্ঠ আসন । পূৰ্বৰ সকলো প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিছে ৰাজ্যৰ বিজেপি মিত্ৰজোঁট চৰকাৰখনে । যাৰ বাবে অসমৰ ৰাইজে বিজেপিক ভোট দিব বুলি উল্লেখ কৰে ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে ।

2021 ত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবঃ ৰাম মাধৱ

ইফালে,কাগজ কল পুনৰুজ্জীৱিত আৰু অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰা বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত সেয়া কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা কৰিব বুলি দায়সৰা মন্তব্য প্ৰদান কৰে ৰাম মাধৱে ।

উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে বৃক্ষৰোপণ,ৰক্তদান,প্লাজমা দান আদি কাৰ্যসূচী হাতত লৈছে বিজেপিৰ প্ৰতিটো জিলা তথা আঞ্চলিক পৰ্যায়ৰ কমিটীয়ে ।

লগতে পঢ়ক : দিছপুৰতে পৰি আছে ৬ নং দফা কমিটিৰ প্ৰতিবেদন

Last Updated :Sep 17, 2020, 3:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.