ETV Bharat / state

কংগ্ৰেছ শাসিত ৰাজস্থানৰ ৩০০ টা সেৱা মাচুলৰ তালিকাৰে বিৰোধীক প্ৰত্যুত্তৰ পীযুষ হাজৰিকাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 6:44 PM IST

চৰকাৰে নতুনকৈ আৰোপ কৰা সেৱা মাচুলক লৈ ৰাজ্য তোলপাৰ লাগি থকাৰ সময়তে বিজেপি দলৰ মন্ত্ৰী পীযুষ হাজৰীকাই উভতি ধৰিছে বিৰোধীক ৷ কংগ্ৰেছ শাসিত ৰাজ্যত আৰোপিত কৰৰ তালিকা দেখুৱাই মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ কয় ভূপেন বৰাক ৷

Pijush Hazarika criticizes congress
new service fees in Assam

বিৰোধীক প্ৰত্যুত্তৰ পীযুষ হাজৰিকাৰ

গুৱাহাটী, ২৩ নৱেম্বৰ: “বাবৰ-ঔৰংজেৱৰ আদৰ্শৰে গঠিত কংগ্ৰেছ দলে ৰাজস্থানত ৩০০ টা বিভিন্ন সেৱাৰ ওপৰত কৰ আৰোপ কৰিছে ৷ কংগ্ৰেছ আৰু ভূপেন বৰাই কওক তাত তেওঁলোকৰ চৰকাৰে ভুল কৰিছে ৷ তাৰ বাবে ক্ষমা বিচাৰক ভূপেন বৰাই ৷” অসমৰ বিৰোধীক 'ডাবল টেণ্ডাৰ্ড’ আখ্যাৰে অসম চৰকাৰে বিভিন্ন সেৱা কৰ নাইবা মাচুল বৃদ্ধি আৰু আৰোপ কৰা প্ৰসংগত উভতি ধৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই ।

যোৱা দুদিন ধৰি অসম আৰক্ষীৰ সেৱা সেতু প'ৰ্টেলৰ জৰিয়তে বিভিন্ন সেৱাৰ নামত উচ্চ হাৰত মাচুল সংগ্ৰহক লৈ ৰাজ্যজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ ৷ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বাধ্য হৈ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰীলৈকে সকলোৱে এতিয়া এই সেৱা কৰৰ প্ৰৱৰ্তনৰ সপক্ষে ব্যাখা আগবঢ়াইছে ৷ দিছপুৰত বৃহস্পতিবাৰে সংবাদমেলত বিৰোধীক উভতি ধৰি মন্ত্ৰী পীযুষ হাজৰীকাই দাঙি ধৰিলে কংগ্ৰেছ শাসিত ৰাজস্থান চৰকাৰে আৰোপ কৰা ৩০০ বিভিন্ন সেৱা কৰৰ তালিকা ।

প্ৰথমে ৰাজস্থান, কৰ্ণাটক, তামিলনাডু আদি ৰাজ্যত এই কৰ আছে নে নাই সমালোচনা কৰা সকলে চাই আহক বুলি বিৰোধীক আহ্বান জনাইছে মন্ত্ৰী হাজৰীকাই । নিৰ্বাচনমুখী ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে আৰোপ কৰা ৩০০ সেৱা কৰৰ তালিকা দেখুৱাই বিৰোধী কংগ্ৰেছৰ প্ৰতি হাজৰিকাৰ আহ্বান, “এইখন ২০২০ চনৰ ১ ছেপ্তেম্বৰৰ চাৰ্কুলাৰ । ৩০০ সেৱাৰ বাবে ৫০ ৰ পৰা ৩০০ টকা পৰ্যন্ত লয় ৰাজস্থান চৰকাৰে ৷ এই অপপ্ৰচাৰৰ বাবে কংগ্ৰেছ দলে ক্ষমা বিচাৰক । যদি ন্যূনতমো লোকলজ্জা আছে তেন্তে ভুল হ’ল বুলি ক্ষমা বিচাৰক ভূপেন বৰাই ৷”

লগতে মন্ত্ৰী হাজৰীকাই কয়, “এনে কৰ বা মাচুলৰ পৰা বছৰটোত খুব বেছি ২০ লাখ টকা সংগ্ৰহ হ’ব ৷ কিন্তু ৰাজ্যৰ বিজেপি চৰকাৰখনে পূজাত ১০০০০ টকা, বিহুত ১.৫ লাখ টকা আৰু ৰাসত ২৫ হাজাৰ টকা আগবঢ়াই নিজৰ সংস্কৃতিৰ উত্তৰণৰ বাবে পৃষ্ঠপোষকতা কৰিছে ৷ বাবৰ আৰু ঔৰংগজেৱৰ আদৰ্শৰে পৰিচালিত কংগ্ৰেছ দলে নিজৰ চৰকাৰ থাকোতে কেতিয়াবা ভাবিছিল নেকি এইবোৰ কথা ?”

লগতে পঢ়ক: চৰকাৰে য’তে-ত’তে মাচুল সংগ্ৰহক লৈ প্ৰতিক্ৰিয়া, এক্সত মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে বুজাবলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.