ETV Bharat / state

সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি খিলঞ্জীয়াক সুৰক্ষা প্ৰদানৰ ধাৰণাক প্ৰত্যাখান দেৱব্ৰত শইকীয়াৰ

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:33 PM IST

ULFA Peace Accord: আলফাৰে শান্তি চুক্তিখনৰ দৰে বহু চুক্তি দেখাৰ লগতে ৰূপায়ন কিদৰে হ’ল দেখা বুলি মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ চুক্তিত স্বাক্ষৰ কৰা আলফা নেতাসকলে বোজা আঁতৰাবৰ বাবেহে চুক্তিখন কৰা বুলি ধাৰণা কৰিছে বিৰোধী দলপতিগৰাকীয়ে ৷

ULFA Peace Accord
আলফা শান্তি চুক্তি

আলফাৰে শান্তি চুক্তিৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়া

গুৱাহাটী, ৩০ ডিচেম্বৰ : “আলফাৰে শান্তি চুক্তিখনক কালি নেতাসকলে ঐতিহাসিক আখ্যা দিছে ৷ এনে বহু ঐতিহাসিক চুক্তি আৰু ইয়াৰ ৰূপায়ণো কিদৰে হৈছে আমি দেখিছোঁ ৷’’- এই মন্তব্য দেৱব্ৰত শইকীয়াৰ ৷

বিৰোধী দলপতিগৰাকীয়ে কয়, ‘‘স্বাক্ষৰকাৰী আলফাৰ দুজন নেতাৰ বক্তব্য কালি শুনিছো ৷ অনুপ চেতিয়াই কৈছে যে চুক্তিখন স্বাক্ষৰিত নোহোৱা হ’লে মই এতিয়াও জে’লতে থাকিবলগীয়া হ’লহেঁতেন ৷ আন এজন স্বাক্ষৰকাৰী শশ চৌধুৰীয়ে কৈছে যে তেওঁক ২০১২ত এটা দায়িত্ব দিয়া হৈছিল ৷ সেই দায়িত্বৰ পৰা কালি তেওঁ আজৰি হৈছে ৷ অৰ্থাৎ এটা বোজা আছিল তেওঁলোকৰ বাবে ৷ বোজা আঁতৰাবৰ বাবেহে এই চুক্তি নেকি ?”

শুকুৰবাৰে হৈ যোৱা আলফা, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিক চুক্তি সন্দৰ্ভত এইদৰে নিজৰ বিশদ প্ৰতিক্ৰিয়া আগবঢ়াইছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয়, ‘‘চৰকাৰৰ তৰফৰ পৰা এই চুক্তিখনক যিমানে ঐতিহাসিক বুলি প্ৰচাৰ নচলাওক কিয়, ইয়াত অসম আৰু অসমীয়াৰ বাবে বিশেষ একো ফূৰ্তি কৰিবলগীয়া নতুন উন্নয়ন কিম্বা নতুন দিক নিৰ্ণয়কাৰী সিদ্ধান্ত সংযোজন হোৱা নাই ।’’

‘‘ নতুন ৰে'ল লাইনৰ পৰা নতুন ৰে'ল তথা শিক্ষা, পৰ্যটন, কেন্দ্ৰীয় চৰকাৰৰ পৰা উন্নয়নৰ পুঁজি ইত্যাদি কামবোৰ হৈছে ডাবল ইঞ্জিন বুলি সঘনাই কৈ থকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কাম ৷ তাত বিশেষ একো প্ৰয়োজনীয় বিষয় সংযোজন হোৱা নাই ।’’ শান্তি চুক্তিখনক লৈ এই মন্তব্য বিৰোধীৰ দলপতিগৰাকীৰ ৷

৬ জনগোষ্ঠীৰ জনজাতিকৰণ, সমষ্টিৰ পুনৰ্নিদ্ধাৰণৰ ফলত জনগণৰ ভৱিষ্যতে হ'বলগীয়া কষ্টসমূহ বিবেচনা হ'ব লাগিছিল বুলিও লগতে মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰা বুলি যি যুক্তি দিয়া হৈছে এয়া বিতৰ্কমূলক বিষয় বুলি মন্তব্য কৰি দেৱব্ৰত শইকীয়াই কয়, ‘‘আমি ইয়াৰ প্ৰতিবাদ কৰি আহিছোঁ৷ ইয়াৰ যোগেদি অসমীয়া মানুহকে হাৰাশাস্তি কৰা হৈছে ৷’’

সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি খিলঞ্জীয়াক সুৰক্ষা দিব বুলি দিয়া ধাৰণা প্ৰত্যাখান কৰে দেৱব্ৰত শইকীয়াই ৷

লগতে পঢ়ক: আলফাৰ চুক্তি বিজেপি দলৰ ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.