ETV Bharat / state

ৰাজ্যৰ শোচনীয় বিত্তীয় ব্যৱস্থাক লৈ কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰক তুলাধুনা দেৱব্ৰত শইকীয়াৰ

author img

By

Published : Sep 4, 2020, 10:09 PM IST

ৰাজ্যৰ শোচনীয় বিত্তীয় অৱস্থাক লৈ সৰৱ বিৰোধী দলপতি দেবব্ৰত শইকীয়া ৷ কেন্দ্ৰৰ আৰু ৰাজ্য চৰকাৰৰ বিফলতাৰ বাবেই ৬০০০কোটি টকা ঋণ ল’ব লগা অৱস্থাৰ সৃষ্টি হোৱা বুলি মন্তব্য ৷ বান সাহায্যৰ কোনো তথ্য সদনত তুলি ধৰিব নোৱাৰাক লৈ শাসনাধিষ্ঠ চৰকাৰখনক কটাক্ষ ৷ টাই আহোম আৰু চুতীয়া জনগোষ্ঠীক কিয় স্বায়ত্ত্বশাসিত পৰিষদ দিয়া নহ’ল তাক লৈও তেওঁ প্ৰশ্ন উত্থাপন বিৰোধী দলপতি গৰাকীৰ ৷

দেৱব্ৰত শইকীয়া
দেৱব্ৰত শইকীয়া

গুৱাহাটী, 4আগষ্ট : ৰাজ্যৰ বিত্তীয় ব্যৱস্থা আৰু চৰকাৰৰ শেহতীয়া কেতবোৰ নীতিকলৈ পুনৰ সৰৱ হৈ উঠিল বিৰোধী দলপতি দেবব্ৰত শইকীয়া ৷ ৰাজ্যৰ বৰ্তমানৰ শোচনীয় বিত্তীয় অৱস্থাৰ বাবে কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰক জগৰীয়া কৰি তেওঁলোকৰ বিফলতাৰ বাবেই ৬০০০কোটি টকা ঋণ ল’ব লগা অৱস্থাৰ সৃষ্টি হৈছে বুলি মন্তব্য বিৰোধী দলপতি গৰাকীৰ ৷

শুকুৰবাৰে শইকীয়াই সংবাদমাধ্যমৰ সন্মুখত COVID-19 অতিমাৰীৰ পৰিপ্ৰেক্ষিতত অসমৰ অৰ্থনীতিৰ ওপৰত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰণ আয়োগে প্ৰস্তুত কৰা প্ৰতিবেদনখনত প্ৰকাশ পোৱা কেতবোৰ তথ্যক ভিত্তি কৰি দৰিদ্ৰতা, নিবনুৱা সমস্যাকে আদি কৰি অসমে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰাজিৰ ওপৰত আলোকপাত কৰে, লগতে এইক্ষেত্ৰত চৰকাৰৰ কৰণীয় খিনিৰ ওপৰতো নিজৰ মন্তব্য আগবঢ়ায় ৷

বান সাহায্যৰ কোনো তথ্য সদনত তুলি ধৰিব নোৱাৰাক লৈ শাসনাধিষ্ঠ চৰকাৰখনক কটাক্ষ কৰি তেওঁ কয়, "বান সাহাৰ্যৰ কথা কোৱা চৰকাৰে চলিত আৰু বিগত বিত্তীয় বৰ্ষৰ কিমান পৰিমাণৰ বান সাহায্য মোকলাই দিছিল তাৰ তথ্য সদনত দাঙি ধৰিব নোৱাৰিলে৷" ইয়াৰ লগতে 2016 চনৰ পৰা উত্থাপন কৰা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীৰ প্ৰতি ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ বিষয়টোও আজুৰি আনে বিৰোধী দলপতি গৰাকীয়ে ৷

ছয় জনগোষ্ঠীৰ প্ৰসঙ্গত মৰাণ, মটক, কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ মাথো নিচুকনি বঁটা বুলি মন্তব্য প্ৰদান কৰি, টাই আহোম আৰু চুতীয়া জনগোষ্ঠীক কিয় স্বায়ত্ত্বশাসিত পৰিষদ দিয়া নহ’ল তাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে ৷

সমান্তৰালভাৱে শুকুৰবাৰৰ সংবাদমেলত উপস্থিত থাকি চৰকাৰে তিনিটা জনগোষ্ঠীক অৱহেলা কৰাৰ অভিযোগ আনিলে ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজে ৷ বাঘজান কাণ্ড সন্দৰ্ভত অইল কৰ্তৃপক্ষ বা চৰকাৰে পূৰ্বৰ পৰিস্থিতি ঘূৰাই অনাৰ দাবী কৰি তেওঁ কয়, "বাঘজানত বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণৰ বাবে গৰ্ভৱতী মহিলাৰ সন্তানৰ মৃত্যু হৈছে।"

লগতে পঢ়ক: 2021 ত বিজেপিয়ে অসমত 100খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব : ৰাম মাধৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.