ETV Bharat / state

ৰাজ্যত দুয়ো পালি ভেকচিন লোৱা কৰ্মচাৰীয়ে আহিব পাৰিব কাৰ্যালয়লৈ

author img

By

Published : Jun 14, 2021, 6:24 AM IST

সকলো কৰ্মচাৰীয়ে ইতিমধ্যে দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ তেওঁলোকক কাইলৈৰ পৰা নিয়মীয়াকৈ কাৰ্যালয়লৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ ইপিনে, ১৫ জুনত ৰাজ্য চৰকাৰে জাৰি কৰিব কেতবোৰ নতুন নীতি-নিৰ্দেশনা ।

new office order
ৰাজ্যত দুয়ো পালি ভেকচিন লোৱা কৰ্মচাৰীহে আহিব পাৰিব কাৰ্যালয়লৈ

গুৱাহাটী, 14 জুন: সোমবাৰ অৰ্থাৎ কাইলৈৰ পৰা দুয়ো পালি প্ৰতিষেধক লোৱা চৰকাৰী কৰ্মচাৰীহে আহিব পাৰিব কাৰ্যালয়লৈ । ক'ভিড পৰিস্থিতিৰ বাবে ৫০ শতাংশ কৰ্মচাৰীৰ দ্বাৰাহে চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ চলি আহিছিল যদিও দেওবাৰে সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভন্ননে জাৰি কৰে এক নতুন নিৰ্দেশনা ।

সেই অনুসৰি যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰিছে, তেওঁলোকক কাইলৈৰ পৰা নিয়মীয়াকৈ কাৰ্যালয়লৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ ইপিনে, ১৫ জুনত ৰাজ্য চৰকাৰে জাৰি কৰিব কেতবোৰ নতুন নীতি নিৰ্দেশনা ।

new office order
ৰাজ্যত দুয়ো পালি ভেকচিন লোৱা কৰ্মচাৰীহে আহিব পাৰিব কাৰ্যালয়লৈ

মঙলবাৰে ঘোষণা হ’বলগীয়া এই নতুন (SOP) এছঅ'পি অনুসৰি পাঁচখন জিলাক বাদ দি বাকী সকলোতে সান্ধ্য আইনৰ ক্ষেত্ৰত কেতবোৰ শিথিলতা অনা হ’ব । ৰাজধানী চহৰ গুৱাহাটীত বৰ্তমানে দিনৰ ১ বজাৰ পৰা সান্ধ্য আইন চলি আছে যদিও এই সময়সীমা‌ৰ সাল-সলনি ঘটাই বিয়লি ৪ বজাৰ পৰা সান্ধ্য আইনৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা আছে ।

আনহাতে আন্তঃজিলা যাতায়াত ব্যৱস্থা সন্দৰ্ভত ১৫ জুনত জাৰি কৰিবলগীয়া এছঅ'পি অনুসৰি পুনৰ মুকলি কৰাৰ সম্ভাৱনা খুবে কম আছে ।

লগতে পঢ়কঃ উপেক্ষিত হৈ ৰৈছে ভ্ৰাম্যমাণৰ জনক অচ্যুত লহকৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.