ETV Bharat / state

Guwahati news: শীৰ্ষ আৰক্ষী বিষয়াৰ মোবাইল চুৰিৰ পাছতে গুৱাহাটীৰ আঠখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি

author img

By

Published : Jul 25, 2023, 2:08 PM IST

সাধাৰণ নাগৰিকৰ কথা বাদেই শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই সুৰক্ষিত নহয় গুৱাহাটী মহানগৰীত । অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ হাতৰ পৰাই চিলনী চোৰে মোবাইল ফোন থপিয়াই নিয়া ঘটনাক লৈ গৃহ বিভাগত লাগিছে হাহাকাৰ । গুৱাহাটীৰ 8 খনকৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক একপ্ৰকাৰ শাস্তিমূলক বদলি ।

OCs Of 8 Police Stations Transferred
আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক শাস্তিমূলক বদলি

গুৱাহাটী, 25 জুলাই: হঠাতে গুৱাহাটী মহানগৰীৰ আঠখনকৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰাৰ বিষয়টোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছে । গুৱাহাটীৰ নিৰাপত্তাৰ ক্ষেত্রত শিথিলতা প্ৰদান কৰাৰ বাবেই এই বদলি কৰা হৈছে বুলি চৰ্চা চলিছে । কাৰণ সাধাৰণ নাগৰিকৰ কথা বাদেই শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই সুৰক্ষিত নহয় গুৱাহাটী মহানগৰীত । যাৰ বাবে গুৱাহাটী মহানগৰীৰ নিৰাপত্তাৰ দিশটোত নতুনকৈ চিন্তা কৰিবলগীয়া হৈছে অসম আৰক্ষীয়ে ।

অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ হাতৰ পৰাই চিলনী চোৰে ম'বাইল ফোন থপিয়াই নিয়া ঘটনাই এতিয়া গৃহ বিভাগত হাহাকাৰ লগাইছে । আনহাতে এই ঘটনাক কেন্দ্ৰ কৰি অসম আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক লৈ সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে । যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ 8 খনকৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক একপ্ৰকাৰ শাস্তিমূলক বদলি কৰা হৈছে । সেই অনুসৰি ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীক আৰ আই চি ডি অ’ (বি এল) হিচাপে মান্দাকাটালৈ বদলি কৰা হৈছে ।

আনহাতে, ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিত দাসক সীমান্ত শাখালৈ বদলি কৰা হৈছে । আনহাতে, পল্টনবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপান্ত ফুকনক টেঙাখাতৰ 19 নং বেটেলিয়নলৈ কৰা হৈছে । লতাশিল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল দাসক দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ কেন্দ্ৰলৈ বদলি কৰা হৈছে । ফটাশিল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজ্যোতি ফুকনক লিগিৰিপুখুৰীৰ প্ৰথম আৰক্ষী বেটেলিয়নলৈ বদলি কৰা হৈছে ।

আনহাতে, চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টিংকুমণি বৰদলৈক চি আই ডিলৈ বদলি কৰা হৈছে । সেইদৰে নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রশান্ত বৰাক দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ কেন্দ্ৰলৈ বদলি কৰা হৈছে । ইফালে, পি আই ক'ৰ্টৰ মনজিৎ বুঢ়াগোহাঁইক সীমান্ত শাখালৈ বদলি কৰা হৈছে । উল্লেখ্য যে, দেওবাৰে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়ত মটৰ চাইকেলত অহা দুটা চিলনী চোৰে অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ ডি আই জি বিবেক ৰাজ সিঙৰ হাতৰ পৰা মোবাইল ফোন থপিয়াই লৈ উধাও হৈছিল । ঘটনাটো সংঘটিত হৈছিল পল্টন বজাৰ থানা এলেকাত ।

কিন্তু এতিয়ালৈকে পল্টনবজাৰ আৰক্ষীয়ে দুষ্কৃতিকাৰীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই তথা মোবাইল ফোনটো উদ্ধাৰ কৰিব পৰা নাই । ঘটনা সন্দৰ্ভত সন্দেহজনক কেইজনমান দুষ্কৃতিকাৰীক আটক কৰি পল্টনবজাৰ থানাত জেৰা কৰি থকা হৈছে । লক্ষণীয় যে, আটক কৰা কেইজনক শীর্ষ আৰক্ষীয়ে জেৰা কৰিছে । যিকোনো মূল্যৰ বিনিময়ত এতিয়া ডি আই জি বিবেক ৰাজ সিঙৰ ম'বাইল ফোনটো উদ্ধাৰ কৰাৰ বাবে উঠিপৰি লাগিছে মহানগৰ আৰক্ষী । এই ঘটনাটো এতিয়া মহানগৰ আৰক্ষীৰ বাবে সন্মানৰ বিষয় হৈ পৰিছে ।

ইফালে চোৰ বিচাৰি মহানগৰ আৰক্ষীয়ে কৌশল সলনি কৰিও সফলতা লাভ কৰিব পৰা নাই । সমগ্ৰ নিশা মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ গলিয়ে গলিয়ে চোৰ বিচাৰি অভিযান চলাইছে বুলি জানিবলৈ পৰা গৈছে । লক্ষণীয় বিষয় যে ঘটনাটো সংঘটিত হোৱাৰ 24 ঘণ্টাৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ আঠখনকৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰা হয় ।

লগতে পঢ়ক : Rampur teens accident : মৰ্মান্তিক ! ৰাস্তাৰ কুকুৰক বচাবলৈ গৈ মৃত্যু 3 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.