ETV Bharat / state

Noonmati robbery case: আটক হ’ল টিংকু, স্বস্তিৰ নিশ্বাস এৰিছে মহানগৰবাসীয়ে

author img

By

Published : Feb 24, 2022, 8:48 PM IST

Robbery at noonmati in Guwahati
আটক হ’ল টিংকু, স্বস্তিৰ নিশ্বাস কাঢ়িছে মহানগৰবাসীয়ে

স্বস্তিৰ নিশ্বাস এৰিছে মহানগৰবাসীয়ে ৷ আটক হ’ল গুৱাহাটীৰ নুনমাটি কেবিন চ’কৰ ৰে’ল পথত সংঘটিত হোৱা ডকাইটি কাণ্ডৰ মূল অভিযুক্ত টিংকু দাস (২৪) ৷ কেনেকৈ ডকাইটি কাণ্ড সংঘটিত কৰিছিল টিংকুৱে সকলো কথা স্বীকাৰ কৰিছে আৰক্ষীৰ আগত (Noonmati robbery case) ৷

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : অৱশেষত আৰক্ষীৰ জালত পৰিল টিংকু দাস ৷ গুৱাহাটীৰ নুনমাটি কেবিন চ’কৰ ৰে’ল পথত মঙলবাৰে নিশা ৰে’ল বিভাগৰ এগৰাকী অভিযন্তা কিশোৰ কলিতাক ঘপিয়াই ধন-ম’বাইল লুট কৰা ঘটনাৰ মূল অভিযুক্ত আছিল টিংকু ৷ কেৱল অভিযন্তাগৰাকীয়ে নহয়, সেই একে স্থানৰ পৰা আন এগৰাকী যুৱতীৰ ম’বাইল কাঢ়ি নিছিল টিংকুৱে (Noonmati robbery case) ৷

এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে মহানগৰীৰ নুনমাটি আৰক্ষীয়ে নিউ গুৱাহাটী ৰে’ল আৰক্ষীৰ সহযোগত চলাই এক অভিযান ৷ এই অভিযানতে বৃহস্পতিবাৰে দিনৰ ভাগত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সমীপৰ জুপুৰি বস্তিৰ পৰা টিংকু দাস(২৪)ক আটক কৰে নুনমাটি আৰক্ষীয়ে । আটকাধীন টিংকু দাসৰ পৰা আৰক্ষীয়ে এটা চুৰি আই ফোন আৰু এটা এন্দ্ৰইড ম’বাইল জব্দ কৰিবলৈ সক্ষম হয় ।

noonmati Robbery case
আটক হ’ল টিংকু, স্বস্তিৰ নিশ্বাস কাঢ়িছে মহানগৰবাসীয়ে

জব্দকৃত ম’বাইল দুটা অভিযন্তা কিশোৰ কলিতা আৰু কিশোৰক আক্ৰমণ কৰা স্থানৰ পৰা চুৰি কৰা যুৱতীগৰাকীৰ বুলি চিনাক্ত কৰা হৈছে ৷

উল্লেখ্য যে, মহানগৰীৰ নুনমাটি কেবিন চ'কৰ সমীপত মঙলবাৰে নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা (Robbery at noonmati in Guwahati)। ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰি কিশোৰ কলিতা নামৰ এগৰাকী অভিযন্তাৰ পৰা টিংকুৱে লুটি নিছিল ধন আৰু মূল্যৱান সামগ্ৰী ৷ আনকি এই ঘটনাৰ এদিন পিছতে একেটা স্থানৰ পৰাই এগৰাকী যুৱতীৰ বেগৰ পৰা কাঢ়ি লৈ যায় এটা ম’বাইল ।

ইতিমধ্যে আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে অভিযুক্ত টিংকুৱে । নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা টিংকু দাসক ইতিমধ্যে নিউ গুৱাহাটী ৰে’ল আৰক্ষীক চমজাই দিছে । আৰক্ষীয়ে সদৰী কৰা মতে, ড্ৰাগছ আসক্ত টিংকু দাস পূৰ্বেও বিভিন্ন অপৰাধমূলক ঘটনাৰ লগত জড়িত ।

লগতে পঢ়ক : Guwahati robbery: নুনমাটিত অভিযন্তাৰ ডিঙি কাটি দুৰ্বৃত্তই নিলে ধন আৰু সোণৰ চেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.