ETV Bharat / state

অসম-অৰুণাচলৰ সীমা বিবাদ : কাৰ্যকৰী হোৱা নাই দিল্লীত হোৱা চুক্তিৰ কোনো দফা

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 6:42 PM IST

Assam and Arunachal border dispute
অসম-অৰুণাচলৰ মাজৰ সীমা বিবাদ নিষ্পত্তি

নতুন দিল্লীত স্বাক্ষৰিত চুক্তি অনুসৰি কৰা হোৱা নাই কাম । সীমা নিৰ্ধাৰণ নেহোৱা বাকী থকা গাঁওসমূহৰ সমস্যা সমাধান কৰা হোৱা নাই । চুক্তি স্বাক্ষৰিত হোৱাৰ পাচত সমগ্ৰ বিষয়টোক লৈ দুয়োখন ৰাজ্যৰ চৰকাৰো ৰহস্যজনকভাৱে মৌন । মাত্ৰ ৭১ খন গাঁৱৰ বিবাদহে সমাধান । দুয়োখন ৰাজ্যৰ চৰকাৰে গঠন কৰা আঞ্চলিক কমিটীসমূহো বৰ্তমান নীৰৱ । সীমা চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতো অৰুণাচলৰ লোকে বিভিন্ন স্থানত দখল কৰি আছে অসমৰ ভূমি । কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই অসম চৰকাৰে ।

গুৱাহাটী, ১৪ ডিচেম্বৰ : শাসনভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যৰে থকা সীমা বিবাদ দূৰ কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে । ইতিমধ্যে এইক্ষেত্ৰত বহুখিনি অগ্ৰগতিও লাভ কৰিছে । মেঘালয়ৰে থকা ১২ টা বিবাদৰ ক্ষেত্ৰত ছটাৰ ইতিমধ্যে মীমাংসা কৰা হৈছে ।

সেইদৰে অৰুণাচল প্ৰদেশৰে থকা সীমা বিবাদৰ ক্ষেত্ৰতো আলোচনা প্ৰক্ৰিয়া বহুখিনি আগবাঢ়িছে আৰু ইতিমধ্যে দিল্লীত দুয়োখন ৰাজ্যৰ মাজত চুক্তিও সম্পন্ন হৈছে । কিন্তু বাস্তৱ ক্ষেত্ৰত বিবাদিত এলেকাৰ বিবাদ এতিয়াও দূৰ হোৱা নাই ।

Assam and Arunachal border dispute
দিল্লীত স্বাক্ষৰিত চুক্তি অনুসৰি কৰা হোৱা নাই কাম

লক্ষণীয় বিষয় যে, অসম-অৰুণাচলৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে স্বাক্ষৰিত হোৱা চুক্তিখন এতিয়া ধোঁৱাচাঙত উঠিল । কিয়নো চুক্তি অনুসৰি কাম কৰা নাই দুয়োখন ৰাজ্যৰ চৰকাৰে । ২০ এপ্ৰিলত নতুন দিল্লীত স্বাক্ষৰিত চুক্তি অনুসৰি ছমাহৰ ভিতৰত দুয়োখন চৰকাৰে গঠন কৰি দিয়া আঞ্চলিক কমিটীসমূহে সীমা নিৰ্ধাৰণ নেহোৱা বাকী থকা গাঁওসমূহৰ সমস্যা সমাধান কৰিব লাগিছিল । কিন্তু গাঁওসমূহৰ সমস্যা সমাধান নহ’ল । আনকি চুক্তি স্বাক্ষৰিত হোৱাৰ পাচত সমগ্ৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰ দুখনেও ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে ।

Assam and Arunachal border dispute
সীমা নিৰ্ধাৰণ নেহোৱা বাকী থকা গাঁওসমূহৰ সমস্যা সমাধান কৰা হোৱা নাই

উল্লেখ্য যে, অসম আৰু অৰুণাচল সীমান্তত থকা ১২৩ খন গাঁও অৰুণাচলে নিজৰ বুলি দাবী কৰিছিল । ইয়াৰে ভিতৰত এতিয়ালৈকে মাত্ৰ ৭১ খন গাঁৱৰ বিবাদহে সমাধান হৈছে । উক্ত ৭১খন গাঁৱৰ ভিতৰত মাথোঁ ১ খন গাঁওহে অসমে লাভ কৰিছে । অৱশ্যে ১০ খন গাঁও পূৰ্বৰে পৰাই অসমৰ সৈতেই আছিল ।

ইয়াকে ধৰি অসমে লাভ কৰিলে ১১ খন গাঁও । আনহাতে, ৬০ খন গাঁও অৰুণাচল প্ৰদেশে লাভ কৰে । ইফালে বাকী ৰৈ যোৱা ৫২ খন গাঁৱৰ ভিতৰত ৪৯ খন গাঁৱৰ সীমা আঞ্চলিক কমিটীয়ে ছমাহৰ ভিতৰত নিৰ্ধাৰণ কৰিব বুলি চুক্তিখনত উল্লেখ কৰা হৈছিল ।

আনকি মিডপু, খেৰবাৰী আৰু ৰাজালী গাঁও তিনিখন ভাৰতীয় বায়ু সেনাৰ বম্বিং ৰেঞ্জৰ ভিতৰত থকাৰ বাবে তেওঁলোকক পুনৰ সংস্থাপনৰ দিহাৰ কথাও চুক্তিখনত আছিল । কিন্তু চুক্তি স্বাক্ষৰ হোৱা সাত মাহ পাৰ হৈ গ'ল যদিও চুক্তিখনৰ উক্ত দফাসমূহ ৰূপায়িত নহ'ল ।

মন কৰিবলগীয়া কথা যে, আলাপ-আলোচনাৰ মাজেৰে হোৱা উক্ত বুজাবুজিৰ চুক্তি অনুসৰি অসমৰ বহু অঞ্চলৰ ভূমিত অৰুণাচলে চৰকাৰী ভৱন আদি নিৰ্মাণ কৰাৰ বাবে অসমে উক্ত ভূমি অৰুণাচলক এৰি দিছিল । ইয়াৰ বিপৰীতে অৰুণাচলে অসমক আন স্থানত মাটি দিয়াৰ কথা আছিল যদিও আজিলৈকে এইক্ষেত্ৰত এটা খোজো আগবঢ়া নাই ।

একেদৰে বিশ্বনাথৰ দিকালমুখ আৰু পাকে কেচেং অঞ্চলৰ সীমা, দলং সংৰক্ষিত বনাঞ্চলত থকা লুমচাই, টানিঅ' আৰু বোমতে গাঁৱৰ, ধেমাজিৰ লগত সংলগ্ন হৈ থকা দোৰপাই, চামপাক, চজো আৰু চণ্ডম গাঁওকেইখনৰ লগতে মালিনী, লিপু, লিক, পালে, দিপা, চিলি, ইটা, চিলি লিচেহ, কুনটৰ সীমা, তিনিচুকীয়া জিলাৰ ৰুক্ম গাঁৱৰ, চৰাইদেউ জিলাৰ সংলগ্ন হৈ থকা টানগালাম, ৰুচা, কামকুহ ৰুৰ্চা আৰু হাচি ৰুচা গাঁৱৰ সীমা সমস্যা এতিয়াও আধৰৱা হৈয়ে আছে । অথচ চুক্তি মতে এই গাঁওসমূহৰ সমস্যা ছমাহৰ ভিতৰত সমাপ্ত হ'ব লাগিছিল ।

ইফালে সীমা চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতো অৰুণাচলৰ লোকে বিভিন্ন স্থানত অসমৰ ভূমি দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছে । চুক্তি হোৱাৰ পাচত এনেদৰে অৰুণাচলে অসমৰ ভূমি দখল কৰি থকাৰ পাচতো কিন্তু অসম চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ঢাক-ঢোল বজাই দিল্লীত স্বাক্ষৰিত কৰা সীমা চুক্তিখন বাস্তৱত কেতিয়াকৈ ৰূপায়িত হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে । ইফালে আৰম্ভনীতে সীমা বিবাদৰ প্ৰসংগক লৈ অসম চৰকাৰ যিদৰে তৎপৰ হৈ পৰিছিল সেয়া বৰ্তমান স্থবিৰ হোৱা পৰিপ্ৰেক্ষিত হৈছে ।

লগতে পঢ়ক : ভাৰতক উন্নত বিকশিত ৰাষ্ট্ৰ হিচাবে গঢ়ি তোলাৰ কাৰণে ৰাইজক সংকল্পবদ্ধ কৰোৱা হৈছে : ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.