ETV Bharat / state

ক’ৰ’নাৰ শেহতীয়া পৰিস্থিতিকলৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সংবাদমেল

author img

By

Published : Apr 9, 2021, 4:09 PM IST

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক গৰাকীয়ে মহামাৰী ক’ৰ’নাৰ শেহতীয়া ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰে এক সংবাদমেলৰ ৷ কোনো ধৰণৰ উৰা বাতৰিক প্ৰশ্ৰয় দিব নালাগে বুলি সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰে ৰে’লৱেৰ মহাপ্ৰবন্ধক গৰাকীয়ে ৷

ক’ৰ’নাৰ শেহতীয়া পৰিস্থিতিকলৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সংবাদমেল
ক’ৰ’নাৰ শেহতীয়া পৰিস্থিতিকলৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সংবাদমেল

গুৱাহাটী, 9এপ্ৰিল: মহামাৰী ক’ৰ’নাৰ শেহতীয়া ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে’লৱে আয়োজন কৰে এক সংবাদমেলৰ ৷ সংবাদমেল সম্বোধন কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক গৰাকীয়ে ৷

ক’ৰ’নাকলৈ বিশেষ ভয় কৰাৰ প্ৰয়োজন নাই ৷ আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ভেকচিন মজুত আছে - এই বুলি মন্তব্য কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহা প্ৰবন্ধক গৰাকীয়ে ৷ আনকি বৰ্তমানলৈকে কোনোধৰনৰ ৰে’ল বাতিল অথবা টিকত বাতিল কৰা হোৱা নাই ৷ কোনো ধৰণৰ উৰা বাতৰিক প্ৰশ্ৰয় দিব নালাগে বুলি সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰে ৰে’লৱেৰ মহাপ্ৰবন্ধক গৰাকীয়ে ৷

ক’ৰ’নাৰ শেহতীয়া পৰিস্থিতিকলৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সংবাদমেল

উল্লেখ্য যে, ক’ৰ’নাকলৈ বিশেষ ভয় কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰাৰ লগতে যাত্ৰীসকলক সজাগ আৰু সাৱধান হৈ থকাৰ আহ্বান জনাই উত্তৰ-পূৱ ৰে’লৱেৰ মহা প্ৰবন্ধক গৰাকীয়ে ৷ ইফালে ৰে’ল যাত্ৰাৰ সময়ত মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ আহ্বান জনালে মহা প্ৰবন্ধক গৰাকীয়ে ৷

লগতে পঢ়ক: অসমত ক্ৰমাৎ বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.