ETV Bharat / state

7 বজাৰ শীৰ্ষ বাতৰি...

author img

By

Published : Sep 21, 2021, 7:05 PM IST

7 বজাৰ শীৰ্ষ বাতৰি
7 বজাৰ শীৰ্ষ বাতৰি

7 বজাৰ শীৰ্ষ বাতৰি...

1.ডিব্ৰুগড়তো আৰক্ষীৰ জালত 17 টা ভূ-মাফিয়া

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ৰ চুকে কোণে সোমাই থকা মাটিৰ দালালক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে । প্ৰত্যেকটো ৰাজহ চক্ৰৰ অন্তৰ্গত মাটি ক্ৰয়-বিক্ৰয়ৰ নামত চক্ৰ বিষয়াৰ কাৰ্যালয় মেনেজৰ পৰা আনুসংগিক বিভিন্ন কামৰ নাম লৈ মোটা অংকৰ ধন লৈ বছৰৰ পাছত বছৰ ধৰি দালালিৰ বৃহৎ বজাৰ মেলি অগাধ সম্পত্তিৰ গৰাকী হোৱা মাটিৰ মধ্যভোগীৰ এতিয়া ৰক্ষা নাই ডিব্ৰুগড়ত । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে মঙলবাৰৰ পুৱাৰ পৰে অভিযান চলাই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰায় ১৭ টা মাটিৰ দালালক ।

2.মৰাণ আৰু খোৱাং আৰক্ষীৰ জালত পৰিল তিনি মাটিৰ দালাল

ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহত মাটিৰ দালাল থাকিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কঠোৰ সকীয়নি দিয়াৰ পিছতে তৎপৰতাৰে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাইছে অসম আৰক্ষীয়ে ৷ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো মাটিৰ দালালি কৰা তিনি দালালক আটক কৰিছে আৰক্ষীয়ে ৷

3.বৰপেটাৰোড আৰক্ষীৰ জালত 6 জনকৈ ভূ-মাফিয়া

ৰাজ্যৰ আন সমূহ জিলাৰ লগতে বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই 6 টাকৈ ভূ-মাফিয়া তথা মাটিৰ দালালক আটক কৰিছে ৷ বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ বৰুৱাৰ নেতৃত্বত আটক কৰা এই মাটিৰ দালাল কেইটা হৈছে নুৰুল হক ( বৰপেটাৰোড) ৰামানন্দ দাস (কলহভাংগা) ৰহম আলী (দুমনী) কৃষ্ণ দাস (কলহভাংগা)ইন্নছ আলী (মণিপুৰ) আৰু তায়েব আলী (খৈৰাবাৰী)ক আটক কৰিছে ৷ এই মাটিৰ দালাল কেইটাক আৰক্ষীয়ে আটক কৰাৰ পাছৰে পৰাই আন বহু ভূ-মাফিয়া তথা মাটিৰ দালাল পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ৷

4.নদী সংযোগেৰে উত্তৰ-পূৱৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপন হ’ব বাংলাদেশৰ !

উত্তৰ-পূব ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্ককলৈ গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাটৰ । নদী সংযোগেৰে আভ্যন্তৰীণ জল-বাণিজ্য আৰু পৰিবহন বাণিজ্যৰ ক্ষেত্ৰতো মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ৷

5.গোলাঘাটত এজন যুৱকৰ পৰা উদ্ধাৰ পিষ্টল সহ সজীৱ গুলী

গোলাঘাটত এটা .32 পিষ্টলসহ এজন যুৱক আটক । বিকি নাথ নামৰ এজন যুৱকৰ পৰা উদ্ধাৰ হয় .32 পিষ্টলসহ এটা সজীৱ গুলি । ৰঙাজানৰ পৰা গোলাঘাট অভিমুখে আহি থকা অৱস্থাত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোলাঘাটৰ এৰেঙাপাৰাত গ্ৰেপ্তাৰ কৰে পিষ্টল সহ বিকি নাথক ৷

6.মাটিৰ দালালৰ পৰা তথ্য পালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে চৰকাৰী বিষয়াক

মৰিগাঁও আৰক্ষীৰ জালত বন্দী হ’ল ২৭ টাকৈ মাটিৰ দালাল । মৰিগাঁৱত মেডিকেল কলেজৰ স্থাপন কৰাৰ খবৰ ওলোৱাৰ পিছত সক্ৰিয় হৈ পৰিছিল দালাল চক্ৰটো । স্বয়ং জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়াই তৰিছিল গোচৰ । সম্প্ৰতি দালাল কেইটাক আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে । আওঁতালৈ আহিলে গ্ৰেপ্তাৰ হ’ব পাৰে সংশ্লিষ্ট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৰকাৰী বিষয়া-কৰ্মচাৰী । মঙলবাৰে সংবাদমেল আয়োজন কৰি এই ঘোষণা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ ৷

7.মাটিৰ দালালে ক’লে, হাতজোৰ কৰি কৈছো মই একো নাজানো

মাটিৰ দালালৰ বিৰুদ্ধে মঙলবাৰে ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলালে অভিযান । বিশেষকৈ ৰাজহ চক্ৰ বিষয়াৰ কায্যলয় সমুহত মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ হবলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতে মঙলবাৰৰ দিনটোত আৰক্ষীক অধিক সতৰ্ক হোৱা দেখা যায় । একেদৰেই দৰং জিলাটো আৰক্ষীৰ অভিযান চলিল । মুঠ ১১ জনক এতিয়ালৈকে গেপ্তাৰ কৰিছে আৰক্ষীয়ে । ইয়াৰে মঙলদৈ ৰাজহ চক্ৰৰ ৫ জন, ছিপাঝাৰত ৪ জন আৰু দলগাঁৱত ২ জন দালালক গ্ৰেপ্টাৰ কৰিলে আৰক্ষীয়ে ।

8.৪৩ টা ভূ-মাফিয়াৰ বিৰুদ্ধে বৰপেটা জিলা উপায়ুক্তৰ এজাহাৰ দাখিল

বৰপেটাত ৪৩ টা ভূ-মাফিয়াক গ্ৰেপ্তাৰ ৷ ভূ-মাফিয়াৰ বিৰুদ্ধে বৰপেটা জিলা উপায়ুক্তৰ এজাহাৰ দাখিল ৷ মুঠ ৪৩ টাকৈ ভূ-মাফিয়াৰ বিৰুদ্ধে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূশালে বৰপেটা সদৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ যদিহে কোনো বিষয়া-কৰ্মচাৰী ইয়াৰ সৈতে জড়িত হৈ আছে তেওঁলোকো তদন্তৰ আওঁতালৈ আহিব বুলি মন্তব্য জিলা উপায়ুক্তৰ ৷ আনহাতে কোনো বিষয়ত কিবা অভিযোগ থাকিলে জিলা উপায়ুক্তক জনাবলৈকো ৰাইজলৈ আহ্বান উপায়ুক্তগৰাকীৰ ৷

9.২৬ টাকৈ মাটিৰ দালালক আটক হোজাই জিলা আৰক্ষীৰ

মুখ্যমন্ত্ৰীৰ নিদেৰ্শৰ পিছতে মাটিৰ দালালক লৈ তৎপৰ হোজাই জিলা আৰক্ষী । সোমবাৰে নিশা এক অভিযান চলাই হোজাই জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আটক কৰে ২৬ টাকৈ মাটিৰ দালালক । ইয়াৰে হোজাইৰ ৯ টা, ডবকাৰ ৪ টা, লংকাৰ ৪ টা, যমুনামুখত ৪ টা, মোৰাজাৰ পৰা ৫ টাক আটক কৰে হোজাই জিলা আৰক্ষীয়ে । ইয়াৰে লংকা আৰক্ষীয়ে আটক কৰা চাৰিজনৰ নাম হ'ল কমৰুল ইছলাম, আফটাৰ উদ্দীন, দেবাশীষ ধৰ আৰু গোপাল শীল ।

10.কোনো কাৰ্যালয়তে এতিয়াৰে পৰা নাথাকিব দালাল : মুখ্যমন্ত্ৰী

অসমত একে নিশাই ৪৫৩ জন মাটিৰ দালালক গ্ৰেপ্তাৰ । বৰ্তমান ৭০০ জনৰ মাটিৰ দালালৰ তালিকা আছে অসম আৰক্ষীৰ হাতত । বাকী থকা দালালকো মঙলবাৰৰ ভিতৰত গ্ৰেপ্তাৰ কৰা সম্ভাৱনা আছে ৷ এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.