মৰাণ আৰু খোৱাং আৰক্ষীৰ জালত পৰিল তিনি মাটিৰ দালাল

By

Published : Sep 21, 2021, 6:14 PM IST

thumbnail

ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহত মাটিৰ দালাল থাকিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কঠোৰ সকীয়নি দিয়াৰ পিছতে তৎপৰতাৰে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাইছে অসম আৰক্ষীয়ে ৷ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো মাটিৰ দালালি কৰা তিনি দালালক আটক কৰিছে আৰক্ষীয়ে ৷ মৰাণ আৰক্ষীয়ে মৰাণ হাটখোলাৰ মৃত চিকেণ্ডৰ দেৱানৰ পুত্ৰ আব্দুল হক দেৱান নামৰ মাটিৰ দালালক আটক কৰাৰ লগতে খোৱাং আৰক্ষীয়ে খোৱাং চাৰিআলিৰ নাৰু ফুকনৰ পুত্ৰ লক্ষীনাথ ফুকন আৰু 1 নং মাধকলিৰ মৃত বংশীধৰ গগৈৰ পুত্ৰ গোপাল চন্দ্ৰ গগৈ নামৰ মাটিৰ দালালক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, লক্ষীনাথ ফুকনৰ বিৰুদ্ধে খোৱাং আৰক্ষী থানাত কেচ নম্বৰ ৮৮/১৬ ধাৰা ১১২/১২০(A)/১২১/১২১(A) আৰু কেচ নম্বৰ ৩৪/২১ ধাৰা ৪৪৭/২৯৪/৪২৭/৫০৬/৩৪ ত গোচৰ ৰুজু হৈ আছে ৷ আনহাতে আন এজন মাটিৰ দালাল বৰ্তমানেও পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ছে ৷ মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপক আদৰণি জনোৱাৰ লগতে মাটিৰ দালাল চক্ৰৰ সৈতে জড়িত মণ্ডল তথা ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকলকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদ মৰাণ মহকুমা সমিতিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.