ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 30, 2021, 1:06 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

NEWS@1
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

নপতা মেট্ৰিকৰ ফলাফল ঘোষণা : উৰ্ত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ

শুকুৰবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সমূহ ৷ ক’ভিড পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ বিকল্প মূল্যাংকনৰ পদ্ধতিৰে এইবাৰৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে ৷

Tokyo Olympics : বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই

2018 চনৰ মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন চীনৰ চেন নিয়েন চিনক শুকুৰবাৰে 4-1 ৰ ব্যৱধানত পৰাস্ত কৰিলে অসম কন্যা লাভলীনাই ৷ ইয়াৰ লগে লগে লগেই টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে লাভলীনাই এটা পদক নিশ্চিত কৰিছে ৷

শিশুক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী 55 বছৰীয়া ব্যক্তি

শিলসাগৰত এটি কন্যা শিশুক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী হ’ল এজন 55 বছৰীয়া ব্যক্তি ৷ ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে লোকজনক ৷

ডিব্ৰুগড়ত স্থাপন হ'ব NDRFৰ আঞ্চলিক সঁহাৰি কেন্দ্ৰ

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এন.ডি.আৰ.এফৰ ইটানগৰৰ কামাণ্ডেণ্ট ৰাজেশ ঠাকুৰৰ লগত ডিব্ৰুগড়ত এন.ডি.আৰ.এফৰ আঞ্চলিক সঁহাৰি কেন্দ্ৰ (R.R.C) স্থাপন সন্দৰ্ভত এক আলোচনাত মিলিত হয় । সভাত প্ৰস্তাৱিত আঞ্চলিক সহাঁৰি কেন্দ্ৰ স্থাপনৰ বাবে এক উপযুক্ত ভূমি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় যাতে দুৰ্যোগ প্ৰৱণ অঞ্চলৰ বাসিন্দাসকল ইয়াৰদ্বাৰা উপকৃত হ'ব পাৰে ।

অসমখন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয় : মনোৰঞ্জন তালুকদাৰ

অসম-মিজোৰাম সীমা বিবাদৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবলৈ মঙলবাৰে শিলচৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শৰ্মাই শিলচৰত সীমান্ত বিবাদ নিস্পত্তি(settlement of border dispute)ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়েই অসমৰ স্থিতি হ’ব বুলি উল্লেখ কৰিছিল ৷ তেওঁ লগতে কেন্দ্ৰই বিচাৰিলে গুৱাহাটী নাইবা নলবাৰী মিজোৰামক এৰি দিম বুলি মন্তব্য কৰিছিল ৷

আৰক্ষীৰ জালত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰক ৰঞ্জন চুতীয়া

গুৰুজনাৰ কলা-সংস্কৃতিক বিকৃত কৰাৰ অপৰাধত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক ৰঞ্জন চুতীয়াক ৷ ডিব্ৰুগড়ৰ হিন্দু যুৱ ছাত্ৰ পৰিষদে (Hindu Yuba Parishad) তৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ৰঞ্জন চুতীয়াক ৷

অমলেট খাবলৈ নাপাই তোতা মিঞাই পত্নীক কি কৰিলে জানে নে ?

ব্ৰেকফাষ্টত ৰুটীৰ সৈতে অমলেট নাপাই খং এজন লোকৰ ৷ খঙৰ ভমকতে পত্নীৰ লগত সংঘটিত কৰিলে নকৰিব লগীয়া কাণ্ড ৷ ভোজন বিলাসী তোতামিঞাক সম্প্ৰতি গৰিহণা দিছে ৰাইজে ৷

ডিব্ৰুগড়ত স্থাপন হ'ব NDRFৰ আঞ্চলিক সঁহাৰি কেন্দ্ৰ

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এন.ডি.আৰ.এফৰ ইটানগৰৰ কামাণ্ডেণ্ট ৰাজেশ ঠাকুৰৰ লগত ডিব্ৰুগড়ত এন.ডি.আৰ.এফৰ আঞ্চলিক সঁহাৰি কেন্দ্ৰ (R.R.C) স্থাপন সন্দৰ্ভত এক আলোচনাত মিলিত হয় । সভাত প্ৰস্তাৱিত আঞ্চলিক সহাঁৰি কেন্দ্ৰ স্থাপনৰ বাবে এক উপযুক্ত ভূমি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় যাতে দুৰ্যোগ প্ৰৱণ অঞ্চলৰ বাসিন্দাসকল ইয়াৰদ্বাৰা উপকৃত হ'ব পাৰে ।

পুৱতি নিশা বন্যহস্তীয়ে ভাঙিলে কেইবাটাও বাসগৃহ

চামগুৰি পদুমনি গাঁৱত শুকুৰবাৰে পুৱতি নিশা বন্যহস্তীৰ চলালে উপদ্ৰৱ ৷ গাঁওখনৰ কেইবাজনো লোকৰ ঘৰ দুৱাৰ ভঙাৰ লগতে খাই তহিলং কৰিলে ভঁৰালৰ ধান ৷

ৰামদেৱৰ কৰ'নিল সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ শুনানি

ৰামদেৱে কেইবাখনো ৰাজহুৱা মঞ্চত উপস্থিত থাকি আইচিএমআৰ (ICMR), এইমছ (AIIMS) আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্ধাৰিত চিকিৎসা আৰু ভেকচিনৰ বিৰুদ্ধে মন্তব্য কৰিছিল । যোগগুৰু বাবা ৰামদেৱৰ (Baba Ramdev) বিৰুদ্ধে সাতটাকৈ ডক্টৰ্ছ মেডিকেল এছ'চিয়েশ্যনে আবেদন কৰিছিল ন্যায়ালয়ত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.