ETV Bharat / state

আৰক্ষীৰ জালত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰক ৰঞ্জন চুতীয়া

author img

By

Published : Jul 30, 2021, 10:52 AM IST

Dibrugarh Police arrested Ranjan Chutia the preacher of christianity in Moran
গুৰুজনাৰ কলা-সংস্কৃতি বিকৃত কৰি আৰক্ষীৰ জালত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক ৰঞ্জন চুতীয়া

গুৰুজনাৰ কলা-সংস্কৃতিক বিকৃত কৰাৰ অপৰাধত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক ৰঞ্জন চুতীয়াক ৷ ডিব্ৰুগড়ৰ হিন্দু যুৱ ছাত্ৰ পৰিষদে (Hindu Yuba Parishad) তৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ৰঞ্জন চুতীয়াক ৷

মৰাণ, 30 জুলাই : জগত গুৰু শ্ৰীমন্ত শংকদেৱ (Sri manta Sangkar Deba) গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক বিকৃত কৰাৰ অপৰাধত বুধবাৰে ডিব্ৰুগড় আৰক্ষীয়ে (Dibrugarh Police) ৰঞ্জন চুতীয়াক গ্ৰেপ্তাৰ কৰে ৷ মৰাণৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ (Arrest) কৰে ডিব্ৰুগড় সদৰ থানা আৰক্ষীয়ে ৷ যোৱা ২৪ জুলাইত ডিব্ৰুগড়ৰ হিন্দু যুৱ ছাত্ৰ পৰিষদে তৰা গোচৰৰ ভিত্তিত ৰঞ্জন চুতীয়াক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ৷ গোচৰ নং ১৩৫/২১ ভাৰতীয় দণ্ড বিধি আইনৰ ১৫৩ এ/ ২৯৫ এ এই পি চি ধৰাত গ্ৰেপ্তাৰ কৰিছে ৰঞ্জন চুতীয়াক ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰঞ্জন চুতীয়াৰ নেতৃত্বত গুৰুজনাৰ অপূৰ্ব সৃষ্ট দেৱ বাদ্য, তাল, নাগাৰা ইত্যাদি ব্যৱহাৰ কৰি নাম পৰিৱেশন কৰে খ্ৰীষ্টধৰ্মৰ লোকসকলে । খ্ৰীষ্ট ধৰ্মৰ লোকসকলে পৰিৱেশন কৰা ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল ৷ উক্ত ঘটনাটো পোহৰলৈ অহাৰ পাছতেই হিন্দু যুৱ ছাত্ৰ পৰিষদ (Hindu Yuba Parishad), শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ ( Sri Manta Sankar Dev Sangha) লগতে বিভিন্ন দল সংগঠনৰ সৰৱ হৈ পৰে ৷

কিছু বছৰ পূৰ্বে ধৃত ৰঞ্জন চুতীয়াই হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল ৷ খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ গুৰুজনাৰ সৃষ্টি ৰাজিক অপব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৰঞ্জন চুতীয়াৰ বিৰুদ্ধে ৷ কিছুদিন পূৰ্বে ডিব্ৰুগড় জিলাৰ মৰাণ ডোমৰ দলঙস্থিত জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনত শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব অৱদান শংকৰী ধৰ্ম-সংস্কৃতিক অপমান আৰু বিকৃত কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

গুৰুজনাৰ কলা-সংস্কৃতি বিকৃত কৰি আৰক্ষীৰ জালত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক ৰঞ্জন চুতীয়া

লগতে পঢ়ক- গুৰুজনাৰ অপমান মানি লোৱা নহ'ব : কমলাকান্ত গগৈ

উক্ত প্ৰাৰ্থনা গৃহতেই ৰঞ্জন চুতীয়াৰ নেতৃত্বত "যীশু আমাৰ গুৰু" শীৰ্ষক গীত গাই গুৰুজনাৰ অপূৰ্ব সৃষ্ট দেৱবাদ্য, তাল, নাগাৰা ব্যৱহাৰ কৰি যীশু আমাৰ গুৰু" শীৰ্ষক নাম পৰিৱেশন কৰে খ্ৰীষ্টধৰ্মৰ লোকসকলে । অকল সেয়াই নহয়, অসমীয়া জাতীয় সাজ পৰিধান কৰি গাইছে খ্ৰীষ্টান ধৰ্মগুৰু যীশুৰ জয়গান ।

গুৰুজনাই ঈশ্বৰ উপাসনাৰ বাবে নিজা সৃষ্ট দেৱবাদ্য খোল, তাল, নাগাৰা, শংখ ব্যৱহাৰ কৰি এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল ৷ কিন্তু ইয়াৰ বিপৰীতে খ্ৰীষ্টান ধৰ্মৰ একাংশ লোকে যীশুৰ আৰাধনা গীতত এই বাদ্যসমূহ ব্যৱহাৰ কৰাতো সকলোৰে দৃষ্টিগোচৰ হৈছে । গুৰুজনাৰ সংস্কৃতি অনুকৰণ কৰি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰত নামি পৰিছে বুলিও একাংশ লোকে অভিযোগ কৰিছে ।

অসমীয়া জাতিৰ জনক, জগতগুৰু শংকৰদেৱৰ সৃষ্টি ৰাজি ব্যৱহাৰৰ লগতে গুৰুজনাৰ সৃষ্টি ৰাজিক বিকৃত ৰূপত তুলি যীশুৰ নাম বুলি গোৱাতো দুৰ্ভাগ্যজনক আখ্যা অসমৰ সৰ্ববৃহৎ ধৰ্মীয় সাহিত্য-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৷ গুৰুজনাৰ পবিত্ৰ সৃষ্টি ৰাজি ব্যৱহাৰ কৰি একাংশ খ্ৰীষ্টান ধৰ্মৰ লোকে ধৰ্ম প্ৰচাৰ চলাবলৈ যোৱা বিষয়টোৱে গুৰুজনাক অপমান কৰাই নহয়, অসমীয়া জাতীয় জীৱনক চৰম অপমান কৰা বুলি অভিযোগ কৰে শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে ।

এইক্ষেত্ৰত অসমৰ সকলো দল-সংগঠনকে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল শংকৰদেৱ সংঘৰ পদাধিকাৰগৰাকীয়ে । ইয়াৰ বিৰুদ্ধে যদি মাত নামাতে, তেতিয়াহ’লে গুৰুজনাৰ লগতে অসমীয়া জাতিটোৰ প্ৰতিও ভাবুকি আহিব বুলি মন্তব্য কৰে ৷ শীঘ্ৰেই এনে গুৰুজনাৰ ধৰ্মাদৰ্শক বিকৃত নকৰিবলৈ দাবী জনোৱাৰ লগতে এনেধৰণৰ কাম যাতে কোনো কাৰণতে সংঘটিত নহয়, তাৰ প্ৰতি সকীয়াই দিয়ে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে ৷ ইয়াৰ বিৰুদ্ধে চৰকাৰকো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৈ কমলাকান্ত গগৈয়ে ৷

আনহাতে, ৰঞ্জন চুতীয়াৰ দেহত COVID-19 ধৰা পৰাৰ বাতৰি বিয়পি পৰাৰ পাছতে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷ কাৰণ উক্ত ধৰ্ম প্ৰচাৰ অনুষ্ঠানৰ দিনটোত বহু লোকৰ সমাগম হৈছিল ৷ অৱশ্যে এই বিষয়ে স্বাস্থ্য বিভাগ অথবা প্ৰশাসনে কি ব্যৱস্থা কৰে সেয়া হ'ব উল্লেখনীয় ৷

লগতে পঢ়ক-জ্যোতি ভাৰতীত সংৰক্ষণ হ’ব পুৰোধা শিল্পীৰ অৱদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.