ETV Bharat / sports

Tokyo Olympics : বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই

author img

By

Published : Jul 30, 2021, 9:48 AM IST

Updated : Jul 31, 2021, 9:59 AM IST

tokyo-olympics-day-8-boxer-lovlina-borgohain-confirms-medal-for-india-reaches-semi-finals
Tokyo Olympics: দেশৰ বাবে পদক নিশ্চিত কৰিলে অসম কন্যা লাভলীনাই

2018 চনৰ মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন চাইনীজ টাইপেইৰ চেন নিয়েন চিনক শুকুৰবাৰে 4-1 ৰ ব্যৱধানত পৰাস্ত কৰিলে অসম কন্যা লাভলীনাই ৷ ইয়াৰ লগে লগে লগেই টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে লাভলীনাই এটা পদক নিশ্চিত কৰিছে ৷

স্পৰ্টচ ডেস্ক, 30 জুলাই : টকিঅ’ অলিম্পিক(Tokyo Olympics)ত অসম কন্যা লাভলীনা বৰগোঁহাই(Boxer Lovlina Borgohain)ৰ বক্সিঙৰ 69 কেজিৰ ছেমিফাইনেলত প্ৰৱেশ ৷ ইয়াৰ লগে লগে লগেই টকিঅ’ অলিম্পিকত লাভলীনাই ভাৰতৰ বাবে আন এটা পদক নিশ্চিত কৰিছে ৷ 2018 চনৰ মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন চাইনীজ টাইপেইৰ চেন নিয়েন চিন(Nien-Chin Chen of Chinese Taipei)ক শুকুৰবাৰে 4-1 ৰ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই ৷ ইয়াৰ লগে লগেই লাভলীনা হৈ পৰিল অলিম্পিকত মেডেল লাভ কৰা তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ ৷

ইয়াৰ পূৰ্বে বক্সাৰ বিজেন্দ্ৰ সিং আৰু এম চি মেৰিকমে লাভ কৰিছিল এই সন্মান ৷ স্বাভাৱিকতেই অলিম্পিকত লাভলীনাৰ এই জয়ে এতিয়া সমগ্ৰ দেশৰ ক্ৰীড়া অনুৰাগী সকলৰ লগতে অসমত ব্যাপক উচাহৰ সৃষ্টি কৰিছে ৷ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ নাডিন এপেটজৰ বিৰুদ্ধে জয় লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল লাভলীনাই ৷

উল্লেখ্য যে, চলিত অলিম্পিকত ভাৰতীয় বক্সাৰ সকলে এতিয়ালৈকে আশাব্যঞ্জক ফলাফল দাঙি ধৰিব পৰা নাই । বিকাশ কৃষ্ণ, মনীষ কৌশিক আৰু আশীষ কুমাৰ আদি খেলুৱৈ সকলে ইতিমধ্য বিফলতাৰ মুখ দেখিছে ৷ শেহতীয়াকৈ এম চি মেৰীকমৰো যাত্ৰা বিফল হৈছিল ৷ ইয়াৰ পিছত এতিয়া লাভলীনাই দেশৰ বাবে আৰু অধিক সুখবৰ কঢ়িয়াই আনিব বুলিও আশা কৰিছে ভাৰতীয় বক্সিঙৰ(Indian boxing) অনুৰাগী সকলে ৷

লগতে পঢ়ক : অমলেট খাবলৈ নাপাই তোতা মিঞাই পত্নীক কি কৰিলে জানে নে

Last Updated :Jul 31, 2021, 9:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.