ETV Bharat / state

পৃথিৱীৰ অসুখৰ কালত জীৱন-জীৱিকাৰ নতুন সন্ধান

author img

By

Published : Aug 29, 2021, 9:51 PM IST

new-way-of-employment-in-pandemic-period
পৃথিৱীৰ অসুখ আৰু জীৱন-জীৱিকাৰ নতুন পথ

ক’ভিড কালত বহিঃৰাজ্যত কৰ্মসংস্থাপন হেৰুওৱা বহু যুৱকক মাংসৰ ব্যৱসায়েৰে কৰ্ম সংস্থাপন দিছে পঞ্জাবাৰীৰ পশুধন নিগমৰ চৌহদত থকা বহ্নিবান ফাৰ্মচে ৷ সবিশেষ জানো আহক ৷

গুৱাহাটী, ২৭ আগষ্ট : ক’ভিডৰ কালছোৱাত বহিঃৰাজ্যত কৰ্মৰত বহু যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন হেৰুৱাই স্ব-গৃহলৈ উভতি আহিছে । সেই যুৱক-যুৱতী সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে মহানগৰীৰ পঞ্জাবাৰীৰ পশুধন নিগমৰ চৌহদত থকা বহ্নিবান ফাৰ্মচে (BAHNIBAN FARMS)। বিগত বৰ্ষৰ ১৬ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা বহ্নিবানে ক’ভিড কালত বহিঃৰাজ্যৰ পৰা কৰ্মসংস্থাপন হেৰুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিবলৈ আগবাঢ়ি আহিছে ।

পৃথিৱীৰ অসুখ আৰু জীৱন-জীৱিকাৰ নতুন পথ

এই ফাৰ্মখনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বৰ্তমান প্ৰায় ৫ হাজাৰ লোক জড়িত হৈ পৰিছে । ফাৰ্মখনৰ সঞ্চালক প্ৰকাশ জ্যোতি গগৈয়ে জনোৱা মতে, অসম পশুধন আৰু হাঁহ কুকুৰা নিগম , জি এম চিৰ সহযোগত ২০২০ ৰ ১৬ এপ্ৰিলত ফাৰ্মখন আৰম্ভ কৰা হৈছিল । তেতিয়াৰে পৰা ইয়াত তেওঁলোকৰ শ্লটাৰ হাউচত বিজ্ঞান সন্মতভাৱে কটা ছাগলী, হাঁহ-কুকুৰাৰ মাংস মহানগৰবাসীক যোগান ধৰি আহিছে ।

এই ফাৰ্মত প্ৰায় ৩ হাজাৰ থলুৱা শিক্ষিত যুৱক-যুৱতীয়ে পালন কৰা হাঁহ, কুকুৰা , ছাগলী আদি হাজো, নলাবাৰী, বাইহাটা, সোণাপুৰ, জাগিৰোড, বৰপেটা, মৰিগাও, নগাঁও আদিৰ পৰা আহে ।

ইয়াৰ জৰিয়তে তেওঁলোকে এখন বজাৰ পাবলৈ সক্ষম হৈছে । তদুপৰি ক’ভিডৰ সময়ত বহিৰাজ্যত কৰ্মসংস্থাপন হেৰুৱা প্ৰায় ৮০ জন যুৱক বহ্নিবানৰ বিভিন্ন কাম কাজৰ লগত জৰিত হৈ আছে । ফাৰ্মখনৰ জৰিয়তে তেওঁলোকে এক কৰ্মসংস্থাপন লাভ কৰিছে । ইপিনে, মহানগৰীত ফাৰ্মখনৰ মাংস বিক্ৰী কৰাৰ ক্ষেত্ৰত ১৫০০-২০০০ যুৱক যুৱতী জড়িত হৈ পৰিছে ।

কোনোৱে যদি অনলাইন যোগে মাংস বিক্ৰী কৰিছে আন কোনোৱে আউটলেট খুলি নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে । মাংস ব্যৱসায়ৰ লগত জড়িত হৈ থলুৱা যুৱক-যুৱতী সকলে মাংসৰ ব্যৱসায়ো যে লাভজনক ব্যৱসায় বুলি এতিয়াহে বুজি উঠিছে । ক’ভিডকালত কৰ্মসংস্থাপন হেৰাই কৰ্মহীন হোৱা তথা নিবনুবা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিবলৈ চৰকাৰ তথা বহ্নিবানৰ দৰে আন কোনো সংস্থা আগবাঢ়ি আহিবনে নে নাই সেইয়া অনাগত সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : ভয়াৱহ বানৰ কৱলত ৰাজ্য; ২৪ ঘণ্টাত ২ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.