ETV Bharat / state

কৰ'ণাত আক্ৰান্ত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া

author img

By

Published : Jun 22, 2020, 9:34 PM IST

ৰে'ল বিভাগৰ Principal chief commercial manager অনিত দৌলাত আক্ৰান্ত হৈছে কৰ'ণাত । বিষয়াগৰাকীৰ পুত্ৰ উদয় দৌলাতো কৰ'ণাত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে । দুয়ো গৰাকী ব্যক্তি বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

NEF officer found corona positive guwahati assam etv bharat news
কৰ'ণাত আক্ৰান্ত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া

গুৱাহাটী,22 জুন: উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ শীৰ্ষ বিষয়া আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত । ৰে'ল বিভাগৰ Principal chief commercial manager অনিত দৌলাত আক্ৰান্ত হৈছে কৰ'ণাত । বিষয়াগৰাকীৰ পুত্ৰ উদয় দৌলাতো কৰ'ণাত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে । দুয়ো গৰাকী ব্যক্তি বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ বিষয়াগৰাকী কোভিডত আক্ৰান্ত হোৱাৰ পিছত কাৰ্যালয় আৰু আৱাসগৃহ সম্পূৰ্ণৰূপে ছীল কৰিছে প্ৰশাসনে । ইফালে শেহতীয়াকৈ ৰে’লৱেৰ মেকানিকেল বিভাগৰ অজিত বৈশ্য নামৰ এগৰাকী বিষয়াও Covid 19 ত আক্ৰান্ত বুলি চিনাক্ত হৈছে । এইসমূহ ৰোগী চিনাক্ত হোৱাৰ পিছতে মুখ্য কাৰ্যালয় ছেনিটাইজ কৰে কৰ্তৃপক্ষই । তাৰোপৰি কাৰ্যালয়ত ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে । মাস্ক পৰিধান, সামাজিক দূৰত্ব কঠোৰভাৱে মানি চলিবলৈ সকলোকে নিৰ্দেশ দিছে ৰেল’ৱে কৰ্তৃপক্ষই ।

কৰ'ণাত আক্ৰান্ত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে পাণ্ডুৰ জয়মতী নগৰৰ শংকৰ বোস নামৰ এগৰাকী চাহ বিক্ৰেতা আক্ৰান্ত হৈছিল কৰ'ণাত । এই লোকজনে ৰে'লৱে কাৰ্যালয়ত চাহ বিক্ৰী কৰিছিল । সেয়াই আছিল উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ কৰ'ণা ৰোগীৰ প্ৰথমটো ঘটনা । কিন্তু শেহতীয়াকৈ আক্ৰান্ত বিষয়া দুগৰাকী পূৰ্বৰ কৰ'ণা আক্ৰান্ত চাহ বিক্ৰেতাগৰাকীৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি দাবী কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।

লগতে চাওকঃ ৰোগীৰ খবৰ লৈ অহা ৬ গৰাকী লোকৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.