ETV Bharat / state

Navratri Fasting Rules 2023: নৱৰাত্ৰিত দেৱী আৰাধনাৰ নিয়মসমূহ কি কি ?

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 5:22 PM IST

Navratri Fasting Rules 2023: What are the rules for 9 Day Long Festival of Navratri?
নৱৰাত্ৰিত কেনেদৰে মাক আৰাধনা কৰিব জানি লওক

নৱৰাত্ৰিত কেনেদৰে মা দুৰ্গাক আৰাধনা কৰিব ? নৱৰাত্ৰিত কি কি ৰং ব্যৱহাৰ কৰি পূজা কৰিব পাৰে ? নৱৰাত্ৰিত কি কি ৰং ব্যৱহাৰ কৰি পূজা কৰিব পাৰে ? নৱৰাত্ৰিত প্ৰসাদ হিচাপে কি দিব ? সকলো জানি লওক এই প্ৰতিবেদনত ৷

নৱৰাত্ৰিত কেনেদৰে মাক আৰাধনা কৰিব জানি লওক

গুৱাহাটী, 15 অক্টোবৰ: আজিৰে পৰা আৰম্ভ হ’ল নৱৰাত্ৰি । নৱৰাত্ৰিৰ ৯ দিনত মাৰ ৯ টা ৰূপক পূজা কৰা হয় । প্ৰথম দিনা মা শৈলপুত্ৰীক পূজা কৰা হয় । মা শৈলপুত্ৰী পূজাৰে নৱৰাত্ৰিৰ ব্ৰত আৰম্ভ হয় আৰু এই ব্ৰত কুমাৰী পূজা অৰ্থাৎ নৱমীৰ দিনা শেষ হয় । নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণী, তৃতীয় দিনা মা চন্দ্ৰঘণ্টা, চতুৰ্থ দিনা মা কুষ্মাণ্ডা, পঞ্চম দিনা স্কন্দমাতা, ষষ্ঠ দিনা মা কাত্যায়নী ,সপ্তম দিনা মা কালৰাত্ৰী, অষ্টম দিনা মা মহাগৌৰী আৰু নৱম দিনা মা সিদ্ধিদাত্ৰীৰ পূজা কৰা হয় ।

নৱৰাত্ৰিত কেনেদৰে মাক আৰাধনা কৰিব ?

নৱৰাত্ৰিৰ সময়চোৱাত ঘট স্থাপন কৰি বা মাৰ ফটো মূৰ্তিত পূজা কৰিব পাৰে । লগতেই ঘৰত যদি অখণ্ড বন্তি জ্বলোৱাত অসুবিধা হয় তেন্তে পুৱা আৰু গধূলি ঘিউৰ চাকি জ্বলাই মাক আৰাধনা কৰিব পাৰে । প্ৰথম দিনা এগছি চাকি, দ্বিতীয় দিনা দুগছি আৰু এনেদৰে নৱম দিনা ন গছি চাকি জ্বলাই আৰতি কৰিব ।

নৱৰাত্ৰিত কি কি ৰং ব্যৱহাৰ কৰি পূজা কৰিব পাৰে ?

নৱৰাত্ৰিৰ প্ৰথম দিনা কমলা ৰঙৰ ফুল আৰু কুমকুম মাক অৰ্পণ কৰিব পাৰে । ঠিক তেনেদৰে দ্বিতীয় দিনা বগা, তৃতীয় দিনা ৰঙা, চতুৰ্থ দিনা নীলা, পঞ্চম দিনা হালধীয়া, ষষ্ঠ দিনা সেউজীয়া, সপ্তম দিনা ধোঁৱা বৰণীয়া, অষ্টম দিনা বেঙুনীয়া আৰু নৱম দিনা নীলা সেউজীয়া মিশ্ৰিত ৰং ।

নৱৰাত্ৰিত কি কি ফুল অৰ্পণ কৰিব ?

নৱৰাত্ৰিত পূজাৰ সময়ত মাক ফুল হিচাবে জবা, পদুম, অপৰাজিতা, তগৰ, অশোক আৰু চম্পা ফুল অৰ্পণ কৰিব পাৰে ।

নৱৰাত্ৰিত প্ৰসাদ হিচাপে কি দিব ?

প্ৰথম দিনা ঘিউ মিশ্ৰিত ভোগ, দ্বিতীয় দিনা বগা মিঠাই বা চেনী, তৃতীয় দিনা গাখীৰ আৰু চেনী মিশ্ৰিত ভোগ, চতুৰ্থ দিনা মালপোৱা, পঞ্চম দিনা কল, ষষ্ঠ দিনা মৌ, সপ্তম দিনা গুড়, অষ্টম দিনা নাৰিকল আৰু নৱম দিনা পায়স ভোগ হিচাবে আগবঢ়াব পাৰে ।

লগতে পঢ়ক: Shardiya Navratri 2023 Vhog: নৱৰাত্ৰীৰ 9 দিনত আগবঢ়াওক এই 9 বিধ প্ৰসাদ, সন্তুষ্ট হ’ব মা দুৰ্গা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.