ETV Bharat / state

Raghav Boycott Trend : ৰাজনৈতিক মানুহৰ প্ৰভাৱত দৰ্শক ছবিঘৰলৈ নাহে : পবিত্ৰ মাৰ্ঘেৰিটা

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 10:52 PM IST

চিনেমা এখন কংগ্ৰেছৰ, বিজেপিৰ অথবা অগপৰ নহয় ৷ ভূপেন বৰাৰ দৰে ৰাজনৈতিক নেতাৰ প্ৰভাৱত অথবা কথাত দৰ্শক কেতিয়াও ছবিগৃহলৈ নাহে ৷ এই মন্তব্য সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷

Raghav Boycott Trend
ৰাঘৱ আৰু ভূপেন বৰাৰ সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটা

ৰাঘৱ আৰু ভূপেন বৰাৰ সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটা

গুৱাহাটী, 2 নৱেম্বৰ : অব্যাহত আছে যতীন বৰা ‘ৰাঘৱ’ক লৈ চলা ৰাজনৈতিক বিতৰ্ক । ৰাঘৱক লৈ চলা ৰাজনৈতিক বিতৰ্ক আৰু APCC ৰ সভাপতি ভূপেন বৰাৰ মন্তব্য সন্দৰ্ভত বৃহস্পতিবাৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয়, ‘‘চিনেমা এখন কংগ্ৰেছৰ, বিজেপিৰ অথবা অগপৰ বুলি নহয়, চিনেমা ভাল অথবা গুণগত মানসম্পন্ন নোহোৱা বেয়া চিনেমা হ'ব পাৰে ।’’

তদুপৰি সাংসদ মাৰ্ঘেৰিটাই কয় যে ৰাঘৱখন কেতিয়াও বিজেপিৰ অথবা অগপৰ চিনেমা নহয় । বিজেপিৰ অথবা অগপৰ লগত জড়িত ব্যক্তিয়ে তাত অভিনয় কৰিব পাৰে । গতিকে ইয়াত ৰাজনৈতিক নেতাসকলে মন্তব্য কৰাটো প্ৰয়োজনীয় নহয় । ৰাইজে সিদ্ধান্ত ল’ব ছবিখন চাবনে নাচায় ।’’ ছবিখন কিমান গুণগত মানসম্পন্ন সেয়া ময়ো নাজানো বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয়, ‘‘ আমাৰ শুভেচ্ছা আছে ৰাঘৱ, ৰঘুপতি অথবা আহিবলগীয়া সকলো ছবিৰ প্ৰতি । চিনেমাখন ভাল নে বেয়া সেয়া দৰ্শকে ক’ব, তাত মোৰ অথবা ভূপেন বৰাৰ দৰে ৰাজনৈতিক নেতাৰ প্ৰভাৱত অথবা কথাত দৰ্শক কেতিয়াও ছবিগৃহলৈ নাহে ।’’

যদিহে বিজেপিৰ ৪৫ লাখ মানুহে চালেহেঁতেন তেন্তে তেওঁ প্ৰত্যেক বর্ষতে দুখনকৈ ছবি উলিয়ালেহেঁতেন বুলি মন্তব্য কৰি কয়, ‘‘ছবি হ’ল দৰ্শকৰ বস্তু । দৰ্শক হ’ল মূল সিদ্ধান্ত লওতা । দৰ্শকে সিদ্ধান্ত ল’ব এখন চিনেমা চলিব নে নচলে । তাত ভূপেন বৰা অথবা মোৰ ভাষ্য একেবাৰে গ্ৰহণযোগ্য নহয় ।’’

আনহাতে ভূপেন বৰাক কটাক্ষ কৰি সাংসদ পবিত্ৰ মাৰ্ঘৰিটাই কয়, ‘‘যিগৰাকী ভূপেন বৰাই নিজৰ সভাত আঢ়ৈশ মানুহ গোটাব নোৱাৰে, তেওঁ এককোটি মানুহ গোটাম বুলি কোৱাটো এটা কৌতুক । ভূপেন বৰাৰ প্ৰভাৱ অসমীয়া ভাষা-সংস্কৃতিৰ দৰ্শকৰ ওপৰত শূন্য । ভূপেন বৰাই নিজৰ সমষ্টিটোতেই ভোট নাপায় । তেনেস্থলত এক কোটি মানুহ আহিব বুলি কোৱাটো অযুগুত । বৰাৰ প্ৰভাৱ মিঞা অঞ্চলতহে আছে । যিগৰাকী মানুহে শ্ৰীকৃষ্ণক জেহাদী বুলি ক’ব পাৰে তেওঁৰ পৰা আমি আৰু কি আশা কৰিম !’’

লগতে পঢ়ক : Raghav Boycott Trend : জনতা জনাৰ্দনক মূৰ্খ আখ্যা ৰাগ ঐনিতমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.