ETV Bharat / state

Pabitra Margherita on Badruddin Ajmal : শংকৰদেৱ সংঘ আৰু আজমল বিতৰ্ক : হতচকিত পবিত্ৰ মাৰ্ঘেৰিটা

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 5:26 PM IST

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানত বদৰুদ্দিন আজমলৰ অংশগ্ৰহণক লৈ প্ৰতিক্ৰিয়া সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে শংকৰদেৱ সংঘৰ দৰে এক জাতীয় অৰাজনৈতিক অনুষ্ঠানত আজমলৰ দৰে এজন ব্যক্তিয়ে কেনেকৈ নিমন্ত্ৰণ পালে সেয়া অতি আচৰিত বিষয় ৷

MP Pabitra Margherita
সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল

শংকৰদেৱ সংঘৰ অনুষ্ঠানত বদৰুদ্দিন আজমলৰ অংশগ্ৰহণক লৈ প্ৰতিক্ৰিয়া

দিল্লী, 6 নৱেম্বৰ : লোকসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগেই ৰাজ্যত ক্ৰমাৎ দিনক দিনে বিতৰ্কৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে AIUDF প্ৰধান সাংসদ বদৰুদ্দিন আজমল ৷ এইবাৰ বদৰুদ্দিন আজমল সোমাই পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত স্থান লাভ কৰা বিষয়ক এক বিতৰ্কৰ আৱৰ্তত ৷ এই বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শংকৰদেৱ সংঘৰ পদাধিকাৰকে ধৰি দায়িত্ববাহী সকললৈ বিশেষ আহ্বান বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷

গোৱালপাৰা জিলাৰ ধূপধৰাত দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক অনুষ্ঠানত উপস্থিত থাকে সাংসদ বদৰুদ্দিন আজমল ৷ আজমলৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ধূপধৰাত শংকৰদেৱ সংঘৰ বৈঠকত আজমলৰ অংশগ্ৰহণক লৈ সমালোচনাত মুখৰ হৈ পৰিছে বিজেপিকে ধৰি আন একাংশ ৷ নতুন দিল্লীত সোমবাৰে বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে শংকৰদেৱ সংঘৰ দৰে এক জাতীয় অৰাজনৈতিক অনুষ্ঠানত আজমলৰ দৰে এজন ব্যক্তিয়ে কেনেকৈ নিমন্ত্ৰণ পালে সেয়া অতি আচৰিত বিষয় ৷

সাংসদ মাৰ্ঘেৰিটাৰ অভিযোগ যে অসমৰ সকলো সাম্প্ৰদায়িক অসূয়া-অপ্ৰীতি পৰিৱেশৰ মূল বদৰুদ্দিন আজমল ৷ তেওঁ কয় যে মাত্ৰ দুদিন পূৰ্বে মিঞা নহ’লে গুৱাহাটী কবৰস্থান হৈ পৰে বুলি আজমলে কৈছে, ভাৰত শাসন কৰিবলৈ হ’লে মুছলমানৰ ভৰি ধুই পানী খাব লাগিব বুলি তাচ্ছিল্য কৰিছে আজমলে ৷ সেইজন আজমলে কিয় শংকৰদেৱ সংঘৰ মজিয়াত কিয় স্থান লাভ কৰিলে বুলি প্ৰশ্ন কৰে বিজেপি সাংসদজনে ৷ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই এই প্ৰসংগত শংকৰদেৱ সংঘৰ পদাধিকাৰ সমন্বিতে সংঘৰ লগত জড়িত সকলোলৈকে বিষয়টোত গুৰুত্ব দিবলৈ আহ্বান জনায় ৷

সংঘক জনোৱা তেওঁৰ এই আহ্বানক ইতিবাচক ৰূপে গ্ৰহণ কৰিবলৈ অনুৰোধ মাৰ্ঘেৰিটাৰ ৷ উল্লেখ্য যে সাংসদগৰাকীয়ে সংঘৰ প্ৰতি কৰা মৃদু সমালোচনাত কয় যে তেওঁ আত্মিকভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৈতে সদায় থাকিব ৷ সংঘ অসমৰ এক মহান অৰাজনৈতিক আধ্যাত্মিক অনুষ্ঠান ৷ সংঘ ৰাজনীতিৰ পৰা আজিও শতযোজন আঁতৰত বুলি তেওঁ অনুভৱ কৰে ৷ সেয়েহে এই মহান অনুষ্ঠানটোলৈ আজমলৰ দৰে সাম্প্ৰদায়িক লোকে আমন্ত্ৰণ পোৱা কাৰ্যতহে তেওঁ ব্যথিত হৈছে ৷ আজমলক লৈ বিতৰ্কত সোমাই পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘই এই প্ৰসংগত প্ৰত্যুত্তৰ দিয়ে নে নিদিয়ে সেয়া মন কৰিবলগীয়া হ’ব ৷

লগতে পঢ়ক : MP Badruddin Ajmal: শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আইমাতৃ সমাৰোহত বদৰুদ্দিন আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.