ETV Bharat / state

Constituency Delimitation 2023: নিৰ্বাচন আয়োগৰ দ্বিতীয় দিনাৰ শুনানিত ১৩খন জিলাৰ চাৰি শতাধিক ওজৰ-আপত্তিৰ আবেদন

author img

By

Published : Jul 20, 2023, 10:03 AM IST

কলাক্ষেত্ৰৰ তিনিটা স্থানত শুনানিৰ ব্যৱস্থা । গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ, কৰিমগঞ্জ, দৰং, হাইলাকান্দি, কাছাৰ, দক্ষিণ শালমাৰা, নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ আবেদন সন্দৰ্ভত শুনানি । বিয়লি ৩.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰে আলোচনাত মিলিত হ'ব নিৰ্বাচন আয়োগৰ দল ।

Constituency Delimitation 2023
নিৰ্বাচন আয়োগৰ দ্বিতীয় দিনাৰ শুনানি

গুৱাহাটী, ২০ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় দিনাৰ শুনানি । উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন জিলাত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ অব্যাহত আছে অসন্তুষ্টি আৰু প্ৰতিবাদ । ২০ জুনত নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে খচৰা প্ৰকাশ কৰিছিল । ইয়াৰ পিছতেই ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে অসন্তুষ্টি ব্যক্ত কৰি সাব্যস্ত কৰি আহিছে প্ৰতিবাদ । ইয়াৰ মাজতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ বুধবাৰে দুপৰীয়া গুৱাহাটীত উপস্থিত হয় নিৰ্বাচন আয়োগৰ এটা পূৰ্ণপৰ্যায়ৰ দল ।

মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত পূৰ্ণাংগ নির্বাচন আয়োগৰ দলটো বুধবাৰে প্ৰথম দিনা দিনৰ ২ বজাৰ পৰা ৯টা সমষ্টিৰ শুনানি গ্ৰহণ কৰে । আনহাতে আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাৰ পৰা শুনানি আৰম্ভ কৰা নিৰ্বাচন আয়োগৰ দলটোৱে দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জ জিলাৰ শুনানি গ্ৰহণ কৰিব । সমান্তৰালভাৱে দলটোৱে ৩ নং হলত দৰং, হাইলাকান্দি, কাছাৰ আৰু দক্ষিণ শালমাৰা জিলাৰ ওজৰ-আপত্তিৰ শুনানি গ্ৰহণ কৰিব ।

সেইদৰে শ্রীশ্রী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ আবেদন সন্দৰ্ভত দলটোৱে শুনানি গ্রহণ কৰিব । তিনিটা স্থানত শুনানি গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্বাচন আয়োগৰ দলটোৱে আজি ১৩খন জিলাৰ চাৰি শতাধিক আবেদনৰ ওপৰত বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষৰ শুনানি গ্ৰহণ কৰিব । ইফালে নিৰ্বাচন আয়োগৰ দলটোৱে আজি বিয়লি ৩.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ প্রতিনিধিৰ সৈতে বৰ্ণানুক্রমিকভাৱে আলোচনাত মিলিত হ'ব ।

একেদৰে ২১ জুলাইৰ অন্তিম দিনা পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলা, ৩ নং হলত শিৱসাগৰ আৰু যোৰহাট আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্রেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলী জিলাৰ ওজৰ-আপত্তি সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব । একে সময়তে ৯ খন জিলাৰ শুনানি কলাক্ষেত্ৰৰ তিনিটাকৈ হলত অনুষ্ঠিত হ’ব । ৭০ খনৰো অধিক আবেদনৰ সিদিনা শুনানি গ্ৰহণ কৰা হ'ব । উল্লেখ্য যে শুনানিত একোটা দল-সংগঠনৰ কেৱল মাত্র পাঁচজনকৈ প্রতিনিধিক আয়োগক সাক্ষাৎ কৰাৰ সুবিধা দিয়া হৈছে ।

ইফালে শুনানিৰ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে আৰক্ষী-প্ৰশাসনে সমগ্ৰ শংকৰদেৱ কলাক্ষেত্ৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । আনকি শুনানিকালত সংবাদ মাধ্যমৰো উপস্থিতি নিষিদ্ধ কৰা হৈছে । নিশ্চিদ্র নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে সমগ্ৰ চৌহদটোত । উল্লেখ্য যে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ লগতে নির্বাচন আয়ুক্তদ্বয় ক্রমে অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলে শুনানি গ্রহণ কৰিছে । ইফালে বুধবাৰে প্ৰথম দিনা আয়োগে কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা, ডিমা হাচাও, কামৰূপ, ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰ জিলাসহ মুঠ ৯খন জিলাৰ ২৭০টা পক্ষৰ ওজৰ-আপত্তি সন্দৰ্ভত শুনানি গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: Constituency Delimitation 2023: শুনানি গ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত নিৰ্বাচন আয়োগৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.