ETV Bharat / state

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণক প্ৰক্ৰিয়াক অ-সাংবিধানিক আখ্যা অখিল গগৈৰ

author img

By

Published : Jul 19, 2023, 7:11 PM IST

Constituency Delimitation
Constituency Delimitation

সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰোধিতা কৰি পুনৰ সংবাদমেল সম্বোধন অখিল গগৈৰ ৷ এই প্ৰক্ৰিয়াক অ-সাংবিধানিক আখ্যা বিধায়কগৰাকীৰ ৷ নিৰ্বাচন আয়োগে এই খচৰা বাতিল কৰিব লাগিব বুলিও মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়কগৰাকীৰ ৷

সমষ্টি পুনৰ নিৰ্ধাৰণক প্ৰক্ৰিয়াত অ-সাংবিধানিক আখ্যা অখিল গগৈৰ

গুৱাহাটী,১৯ জুলাই: সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণক লৈ নিৰ্বাচনী আয়োগে গ্ৰহণ কৰা স্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । বুধবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এই সন্দৰ্ভত এক সংবাদমেল কৰে অখিল গগৈয়ে ৷

বিধায়ক গগৈয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ পিচতো নিৰ্বাচনী আয়োগে অ-সাংবিধানিক প্ৰক্ৰিয়াৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছে, এইটো কেতিয়াও ৰাইজৰ দলে হ'বলৈ নিদিয়ে ৷

তেওঁ লগতে কয়, ‘‘নিৰ্বাচনী আয়োগ সংবিধানৰ প্ৰতি দায়বদ্ধ নহয় । কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰস্তুত কৰা খচৰাৰ জৰিয়তে নিৰ্বাচনী আয়োগে ভাৰতৰ সংবিধানৰ ৮১ নম্বৰ আৰু ১৭০ নম্বৰ অনুচ্ছেদ অৱমাননা কৰিছে । সংবিধানৰ মতে ভাৰতৰ যিমান লোকসভা আৰু বিধানসভা আসন আছে ইয়াৰ বিভক্তিকৰণ নিৰ্ভৰ কৰে জনসংখ্যা সমানুপাতিক বিভাজনৰ ওপৰত ।’’

ইয়াৰ বিপৰীতে ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে জনসংখ্যা ঘনত্বৰ তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰে বুলি লিখা আছে, ইয়াৰ উত্তৰ দিবলৈ নিৰ্বাচন আয়োগক প্ৰত্যাহ্বান জনাই বিধায়ক অখিল গগৈয়ে । বিধায়ক অখিল গগৈৰ প্ৰশ্ন, ‘‘ভাৰতৰ সংবিধানক সম্পূৰ্ণৰূপে উপেক্ষা কৰি জনসংখ্যা ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি কেনেকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব পাৰিছে । নিৰ্বাচন আয়োগে এই খচৰা বন্ধ কৰিবই লাগিব ।’’

তেওঁ পুনৰ কয়, ‘‘ভাৰতৰ সংবিধানে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত জনসংখ্যাৰ সমানুপাতিক বিতৰণৰ কথাহে কৈছে, জনসংখ্যাৰ ঘনত্বৰ কথা কোৱা নাই । প্ৰত্যেক সমষ্টিতে ভোটাৰৰ সংখ্যা সমান হোৱাৰ কথাও ভাৰতৰ সংবিধানত উল্লেখ আছে ।’’

অবৈধ অসাংবিধানিক বিভাজনৰ বাবেই শিৱসাগৰৰ পৰা আমগুৰি সমষ্টিটো আৰু ডিব্ৰুগড়ৰ পৰা লাহোৱাল সমষ্টি নোহোৱা হৈ গৈছে বুলিও অখিল গগৈয়ে অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: Constituency Delimitation: নিৰ্বাচন আয়োগৰ ওচৰত বিভিন্ন দল-সংগঠনৰ ওজৰ-আপত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.