ETV Bharat / state

Constituency Delimitation: নিৰ্বাচন আয়োগৰ ওচৰত বিভিন্ন দল-সংগঠনৰ ওজৰ-আপত্তি

author img

By

Published : Jul 19, 2023, 5:35 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আজি 9 খন জিলাৰ বাবে শুনানি গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে ৷ 9খন জিলাৰ সকলো প্ৰতিনিধিয়েই খচৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৷ এন আৰ চি উন্নীত নোহোৱা পৰ্যন্ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিছে বিধায়িকা নন্দিতা দাসে ।

Constituency Delimitation
Constituency Delimitation

নিৰ্বাচন আয়োগৰ ওচৰত বিভিন্ন দল-সংগঠনৰ ওজৰ-আপত্তি

গুৱাহাটী, ১৯ জুলাই: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে ২০ জুনত প্ৰকাশ কৰা খচৰা সন্দৰ্ভত বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে দাখিল কৰা ৫০০ আবেদনৰ ভিত্তিত আজিৰে পৰা আৰম্ভ হৈছে শুনানি । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্বাচন আয়োগৰ পূৰ্ণপৰ্যায়ৰ দলে একেলগে তিনিটা স্থানত গ্ৰহণ কৰিছে শুনানি ।

আজি ৰাজ্যৰ ৯খন জিলাৰ শুনানি গ্ৰহণ কৰা হৈছে । কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং, বাগসা, ডিমা হাচাও, কামৰূপ, ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰ জিলাৰ ওজৰ-আপত্তি সন্দৰ্ভত আয়োগে শুনানি গ্ৰহণ কৰে । শুনানিত অংশ লোৱাৰ পিচত কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

সকলোৱে আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰে । বিশেষকৈ সীমাৰ সাল-সলনিক লৈ বেছি সংখ্যকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আয়োগৰ আগত নিজৰ মতামত ব্যক্ত কৰে । সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বড়ো নেচনেল ষ্টুডেণ্ট অৰ্গেনাইজেচনৰ সভাপতি বনজিৎ মঞ্জিল বসুমতাৰী, হাউৰাঘাটৰ বিজেপি বিধায়ক দৰ্ছিং ৰংহাং আৰু কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাসে ।

এন আৰ চি উন্নীত নোহোৱা পৰ্যন্ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিছে বিধায়িকা নন্দিতা দাসে । সীমা সাল-সলনি কৰাক লৈয়ো অসন্তুষ্টি ব্যক্ত কৰিছে বিধায়িকাগৰাকীয়ে । তেওঁ অভিযোগ কৰি কয় যে বিজেপি চৰকাৰৰ সুবিধা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচৰা হৈছে ।

উল্লেখ্য যে ৫০০ আৱেদনৰ ওজৰ-আপত্তি তথা পৰামৰ্শৰ ভিতৰত সৰহ সংখ্যকেই হৈছে সমষ্টিৰ সীমা ইফাল-সিফালক লৈ অসন্তুষ্ট হৈ কৰা আৱেদন । আনহাতে ইয়াৰ ভিতৰত মাত্ৰ আঠখন আৱেদন হৈছে ২০২৬ চনলৈ অপেক্ষা কৰিবলৈ আহ্বান জনাই কৰা আৱেদন । সেইদৰে ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দাবী জনাই দাখিল হৈছে ১১খন আৱেদন ।

একেদৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম বন্ধ ৰখাৰ দাবী জনাই ৭খন আৱেদন দাখিল হৈছে । ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চই ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগতে মুঠ পাঁচটা দাবী উত্থাপন কৰিছে । একেদৰে এ আই ইউ ডি এফে এন আৰ চি সম্পূৰ্ণ নোহোৱালৈকে, ৰাইজৰ দলে সমষ্টিৰ সীমা পৰিৱৰ্তনত থকা আসোঁৱাহ দূৰ কৰা, তৃণমূল কংগ্ৰেছে ২০২৬ চনত সমগ্ৰ দেশৰ লগতে অসমতো একেলগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী তুলিছে ।

ইফালে উজনিৰ আমগুৰি আৰু লাহোৱাল সমষ্টি বিলুপ্তিৰ বিৰোধিতা কৰি ১১খনকৈ আৱেদন দাখিল হৈছে । কাটলিচেৰা সমষ্টিটো বিলুপ্তিৰ বিৰোধিতাতো ৪১খন আৱেদন দাখিল হৈছে । যোৰহাট সমষ্টিৰ পৰা মাত্ৰ দুখন আৱেদনহে লাভ কৰিছে আয়োগে ।

কোকৰাঝাৰ সমষ্টিৰ পৰা বাৰখন, ধুবুৰীৰ পৰা ১৭খন, দক্ষিণ শালমাৰাৰ পৰা মাত্ৰ এখন, গোৱালপাৰাৰ পৰা ২০খন, বঙাইগাঁৱৰ পৰা ২৭খন, চিৰাঙৰ পৰা ৩৮খন, কামৰূপৰ পৰা ৫৫খন, কামৰূপ মহানগৰৰ পৰা ২খন,নলবাৰী জিলাৰ পৰা ৬খন, বাক্সাৰ পৰা ১৬খন, ওদালগুৰিৰ পৰা ১৩খন, দৰঙৰ পৰা ১৪খন, মৰিগাঁৱৰ পৰা ৯খন, নগাঁৱৰ পৰা ৩২খন, শোণিতপুৰৰ পৰা ২০খন, লখিমপুৰৰ পৰা ২১খন, ধেমাজিৰ পৰা ২খন, তিনিচুকীয়াৰ পৰা ৭খন, ডিব্ৰুগড়ৰ পৰা তিনিখন, চৰাইদেউৰ পৰা তিনিখন, শিৱসাগৰৰ পৰা ২১খন, গোলাঘাটৰ পৰা ৫খন, কাৰ্বি আংলঙৰ পৰা ১খন, ডিমা হাছাওৰ পৰা ৫খন, কাছাৰৰ পৰা ৪৬খন, হাইলাকান্দিৰ পৰা ৪৮খন, কৰিমগঞ্জৰ পৰা ১৮খন আৱেদনৰ লগতে ৩০খন আৱেদন বিভিন্ন দল-সংগঠনে দাখিল কৰিছে ।

এই সকলো আবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগৰ দলে শুনানি গ্ৰহণ কৰিব । বৃহস্পতিবাৰে পুনৰ কেইবাখনো জিলাৰ ওজৰ-আপত্তিক লৈ শুনানি গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক: INDIA Vs NDA: টুইটাৰ-ফেচবুকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই INDIAৰ ঠাইত লিখিলে BHARAT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.